/asomiyapratidin/media/media_files/2025/02/14/TuiPovAfLpfanxRkAwVd.jpg)
ডিজিটেল ডেস্ক: বিগত কেইদিনমানৰ পৰা গুৱাহাটীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ গুৱাহাটীখনৰ যি দিশলৈকে নাযাওঁক কিয়, চৌদিশে কেৱল ধূলি, ধূলি আৰু ধূলি। বিগত দুই-তিনিমাহত উজনি অসমৰ কোনো কোনো ঠাইত কম পৰিমাণে বৰষুণ হৈছে যদিও গুৱাহাটীত বৰষুণৰ দেখা-দেখি নাই। যাৰ ফলত মহানগৰবাসীৰ বাবে সন্ত্ৰাসৰ ৰূপ লৈছে বায়ু প্ৰদূষণে। ধূলিৰ তৰপে আনকি গছ-লতাত ফুল ফুলাটো বাধাৰ সৃষ্টি কৰিছে।
দিনে-দিনে বৃদ্ধি পোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত গুৱাহাটী আই আই টিয়ে কৰা এক গৱেষণাত প্ৰমাণ হৈছে যে, গুৱাহাটীত ৬০ শতাংশ বায়ু প্ৰদূষণ পথৰ ধূলিৰ পৰা হয় । উদ্যোগৰ পৰা হোৱা বায়ু প্ৰদূষণৰ মাত্ৰা যথেষ্ট কম। প্ৰকৃততে, যান-বাহনৰ পৰা ওলোৱা ধোঁৱা, কোনো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাকৈ চৰকাৰে উন্নয়নৰ নামত বিভিন্ন ঠাইত নিৰ্মাণ কৰি থকা বাট-পথ, অভাৰব্ৰীজ, বেচৰকাৰী সংস্থাই নিৰ্মাণ কৰা বিশাল-বিশাল এপাৰ্টমেণ্ট, পাহাৰ-নদী খনন, ইটাভাটাৰ ধোঁৱাৰ বাবেই গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন চহৰৰ বায়ু প্ৰদূষণে শোচনীয় ৰূপ ধাৰণ কৰিছে। গুৱাহাটী তথা ৰাজ্যৰ আন প্ৰদূষিত চহৰত আমি কুঁৱলী বুলি ভাবি থকাখিনি আচলতে ধূলি-ধোঁৱা আৰু কুঁৱলীৰ মিশ্রিত সমষ্টি। বিশেষকৈ, গুৱাহাটীৰ ছয়মাইল, গুৱাহাটী ক্লাব, ভৰলুকে ধৰি ঠায়ে ঠায়ে চলি থকা অভাৰব্ৰীজ নিৰ্মাণত ব্যৱহৃত চিমেণ্ট-বালিয়ে গুৱাহাটীৰ বায়ু প্ৰদূষণ বৃদ্ধিত দুগুণে অৰিহণা যোগাইছে।
বিপদজনক সীমাত প্ৰদূষণৰ সৃচাংক
আজি গুৱাহাটীত প্ৰদূষণৰ সূচাংক ১২৫। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰদূষণৰ সৃচাংক বা আই কিউ আই ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত থাকিলে সন্তোষজনক, ১০১-২০২ ভিতৰত থাকিলে মধ্যমীয়া আৰু ২০১-৩০০ৰ ভিতৰত থাকিলে বেয়া, ৩০১-৪০০ৰ ভিতৰত থাকিলে অতি বেয়া হিচাপে সংজ্ঞায়িত কৰিছে। ২০১-৩০০ আই কিউ আইৰ বায়ুত দীর্ঘ সময় ধৰি থাকিলে বেছিভাগ লোকৰেই উশাহ-নিশাহত সমস্যাৰ সৃষ্টি হয় । ১০১-২০০ৰ ভিতৰত আই কিউ আই হ'লে হাঁপানি, হৃদৰোগ আৰু হাওঁফাওঁৰ ৰোগত আক্রান্ত লোকে উশাহ-নিশাহৰ সমস্যাত ভোগে।
বায়ু প্ৰদূষণৰ ফলত হয় এইসমূহ গুৰুতৰ ৰোগ
