সঠিক ভাৱে তেল ব্যৱহাৰ কৰি দূৰ কৰক চুলিৰ সকলো সমস্যা

ক'লা, ঘন, উজ্জ্বল চুলি সকলোয়ে বিচাৰে।চুলিৰ সমস্যা হ্ৰাস কৰিবলৈ আমি চুলিত তেল ব্যৱহাৰ কৰো।কিন্তু কিদৰে আৰু কেনেকৈ চুলিত তেল ব্যৱহাৰ কৰিব লাগে, সেয়া আমি অধিকাংশই নাজানো।

author-image
Asomiya Pratidin
New Update
সঠিক ভাৱে তেল ব্যৱহাৰ কৰি দূৰ কৰক চুলিৰ সকলো সমস্যা

how-to-apply-oil

ডিজিটেল ডেস্ক: ক'লা, ঘন তথা উজ্জ্বল চুলি সকলোয়ে বিচাৰে।বিশেষকৈ মহিলাসকলে।কিন্তু সঠিক যত্নৰ অভাৱত আজি-কালি অধিকাংশ লোকেই চুলিৰ বিভিন্ন সমস্যাত ভোগে। চুলিৰ সমস্যা হ্ৰাস কৰিবলৈ আমি চুলিত তেল ব্যৱহাৰ কৰো। কিন্তু কিদৰে আৰু কেনেকৈ চুলিত তেল ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে আমি অধিকাংশই নাজানো। 

Advertisment

আচলতে চুলিখিনি ধোৱাৰ আগতে সদায় চুলিত তেল প্ৰয়োগ কৰিব লাগে। তেলৰ সৈতে চুলিখিনি ভালদৰে মালিচ কৰিলে মূৰৰ ছালত ৰক্ত সঞ্চালন উন্নত হয়, যি চুলিৰ গুৰি শক্তিশালী কৰি চুলিখিনিক স্বাস্থ্যৱান কৰি ৰাখে।চুলি ৩-৪ ঘণ্টা অথবা এক নিশা আগতে কুহুমীয়া তেলেৰে চুলি মালিচ কৰিব লাগে।ইয়াৰ ফলত তেল চুলিৰ গুৰিলৈ গৈ চুলিক পুষ্টি প্ৰদান কৰে। বহুলোকে আকৌ চুলি ধোৱাৰ পিছত তেল প্ৰয়োগ কৰে, যি একেবাৰেই ঠিক নহয়। তেল লগোৱা চুলিত ধূলি আৰু প্ৰদূষণ লাগি চুলি দুৰ্বল হয় আৰু ছিঙি যায়। 

চুলিত তেল প্ৰয়োগ কৰিলে নিয়মীয়াকৈ চুলিৰ গুৰিয়ে পুষ্টি লাভ কৰে। যি চুলিৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।তেলে চুলিক আৰ্দ্ৰতা প্ৰদান কৰি চুলিখিনি হাইড্ৰেটেড ৰাখে, যি চুলি শুকান আৰু নিষ্প্ৰাণ হোৱা প্ৰতিহত কৰে। তেলত থকা প্ৰাকৃতিক উপাদান যেনে ভিটামিন, ফেটি এচিড আৰু এণ্টিঅক্সিডেণ্টে চুলি শক্তিশালী কৰে।তদুপৰি, তেল প্ৰয়োগ কৰিলে চুলিৰ আৰ্দ্ৰতা বাহাল থাকে, যি চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু সেইবোৰ কোমল আৰু উজ্জ্বল কৰি তোলে। দৈনিক চুলিত তেল দিয়াৰ ফলত মূৰৰ ছালত ৰক্ত সঞ্চালন উন্নত হয়, যি চুলিৰ বিকাশ বৃদ্ধি কৰে আৰু চুলি দীঘল আৰু ঘন হোৱাত সহায় কৰে। চুলিত আপুনি নাৰিকল, তিল, বাদাম আৰু কেষ্টৰ তেল ব্যৱহাৰ কৰিব পাৰে।

Also Read: চাউলৰ পানীয়ে দূৰ কৰে চুলিৰ এক গুৰুতৰ সমস্যা