ক্ৰিকেট ঈশ্বৰৰ পৰা জাডেজা, আখতাৰলৈ সকলোৱে প্ৰশংসা কৰিছে আফগানিস্তানক...

চেম্পিয়নছ ট্ৰফীৰ গুৰুত্বপূৰ্ণ মেচত আফাগানিস্তানে ইংলেণ্ডক পৰাস্ত কৰাৰ পাছতে দলটোক প্ৰশংসাৰে উপচাইছে প্ৰাক্তন ক্ৰিকেটাৰে। ক্ৰিকেট বিশ্বত এতিয়া কেৱল আফগানিস্তানক লৈ চৰ্চা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ক্ৰিকেট ঈশ্বৰৰ পৰা জাডেজা, আখতাৰলৈ সকলোৱে প্ৰশংসা কৰিছে আফগানিস্তানক...

ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীৰ এখন অতি গুৰুত্বপূৰ্ণ মেচত আফাগানিস্তানে ইংলেণ্ডক পৰাস্ত কৰাৰ পাছতে দলটোক প্ৰশংসাৰে উপচাইছে প্ৰাক্তন ক্ৰিকেটাৰে। ক্ৰিকেট বিশ্বত এতিয়া কেৱল আফগানিস্তানক লৈয়ে চৰ্চা। দলটোৰ এনে যুঁজাৰু মানসিকতাক সকলোৱে একেমুখে স্বীকাৰ কৰাৰ লগতে আগন্তুক সময়ত যে, দলটোৱে ডাঙৰ অঘটন কৰিবলৈ প্ৰস্তুত সেই কথাও মুকলিকৈয়ে উল্লেখ কৰিছে।

Advertisment

বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে মৰনপণ যুঁজত আফগানিস্তানে ইংলেণ্ডক ৮ ৰাণত পৰাস্ত কৰে। তাৰ পাছতে আফগানিস্তানৰ দলটো সৰ্বত্ৰে প্ৰশংসিত হৈছে। তেওঁলোকক প্ৰশংসা কৰা প্ৰাক্তন ক্ৰিকেটাৰৰ তালিকাত আছে শচীন তেণ্ডুলকাৰো।  

মেচখনত প্ৰথমে বেটিং কৰি আফগানিস্তানৰ ইব্ৰাহিম জাদ্ৰানে ১৪৬ বলত ১৭৭ ৰাণ এক ৰাজকীয় ইনিংছ উপহাৰ দিছে। তেওঁ ইংলেণ্ডৰ প্ৰতিজন বলাৰকে অতি নিৰ্দয় প্ৰহাৰ কৰে। ফলত খেল পথাৰত দিশহাৰা হৈ পৰে প্ৰতিগৰাকী বলাৰ।

ইব্ৰাহিমৰ ১৭৭ ৰাণৰ ইনিংছৰ সহায়ত আফগানিস্তানে ইংলেণ্ডৰ সন্মুখত ৩২৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। এই লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে ৩১৭ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। ফলত একেৰাহে দুখন মেচত পৰাস্ত হৈ ইংলেণ্ড প্ৰতিযোগিতাৰ পৰা বাহিৰ হল।

আফগানিস্তানৰ এই জয়ৰ পাছতে উল্লাসিত হৈ পৰিছে ক্ৰিকেট ঈশ্বৰ শচীন তেণ্ডুলকাৰ। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, আফগানিস্তানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নতি কৰিছে। তেওঁলোক মেচত জয়ী হোৱাটোক একেবাৰেই দুৰ্ঘটনা বুলি কব নোৱাৰি। কাৰণ আফগানিস্তানে মেচত জয়ী হোৱাৰ অভ্যাস গঢ়ি তুলিছে। তাৰোপৰি তেওঁ শতক অৰ্জন কৰা ইব্ৰাহিম আৰু ৫টা উইকেট দখল কৰা আজমাতুল্লাহ ওমৰজাইক অভিনন্দন জনায়।

কেৱল শচীনেই নহয়, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও দলটোক এই বিজয়ৰ বাবে অভিনন্দন জনাইছে। ভাৰতত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপৰ সময়ত আফগানিস্তানৰ মেণ্টৰ হিচাপে দায়িত্বত থকা অজয় ​​জাডেজাও আফগানিস্তানৰ এই প্ৰদৰ্শনক লৈ অত্যন্ত সুখী।

তেওঁ এক্সে হেণ্ডেলত লিখিছে, ‘আফগান অনুৰাগীসকল এই জয়ৰ যোগ্য। কাৰণ তেওঁলোক পৃথিৱীৰ আটাইতকৈ উৎসাহী অনুৰাগী। ইফালে চেম্পিয়নছ ট্ৰফীৰ পৰা পাকিস্তান বাহিৰ হোৱাত দুখী যদিও দেশখনৰ প্ৰাক্তন বেগী বলাৰ শ্বোৱেইব আখতাৰেও আফগানিস্তানক উচ্চ প্ৰশংসা কৰিছে আৰু ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ সকলো চেষ্টা কৰিবলৈ আহ্বান জনাইছে।

ক্ৰিকেট শচীন তেণ্ডুলকাৰ আফগানিস্তান চেম্পিয়নছ ট্ৰফী