জানি লওক ফাকুৱা পালনৰ সঠিক দিন

এইবেলি ফাকুৱা ৩ আৰু ৪মাৰ্চত। পঞ্জিকা আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি, সুদীৰ্ঘ ৬টা বছৰৰ পিছত এইবাৰ বহু আগতীয়াকৈ ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হ’ব। বিগত বছৰটোত ১৫ মাৰ্চত পালন কৰা হৈছিল এই উৎসৱ।

author-image
সংগীতা দাস
New Update
ghrthrtu.jpg

ডিজিটেল ডেস্ক:এইবেলি ফাকুৱা ৩ আৰু ৪মাৰ্চত। পঞ্জিকা আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি, সুদীৰ্ঘ ৬টা বছৰৰ পিছত এইবাৰ বহু আগতীয়াকৈ ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হ’ব। বিগত বছৰটোত ১৫ মাৰ্চত পালন কৰা হৈছিল এই উৎসৱ। এতিয়া বহুতৰ মনত প্ৰশ্ন, কিয় এইবেলি ইমান আগতীয়াকৈ পালন কৰিব লাগিব ৰঙৰ এই উৎসৱ ? প্ৰকৃততে, এই পৰিৱৰ্তনৰ মূল কাৰণ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান পৰিৱৰ্তন।

কেতিয়া ফাকুৱা পূৰ্ণিমা ?

পঞ্জিকা অনুসৰি, ফাগুণৰ শুক্ল পূৰ্ণিমা আৰম্ভ ২ মাৰ্চৰ সন্ধিয়া ৫:৩২ বজাত। আৰু এই তিথি শেষ হ'ব ৩ মাৰ্চৰ সন্ধিয়া ৪:৪৬ বজাত। এই পূৰ্ণিমাৰ তাৰিখৰ ভিত্তিতেই হোলিকা দহন আৰু ৰঙৰ উৎসৱ পালন কৰা হ'ব।

বিগত বছৰবোৰত কেতিয়া পালন কৰা হৈছিল ফাকুৱা ?

চন                         ফাকুৱাৰ তাৰিখ 

২০২৫                     ১৫ মাৰ্চ

২০২৪                     ২৫ মাৰ্চ

২০২৩                      ৮ মাৰ্চ

২০২২                      ১৮ মাৰ্চ

২০২১                      ২৯ মাৰ্চ

২০২০                      ১০ মাৰ্চ

এই পৰিসংখ্যাৰ পৰাই স্পষ্ট হয় যে এইবাৰ ফাকুৱা আন বৰ্ষসমূহতকৈ বহু আগতেই পালন কৰা হ’ব।

৩ মাৰ্চত উদযাপন কৰা নহয় এই উৎসৱ

হয়, ৩ মাৰ্চত চন্দ্ৰগ্ৰহণ। এই গ্ৰহণ বিয়লি ৩:২১ বজাত আৰম্ভ হৈ ৬:৪৭ বজাত শেষ হ'ব। এই সময়ছোৱাত চন্দ্ৰক ৰঙা ৰঙৰ দেখা যাব, যাক সাধাৰণতে ‘ব্লাড মুন’ বুলি জনা যায়। ধৰ্মীয় বিশ্বাস অনুসৰি, সূতক সময় বা সূতককাল সূৰ্যগ্ৰহণৰ প্ৰায় ৯ ঘণ্টা আগতে আৰম্ভ হয়। অৰ্থাৎ ৩ মাৰ্চৰ পুৱা প্ৰায় ৯:৩৯ বজাৰ পৰা কাৰ্যকৰী হ’ব সুতকৰ সময়। সুতক কালত যিকোনো অনুষ্ঠান আৰু উৎসৱ উদযাপন কৰাটো অশুভ বুলি গণ্য কৰা হয়। সেয়েহে, এই দিনটোত ফাকুৱা উদযাপন কৰা নহয়।

কেতিয়া উদযাপিত হ'ব ৰঙৰ উৎসৱ ?

শাস্ত্ৰ অনুযায়ী সূৰ্যগ্ৰহণ আৰু সুতককাল শেষ হোৱাৰ পিছত ৪ মাৰ্চত হোলী খেলাটো শুভ। এই দিনটোত ধৃতি যোগ গঠন হ’ব, যিটো হোলী খেলাৰ বাবে শুভ বুলি গণ্য কৰা হয়।