Advertisment

চুলিত যে মধুৰিআমৰ পাত ব্যৱহাৰ কৰিব পাৰি জানেনে ?

আজিকালি অধিকাংশ লোকৰে এটা সাধাৰণ সমস্যা হৈছে চুলি সৰাৰ সমস্যা। যিয়ে কেৱল সৌন্দৰ্যই নহয়, আত্মবিশ্বাসকো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। ডাঠ, ক'লা আৰু শক্তিশালী চুলি সকলোৰে কাম্য।

author-image
Asomiya Pratidin
New Update
33

ডিজিটেল ডেস্ক: আজিকালি অধিকাংশ লোকৰে এটা সাধাৰণ সমস্যা হৈছে চুলি সৰাৰ সমস্যা। যিয়ে কেৱল সৌন্দৰ্যই নহয়, আত্মবিশ্বাসকো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। ডাঠ, ক'লা আৰু শক্তিশালী চুলি সকলোৰে কাম্য। কিন্তু অস্বাস্থ্যকৰ জীৱনশৈলী, প্ৰদূষণ, চাপ আৰু ৰাসায়নিক সামগ্ৰীৰ প্ৰভাৱৰ ফলত চুলিৰ স্বাস্থ্যৰ অভাৱনীয় হাৰত অৱনতি ঘটে। চুলিৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বহুতেই নামী-দামী ছেম্পু, তেল আদি ব্যৱহাৰ কৰে যদিও ইয়াৰ সুফল লাভ নকৰে। এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে কিছুমান ঘৰুৱা প্ৰতিকাৰে। হয়, চুলিৰ সমস্যা সমাধানত আপোনাক সহায় কৰিব পাৰে আপোনাৰ ঘৰত থকা মধুৰিআমৰ গছজোপাই। সঁচা অৰ্থত ক'বলৈ গলে মধুৰিআমৰ পাত চুলিৰ ঔষধ।

Advertisment

কাৰ্যকৰী আয়ুৰ্বেদিক প্ৰতিকাৰ

আয়ুৰ্বেদে বহুতো প্ৰাকৃতিক প্ৰতিকাৰ আগবঢ়ায়, যিয়ে কোনো পাৰ্শ্বক্ৰিয়া অবিহনে চুলি ডাঠ আৰু শক্তিশালী কৰিব পাৰে। ইয়াৰ ভিতৰত এক অন্যতম হৈছে মধুৰিআম পাতৰ ব্যৱহাৰ। মধুৰিআম পাতত থকা পুষ্টিয়ে চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি সৰাৰ সমস্যা হ্ৰাস কৰে।

মধুৰিআম পাতৰ উপকাৰিতা

মধুৰিআম পাতত ভিটামিন বি আৰু চি সমৃদ্ধ, যিয়ে গুৰিৰ পৰা চুলিক পুষ্টি প্ৰদান কৰে। সেইবোৰৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত চুলিৰ দ্ৰুত বিকাশ হয়। তদুপৰি, এই পাতবোৰে উফি প্ৰতিহত কৰাত সহায় কৰে আৰু অকাল চুলি সৰা হ্ৰাস কৰে।

মধুৰিআমৰ পাত কিদৰে চুলিত ব্যৱহাৰ কৰিব ? 

এই প্ৰতিকাৰটো অতি সৰল। আপুনি ইয়াক আপোনাৰ দৈনন্দিন চুলিৰ যত্নৰ ৰুটিনত সহজে অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ বাবে এক লিটাৰ পানীত ১৫-২০ মিনিটৰ বাবে অলপমান সতেজ মধুৰিআম পাত উতলাব। পানীখিনি আধা হোৱাৰ পাছত গেছটো বন্ধ কৰিব। তাৰ পিছত ইয়াক ঠাণ্ডা হ'বলৈ দি ইয়াক এটা স্প্ৰে’ বটল অথবা এটা গ্লাছৰ বটলত ভৰাই থ’ব। সম্পাহত দুবাৰকৈ এইখিনি চুলিৰ গুৰিত ভালদৰে স্প্ৰে' কৰিব অথবা হাতৰে লগাই লাহে লাহে মালিচ কৰিব। এঘণ্টাৰ পিছত পৰিস্কাৰ পানীৰে চুলিখিনি ভালদৰে ধুই পেলাব।

Also Read: বজাৰৰ ঔষধ নালাগে, এইসমূহ উপায়ৰে ঘৰৰ পৰা নিগনি খেদাওক