Advertisment

আকৌ প্ৰেমত পৰিল হাৰ্দিক পাণ্ডেয়া, চৰ্চাত সুন্দৰী প্ৰেয়সী

ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়া সম্প্ৰতি যথেষ্ট আলোচনাৰ বিষয় হৈ পৰিছে। ইয়াৰ কাৰণ অৱশ্যে ক্ৰিকেটত তেওঁৰ প্ৰশংসনীয় প্ৰদৰ্শন নহয়। ইয়াৰ কাৰণ এগৰাকী সুন্দৰীহে।

author-image
Asomiya Pratidin
New Update
২২

ডিজিটেল ডেস্ক: ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়া সম্প্ৰতি যথেষ্ট আলোচনাৰ বিষয় হৈ পৰিছে। ইয়াৰ কাৰণ অৱশ্যে ক্ৰিকেটত তেওঁৰ প্ৰশংসনীয় প্ৰদৰ্শন নহয়। ইয়াৰ কাৰণ এগৰাকী সুন্দৰীহে। হয়, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ভাৰত-পাকিস্তান খেলৰ সময়ত এই গৰাকী সুন্দৰীক ডুবাই ষ্টেডিয়ামত দেখা গৈছিল। যাৰ পিছত এই সুন্দৰীগৰাকীৰ হাৰ্দিকৰ সৈতে থকা সম্পৰ্কৰ বিষয়টো স্পষ্ট হৈ পৰিছে। 

Advertisment

এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত হৈ যোৱা ভাৰত বনাম পাকিস্তানৰ খেলখন পোনপটীয়াকৈ চাই থকা জেছমিন ৱালিয়াৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। য'ত তেওঁক  বগা পোছাক আৰু এযোৰ ছানগ্লাছ পিন্ধা দেখা গৈছে। ভিডিঅ'টোত, জেছমিনক  চুম্বন দি হাত জোকাৰি থকা দেখা গৈছে। ভিডিঅ'টো ইণ্টাৰনেটত ভাইৰেল হোৱাৰ লগে লগে অজস্ৰ অনুৰাগীয়ে জেছমিন ৱালিয়াৰ সৌন্দৰ্যৰ খুব প্ৰশংসা কৰিছে।

জেছমিন আৰু হাৰ্দিকৰ প্ৰেম !

বিগত বৰ্ষৰ এই খেলখনৰ এদিন আগতে জেছমিনে এখন বিলাসী হোটেলৰ চৌহদত প’জ দিয়া এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু ইয়াক ‘ডুবাই’ শিৰোনাম দিছিল। আনহাতে, যোৱা বছৰৰ আগষ্টত জেছমিন আৰু হাৰ্দিকই গ্ৰীচৰ একে ঠাইৰে পৃথক পৃথকে ফটো প’ষ্ট কৰিছিল। যাৰ ফলত ডেটিংৰ উৰাবাতৰি ওলাইছিল। উল্লেখ্য, হাৰ্দিক আৰু তেওঁৰ প্ৰথম পত্নী নাতাশাৰ বিগত বৰ্ষত বিবাহ বিচ্ছেদ হয়। 

কোন এই জেচমিন ৱালিয়া ? 

জেচমিন ৱালিয়া এগৰাকী ব্ৰিটিছ গায়িকা আৰু অভিনেত্ৰী। লণ্ডনৰ এচেক্সত জন্মগ্ৰহণ কৰা জেছমিনৰ পিতৃ-মাতৃ ভাৰতৰ। ২০১৭ চনত মুক্তি পোৱা জেছমিনৰ বম ডিগি শীৰ্ষক গীতটোয়ে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। জেছমিনে কণ্ঠদান কৰা ‘ডাম ডি ডি ডাম’, ‘গাৰ্ল লাইক মি’, ‘টেম্পল’ আৰু ‘গো ডাউন’ শীৰ্ষক গীতকেইটাও অতি জনপ্ৰিয়। ২০১৮ত মুক্তিপ্ৰাপ্ত ছবি ‘চনু কে টিটু কি চুইটি’ ছবিখনতো জেছমিন ৱালিয়াই অভিনয় কৰিছিল।

Also Read: হয়, ছোৱালীজনী কৃপণ ! পিন্ধে 'ছেকেণ্ড হেণ্ড' কাপোৰ