/asomiyapratidin/media/media_files/2025/12/11/1-2025-12-11-12-38-58.jpg)
খণ্ড: ৭
ডিজিটেল ডেস্ক: অমৰলতা এবিধ ঔষধি লতা, যাক ভাৰতীয় আয়ুৰ্বেদিক চিকিৎসাত বহু যুগ ধৰি ব্যৱহাৰ কৰি অহা হৈছে। প্ৰাচীন চিকিৎসা শাস্ত্ৰত অমৰলতাক ‘অমৃত’ বা ‘জীৱনদায়ী’ বুলি বিবেচনা কৰা হয়। ইয়াৰ গুণে শৰীৰক শক্তিশালী, ৰোগ প্ৰতিকাৰ শক্তি সমৃদ্ধ আৰু মন-দেহ দুয়োকে সজীৱ কৰি তোলে। অমৰলতা গিলয় হিচাপেও পৰিচিত।
অমৰলতাৰ পুষ্টিকৰ মূল্য
অমৰলতাত তাম, আইৰণ, মেংগানিজ, জিংক, কেলচিয়াম, ফছফৰাছ আদি কেইবাটাও প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। তদুপৰি, ইয়াত এলকেলয়ড, ষ্টেৰইড, গ্লাইকোচাইড, চেস্কুইটাৰপেন'ইড, আৱশ্যকীয় তেল, ফেটি এচিড আৰু এলিফেটিক যৌগ থাকে। আজি অমৰলতাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক -
বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা
অমৰলতায়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। যাৰ ফলত শৰীৰটো ৰোগ মুক্ত হৈ থাকে। সঠিক সময়ত সঠিক জোখত অমৰলতা খালে ই আপোনাক দীৰ্ঘজীৱন লাভ কৰাত সহায় কৰিব পাৰে।
বাহিৰ কৰে শৰীৰৰ বিষাক্ত পদার্থ
অমৰলতাত এন্টি-অ’ক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। যিয়ে শৰীৰৰ পৰা বিষাক্ত পদার্থ দূৰ কৰাত সহায় কৰে। ইয়াৰ ফলত লিভাৰ সুস্থ হৈ থাকে।
প্ৰতিৰোধ কৰে জ্বৰ-সংক্ৰমণ
আয়ুৰ্বেদত অমৰলতাক 'জ্বৰনাশক' লতা হিচাপে গণ্য কৰা হয়। জ্বৰৰ সময়ত দেহৰ উত্তাপ নিয়ন্ত্ৰণ, দেহক হাইড্ৰেটেড ৰখা আৰু শক্তি যোগান দিয়াত ই সহায় কৰে। বিভিন্ন ধৰণৰ সংক্ৰমণ প্ৰতিৰোধ কৰাতো ইয়াৰ প্ৰাকৃতিক এন্টি-মাইক্র’বিয়েল গুণ উপকাৰী।
উন্নত কৰে পাচন শক্তি
পেটৰ সমস্যা সমাধান কৰাত অমৰলতা অত্যন্ত উপকাৰী। ই বদহজম, পেট ফুলা আদি সমস্যা কমাই পাচনত সহায় কৰে। দেহত পিত্ত-বন্ধ্যা সমতা ৰক্ষা কৰাতো এই লতা উপকাৰী।
আকৰ্ষণীয় কৰে ছাল-চুলি
অমৰলতাত থকা এন্টি-অ’ক্সিডেণ্টে বয়সৰ চিন কমাই ছালৰ উজ্জ্বলতা বজাই ৰাখে। মুখত শালমইনা দূৰ কৰাতো অমৰলতা সহায়ক। অমৰলতাই চুলি পকা, চুলি সৰা সমস্যাও দূৰ কৰে।
উন্নত কৰে মানসিক স্বাস্থ্য
আয়ুৰ্বেদৰ মতে, অমৰলতাই মানসিক চাপ কমাই মন শান্ত কৰি তোলে। মানসিক ক্লান্তি, টোপনিৰ সমস্যা আৰু দেহৰ সামগ্ৰিক ক্লান্তি কমাতো ই অত্যন্ত সহায়ক।
দূৰ কৰে গাঠিৰ বিষ, বৃদ্ধি কৰে শাৰিৰীক শক্তি
গাঠিৰ বিষ, বাত বিষ দূৰ কৰাত অমৰলতাই সহায় কৰে। ইয়াৰ প্ৰাকৃতিক এন্টি-ইনফ্লেমেচন গুণে দেহৰ বিভিন্ন অংশৰ বিষ কমাই ৰাখে আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰি দেহক তেজস্বী কৰি তোলে।
অমৰলতা অতি সহজলভ্য যদিও ইয়াৰ ঔষধি গুণ অনেক। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি দেহ-মন দুয়ো সুস্থ ৰাখিবলৈ বহু লোকে দৈনন্দিন জীৱনত অমৰলতা ব্যৱহাৰ কৰে। ইয়াৰ বহু উপকাৰিতা আছে যদিও যিকোনো ঔষধি উদ্ভিদ ব্যৱহাৰ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us