মাছৰুমৰ পৰা তৈয়াৰ বিস্কুট, মিঠাই, ভূজিয়া, নিমকিঃ তাপসী মণ্ডলে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন...

ধুবুৰীৰ অসম-পশ্চিম বংগ সীমান্তৰ জিনকাটা প্ৰথম খণ্ড গাঁৱৰ এগৰাকী মহিলাই নিজৰ একাগ্ৰতা আৰু অশেষ পৰিশ্ৰমৰ বলতে এতিয়া গাওঁখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

author-image
Tushar Pratim
New Update
মাছৰুমৰ পৰা তৈয়াৰ বিস্কুট, মিঠাই, ভূজিয়া, নিমকিঃ তাপসী মণ্ডলে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন...

ডিজিটেল সংবাদ ধুবুৰীঃ  ধুবুৰীৰ অসম-পশ্চিম বংগ সীমান্তৰ এখন গাঁও জিনকাটা। এই জিনকাটা প্ৰথম খণ্ড গাঁৱৰ এগৰাকী মহিলাই নিজৰ একাগ্ৰতা আৰু অশেষ পৰিশ্ৰমৰ বলতে এতিয়া গাওঁখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Advertisment

জিনকাটা প্ৰথম খণ্ড গাঁৱৰ তাপসী মণ্ডল নামৰ মহিলাগৰাকীয়ে নিজৰ ঘৰত মাছৰুমৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোলৈ এক সুকীয়া পৰিচয় কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰায় ২ বছৰ ধৰি মাছৰুমৰ খেতি কৰি অহা তাপসী মণ্ডলে পি এম এফ এম ই অৰ্থাৎ প্ৰধানমন্ত্ৰী খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ আনুষ্ঠানিকীকৰণ যোজনাৰ অধীনত ২০২৪ বৰ্ষত ২ লাখ টকাৰ ঋণ লাভ কৰিছিল।

সেই টকাৰে তেওঁ ঘৰতে মাছৰুমৰ খেতি আৰম্ভ কৰি যথেষ্ট লাভাম্বিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানে তেওঁ দৈনিক ২০ ৰ পৰা ২৫ কিলোগ্ৰামকৈ মাছৰুম তেওঁৰ খেতিৰ পৰা উৎপাদন কৰি আছে।

জানিবলৈ দিয়া মতে তেওঁ প্ৰতি কিলোগ্ৰাম কেঁচা মাছৰুম প্ৰতি কেজি ২০০ টকা দৰত বিক্ৰী কৰাৰ লগতে শুকান মাছৰুম প্ৰতি কেজি ২৫০ টকা দৰত বিক্ৰী কৰি আছে। এই সন্দৰ্ভত তাপসী মণ্ডলে কয় যে, তেওঁৰ মাছৰুমৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে।

মাছৰুম উৎপাদন কৰাৰ লগতে তেওঁ এই মাছৰুমৰ পৰা মিঠাই,  আচাৰ,  বিস্কুট,  ভূজিয়া,  নিমকী আদি বিভিন্ন খাদ্য সামগ্ৰীৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছে। গ্ৰাহকৰ মাজত তেওঁৰ এই খাদ্য সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা বুলিও জানিবলৈ দিছে।

উল্লেখ্য যে সম্পূৰ্ণ বিজ্ঞান ভিত্তিক ভাৱে মাছৰুমৰ খেতি কৰি স্বাৱলম্বী হোৱা তাপসী মণ্ডলে ধুবুৰী জিলাৰ কাষৰীয়া বিটিআৰৰ বগৰীবাৰীস্থিত আৰ্ট অব লিভিং নামৰ প্ৰতিষ্ঠানৰ সহযোগত কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পৰা মাছৰুমৰ খেতিৰ ওপৰত প্ৰশিক্ষণো লৈছিল বুলি জানিব পৰা গৈছে।

আনহাতে ইয়াৰ সমান্তৰালকৈ তাপসী মণ্ডলে ওচৰ-চুবুৰীয়াৰ আন প্ৰায় ১২ গৰাকী মহিলা সদস্যক লগত লৈ শ্যামকানু আত্ম সহায়ক গোট এটাও খুলিছে। শ্যামকানু আত্ম সহায়ক গোটৰ সভানেত্ৰী লিপিকা বৰ্মণ আৰু সম্পাদিকা তাপসী মণ্ডলৰ নেতৃত্বত মহিলাসকলে ঘৰতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে সমাজৰ অন্যান্য কামত আগ ভাগ লৈ গাওঁখনত নাৰীৰ উত্তৰণৰ বাট অগ্ৰগামী কৰি তোলাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে।

ইপিনে তাপসী মণ্ডলৰ মাছৰুমে জিনকাটা,  হালাকুৰা,  গোলকগঞ্জকে ধৰি জিলাখনৰ বাহিৰতো বেছ সমাদৰ লাভ কৰা বুলি জানিব পৰা গৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাৰীৰ সৱলীকৰণ আৰু নাৰীৰ বিকাশৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ বাবেই গাওঁৰ মহিলাসকলে অধিক উৎসাহী হৈ কাম কৰিবলৈ সুবিধা পাইছে বুলি তাপসী মণ্ডলে মন্তব্য কৰে।

কৃষক ধুবুৰী