মুক্ত হ'ব ঋণৰ বোজা, কোনোদিনে অভাৱ নহয় ধন-সম্পত্তিৰ

মা লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়। বিশ্বাস মতে, শুকুৰবাৰৰ দিনটোত লক্ষ্মীক উপাসনা কৰিলে তেওঁ খুব সোনকালে সন্তুষ্ট হয়।মা লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্তসকলৰ ঘৰত কোনোদিনেই ধনৰ অভাৱ নহয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
WhatsApp Image 2026-02-24 at 12.21.57 PM

ডিজিটেল ডেস্ক: মা লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়। বিশ্বাস মতে, শুকুৰবাৰৰ দিনটোত লক্ষ্মীক উপাসনা কৰিলে তেওঁ খুব সোনকালে সন্তুষ্ট হয়। মা লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্তসকলৰ ঘৰত কোনোদিনেই ধনৰ অভাৱ নহয়।অৱশ্যে, মা লক্ষ্মীক উপাসনা কৰোতে সদায় তেওঁৰ পছন্দৰ ফুল আগবঢ়াব লাগে। মা লক্ষ্মীৰ পছন্দৰ কি ফুল আগবঢ়াই আপুনি আৰ্শীবাদপ্ৰাপ্ত হ’ব পাৰে, আজি জানো আহক-

ৰঙা জবা 

জবা ফুলক দেৱী লক্ষ্মীৰ আটাইতকৈ প্ৰিয় ফুল বুলি গণ্য কৰা হয়।ঘৰৰ সুখ-শান্তি আৰু সম্পদ বৃদ্ধিৰ বাবে আপুনি শুকুৰবাৰে মা লক্ষ্মীক ৰঙা জবা ফুল আগবঢ়াই উপাসনা কৰিব।

বগা কৰবী 

শুকুৰবাৰে দেৱী লক্ষ্মীক বগা কৰবী ফুলো আগবঢ়াব পাৰে। এনে কৰাৰ ফলত ঘৰত সুখ আৰু শান্তি বৰ্তি থকাৰ লগতে চাপৰ পৰাও মুক্ত কৰি ৰাখে।তদুপৰি, বগা কৰবী গছ ঘৰত ৰোপন কৰিলে ঘৰৰ আৰ্থিক অৱস্থা অতি শক্তিশালী হৈ থাকে।

ৰঙা গোলাপ

WhatsApp-Image-2023-02-07-at-6.10.02-PM-1

ৰঙা ৰং দেৱী লক্ষ্মীৰ অতি প্ৰিয়। একে সময়তে, ৰঙা গোলাপ তেওঁক আগবঢ়োৱাটোও অতি শুভ। ই শুক্ৰক শক্তিশালী কৰে আৰু শাৰীৰিক সুখ আনে।

নাৰ্জী

শুকুৰবাৰে আপুনি দেৱী লক্ষ্মীক নাৰ্জী ফুল আগবঢ়াব পাৰে। এনে কৰাৰ ফলত আপুনি মা লক্ষ্মীৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰিব পাৰে।

পদুম 

1745244066_lotus-flower-lead

পদুম ফুল মা লক্ষ্মীৰ অতি প্ৰিয় ফুল বুলি গণ্য কৰা হয়। সেয়েহে শুকুৰবাৰে মা লক্ষ্মীক পদুম ফুল আগবঢ়াই আপুনি শান্তি-সমৃদ্ধি লাভ কৰিব পাৰে।এনে কৰাৰ ফলত পৰিয়ালৰ সকলো দুখ-দুৰ্দশা আঁতৰ হয়।

Also Read: আঁতৰিব গ্ৰহ-গতিৰ দোষ, সন্তুষ্ট হ’ব মা লক্ষ্মী