বিগত কেইদিনমানত হাপাঁনি ৰোগীয়ে ভৰ্তি কৰিছে চিকিৎসালয়ৰ বিচনা। প্ৰদূষণৰ ফলত জ্যেষ্ঠ লোকসকলৰ কাহৰ সমস্যা আচৰিতভাৱে বৃদ্ধি পাইছে। বৃদ্ধি পাইছে ছালৰ সমস্যা, চকুৰ সমস্যা। ধূলিময় পৰিৱেশৰ ফলত চকু ৰঙা পৰা, চকুৰ খজুৱতিৰ লগতে হ্ৰাস পাবলৈ ধৰিছে দৃষ্টি শক্তি। চুলিৰ সমস্যা সমূহৰ ভিতৰত চুলি পকা, চুলি সৰা, আগ ফটা আদি অন্যতম। আনহাতে, যক্ষ্মা, ছাল ৰঙা পৰা, খজুৱতিত ভোগা লোকৰ সংখ্যাও দ্ৰুত হাৰত বৃদ্ধি পাইছে।
প্ৰদূষণে সলনি কৰিছে প্ৰকৃতিৰ নিয়ম
এতিয়া ফাগুণৰ বতৰ। প্ৰকৃতিৰ নিয়ম অনুসৰি এই সময়ছোৱাত ধৰাত বৰষুণ হয়। আমে মলিয়াই, গছত ওলাই কঠালৰ মুচি আৰু আৰম্ভ হয় কৃষি-কৰ্মৰ প্ৰক্ৰিয়া। কিন্তু প্ৰদূষণ তথা ধুলিৰ তৰপৰ বাবে গছৰ ফুল গছতে শুকাইছে। ফুলা নাই বতৰৰ ফুল। আৰম্ভ হোৱা নাই কৃষি-কৰ্ম।
দায়ী কোন ?
শেষৰবাৰৰ বাবে গুৱাহাটীত কেতিয়া বৰষুণ হৈছিল, সেয়া হয়তো মহানগৰবাসীৰ মনত নাই। বৰষুণৰ পৰিমাণ হ্ৰাসৰ কাৰণ বা ইয়াৰ বাবে প্ৰকৃততে দায়ী কোন ? ইয়াৰ উত্তৰ হয়তো চৰকাৰেই হ'ব। কিয়নো, উন্নয়নমূলক কাম-কাজৰ বাবে চৰকাৰে কিমান গছ কাটিলে, কিমান পাহাৰ খনন কৰিলে, তাৰ হিচাপ হয়তো কাৰো হাতত নাই।
ধূলি-বালি চিমেণ্টৰ গুৰিয়ে ছানি ধৰিছে মহানগৰ
বাট-পথ, অভাৰব্ৰীজ, বিভিন্ন মহল নিৰ্মাণৰ নামত চৰকাৰে বায়ু প্ৰদূষণ বৃদ্ধিত কি অৰিহনা যোগাইছে, সেয়া হয়তো দোঁহৰাৰ প্ৰয়োজন নাই। বাট-পথ নিৰ্মাণৰ কাম চলি থাকিলে ধূলি-বালিৰ বাবে যাতে কাৰো অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বাট-পথত নিয়মীয়াকৈ পানী ছটিয়াব লাগে। কিন্তু এই কাম চৰকাৰে কিমান কৰিছে ? নিজৰ কৰণীয়খিনি নকৰাৰ বাবেই চৰকাৰখনে কিমান লোকক যে ৰোগীয়া কৰিছে, তাৰো হিচাপ নাই।
কি কয় চিকিৎসকে ?
অনিয়ন্ত্ৰিত প্ৰদূষণৰ ফলত হাওঁফাওঁজনিত ৰোগ আশ্বাৰ্যজনকভাৱ বৃদ্ধি হৈছে। প্ৰদূষিত বায়ু নাকৰে গৈ হাওঁফাওঁত সোমালে মানৱ শৰীৰটো ৰোগীয়া হৈ পৰে। এই ৰোগৰ পৰা আমাৰ শৰীৰটোক কিদৰে সুৰক্ষা দিব পাৰি, সেই সন্দৰ্ভত আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ হাওঁফাওঁ ৰোগ বিশেষজ্ঞ তথা পঞ্জীয়ক ডাঃ নিয়ৰ হাজৰিকাৰ পৰা জানিবলৈ চেষ্টা কৰিছিলো। চিকিৎসকগৰাকীৰ মতে, প্ৰদূষিত বায়ুত ১০০তকৈও অধিক হানিকাৰক উপাদান থাকে। ভিন্ন উপাদানে শৰীৰত ভিন্ন ৰোগৰ সৃষ্টি কৰে। বিশেষকৈ নাকৰ পৰা আৰম্ভ কৰি হাওঁফাওঁলৈ বায়ু প্ৰদূষণৰ প্ৰভাৱ গুৰুতৰ হয়। যাৰ ফলত কাহ,চৰ্দি, হাঁচি, ডিঙিৰ সুৰসুৰণি, হাপাঁনিকে ধৰি হাওঁফাওঁৰ বিভিন্ন ৰোগ তথা হাওঁফাওঁৰ কৰ্কট ৰোগ পৰ্যন্ত হ’ব পাৰে।
নিজকে কিদৰে সুৰক্ষা দিব ?
