দক্ষিণ ভাৰততে আছে বিদেশৰ দৰে চালে চকু ৰোৱা বহু ঠাই

দক্ষিণ ভাৰততে আছে বিদেশৰ দৰে চালে চকু ৰোৱা বহু ঠাই

ডিজিটেল ডেস্ক: যেতিয়া মধুচন্দ্রিমা বা প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰাৰ কথা আহে, তেতিয়া সকলোৰে বিদেশেই প্ৰথম পছন্দ হৈ পৰে। ইফালে, ভাৰতত হ’লে হিমাচল প্ৰদেশ বা জম্মু-কাশ্মীৰ। কিন্তু আপুনি জানি আচৰিত হ’ব যে, বিদেশৰ দৰেই মনোমোহা বহু ঠাই দক্ষিণ ভাৰতত আছে।হয়, প্ৰিয়জনৰ সৈতে খুব সুন্দৰকৈ ব্যক্তিগত সময় অতিবাহিত কৰিব পৰা দক্ষিণ ভাৰতৰ এই ঠাইকেইখন হৈছে-

কোডাইকানাল

কোডাইকানাল তামিলনাডুৰ এটা অতি বিখ্যাত পাহাৰীয়া কেন্দ্ৰ। আপুনি যদি মধুচন্দ্রিমাৰ পৰিকল্পনা কৰি আছে, তেন্তে কোডাইকানালনৈ যাব পাৰে।এই ঠাইখনৰ পৰিৱেশ এপ্ৰিল-মে' মাহত বৰ মনোৰম হৈ থৈকে।এই সময়ছোৱাত আপুনি আৰামেৰে খোজ কাঢ়ি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে।বিশেষকৈ, ইয়াৰ সেউজীয়া চাহ বাগিচা, পৰ্বত, হ্ৰদ আৰু উপত্যকাই আপোনাক নিশ্চিতভাৱেই আপ্লুুত কৰিব।

এলেপ্পী

কেৰালাৰ দৃশ্যবোৰে শৰীৰ-মনক সতেজ কৰি তোলে।এইখন ৰাজ্য কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ইয়াৰ সাগৰীয় সমুদ্ৰ তীৰ, বেকৱাটাৰ আৰু লেগুনৰ বাবে বিখ্যাত। প্ৰকৃতিৰ পৰা দুঃসাহসিক অভিযানলৈকে সকলো ধৰণৰ আগ্ৰহ থকা লোকসকলে কেৰালা উপভোগ কৰিব পাৰে।

বিশাখাপত্তনম

অন্ধ্ৰ প্ৰদেশৰ আটাইতকৈ ডাঙৰ চহৰ বিশাখাপত্তনম বৌদ্ধ স্থানসমূহৰ বাবে বিখ্যাত।ইয়াৰ মনোৰম প্ৰাকৃতিক পৰিৱেশে সকলোকে আকৰ্ষিত কৰে। বিশাখাপত্তনমত আপুনি পাহাৰীয়া ঠাই আৰু সমুদ্ৰতীৰ দুয়োটাই  উপভোগ কৰিব পাৰে। শান্তিময় পৰিৱেশ আৰু সৌন্দৰ্য দুয়োটাতে বিশাখাপত্তনম সৰ্বশ্ৰেষ্ঠ।

কুৰ্গ

কৰ্ণাটকৰ কুৰ্গক 'ভাৰতৰ স্কটলেণ্ড' বুলিও জনা যায়। ইয়াৰ সৌন্দৰ্য বিদেশৰ ঠাইবোৰতকৈ কোনো গুণেই কম নহয়।আপোনজনৰ সৈতে ইয়াত আপুনি জলপ্ৰপাতৰ পৰা হ্ৰদলৈ সকলোৰে সৌন্দৰ্য উপভোগ কৰিব পাৰে।

দক্ষিণ ভাৰততে আছে বিদেশৰ দৰে চালে চকু ৰোৱা বহু ঠাই
জীৱনত এবাৰ হ’লেও ভ্ৰমণ কৰক এই বিশেষ মন্দিৰটো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in