ডাঃ হাজৰিকাৰ মতে, এই দিনকেইটাত নিজে যিমান পাৰি সিমানেই সাৱধান হোৱাটো দৰকাৰ। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ, বিশেষকৈ খোৱা-বোৱাত অধিক সচেতনতা অৱলম্বন কৰিব লাগে। খাদ্য তালিকাত আন স্বাস্থ্যসন্মত খাদ্যৰ লগতে বতৰৰ ফল আৰু নেমুজাতীয় ফল অন্তৰ্ভূক্ত কৰিব লাগে। বাহিৰলৈ ওলাই গ’লে N95 মাস্ক পিন্ধাৰ লগতে ক’ভিডৰ সময়ত লোৱা সাৱধানতা যেনে, ছেনিটাইজাৰ ব্যৱহাৰ, আন ব্যক্তিৰ পৰা কিছু দুৰত্ব বজাই ৰখা, কাহ-হাঁচি মৰাৰ সময়ত মুখখন ঢাকি লোৱাকে ধৰি আন সাৱধানতাসমূহ এতিয়াও ল’বলৈ চিকিৎসগৰাকীয়ে পৰামৰ্শ দিছে।
এই বয়সৰ লোক অধিক সাৱধান হ’ব
বিশেষজ্ঞগৰাকীয়ে জনোৱা মতে, ১২ বছৰতকৈ কম বয়সীয়া আৰু ৬০ৰ উৰ্ধৰ লোকসকলৰ শৰীৰত বায়ু প্ৰদূষণে অধিক প্ৰভাৱ পেলায়। কিয়নো এই বয়সৰ লোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা তুলনামূলকভাৱে আনতকৈ দুৰ্বল হয়। ইতিমধ্যে বিভিন্ন ৰোগত আক্ৰান্তসকলৰ বাবেও প্ৰদূষণ অতি বিপদজনক। আনহাতে, গৰ্ভৱতী মহিলাসকলো সাৱধানে থকাটো দৰকাৰ।
ঘৰৰ ভিতৰত থকাসকলো নহয় সুৰক্ষিত
এই হাৰত প্ৰদূষণ বৃদ্ধি হ’লে খুব কম দিনৰ ভিতৰতে গুৱাহাটীৰ প্ৰতিখন ঘৰতে বায়ু পৰিস্কাৰৰ বাবে এয়াৰ ফিল্টাৰ ব্যৱহাৰ কৰিব লাগিব বুলি ডাঃ হাজৰিকাই মত প্ৰকাশ কৰিছে। ঘৰত থকা লোকসকলক ধূলিৰ দিনত দুৱাৰ-খিৰিকি বন্ধ কৰি ৰাখিবলৈও চিকিৎসকগৰাকীয়ে পৰামৰ্শ দিছে।
উল্লেখ্য যে, আগন্তুক দিনত বৰষুণৰ মাত্ৰা বৃদ্ধি হ’লে এই প্ৰদূষণ কিছু পৰিমাণে ৰোধ হ’ব বুলি এতিয়া আশা পালি আছে সমগ্ৰ মহানগৰাসীয়ে। কিন্তু উন্নয়নৰ নামত কৰা আন্তগাঁথনিৰ কামবোৰত চৰকাৰে সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিলেও গুৱাহাটীখন যে বহু পৰিমাণে প্ৰদূষণমুক্ত হ’ব, সেয়াওটো নিশ্চিত !
Also Read: টোপনিৰ অভাৱৰ বাবেও হয় কৰ্কট ৰোগ