শিশুক মালিচ কৰিবলৈ কি তেল আটাইতকৈ উপকাৰী জানি লওঁক

আন সময়ৰ তুলনাত শীতকালত ঘৰৰ বৃদ্ধ তথা শিশুসকলক বিশেষ যত্নৰ প্ৰয়োজন।এই সময়ছোৱাত উচিত যত্ন ল’লে তেওঁলোকৰ শৰীৰ সদায় স্বাস্থ্যৱান হৈ থাকে। শিশুৰ যত্নত মালিচে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মালিচে তেওঁলোকৰ শৰীৰ শক্তিশালী আৰু সুঠাম কৰাত সহায় কৰে। আমাৰ অধিকাংশৰ ঘৰতে শিশুক মালিচ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ তেল আৰু লোচন ব্যৱহাৰ কৰা হয়। কিন্তু শীতকালত শিশুসকলক বিশেষ তেল মালিচৰ প্ৰয়োজন হয়, যাতে তেওঁলোকৰ শৰীৰ ভিতৰৰ পৰা শক্তিশালী আৰু গৰম হৈ থাকে।

author-image
Asomiya Pratidin
New Update
শিশুক মালিচ কৰিবলৈ কি তেল আটাইতকৈ উপকাৰী জানি লওঁক

ডিজিটেল ডেস্ক: আন সময়ৰ তুলনাত শীতকালত ঘৰৰ বৃদ্ধ তথা শিশুসকলক বিশেষ যত্নৰ প্ৰয়োজন।এই সময়ছোৱাত উচিত যত্ন ল’লে তেওঁলোকৰ শৰীৰ সদায় স্বাস্থ্যৱান হৈ থাকে। শিশুৰ যত্নত মালিচে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মালিচে তেওঁলোকৰ শৰীৰ শক্তিশালী আৰু সুঠাম কৰাত সহায় কৰে। আমাৰ অধিকাংশৰ ঘৰতে শিশুক মালিচ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ তেল আৰু লোচন ব্যৱহাৰ কৰা হয়। কিন্তু শীতকালত শিশুসকলক বিশেষ তেল মালিচৰ প্ৰয়োজন হয়, যাতে তেওঁলোকৰ শৰীৰ ভিতৰৰ পৰা শক্তিশালী আৰু গৰম হৈ থাকে। এই ঋতুত শিশুসকলৰ বাবে কি তেল আটাইতকৈ উপকাৰী, আজি জানো আহক-

Advertisment

জলফাই তেল(অলিভ অইল)

শিশুক মালিচ কৰাৰ বাবে জলফাই তেল উপকাৰী বুলি গণ্য কৰা হয়। এই তেলৰ সৈতে মালিচ কৰিলে শিশুৰ মগজুক যথেষ্ট আৰাম দিয়ে। জলফাই তেলত ভিটামিন-ই, ভিটামিন-কে, আইৰণ, অমেগা-৩, ফেটি এচিড আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শিশুৰ ছাল স্বাস্থ্যৱান ৰখা আৰু ৰক্তচাপ উন্নত কৰাত সহায় কৰে।

নাৰিকল তেল 

শীতকালত শিশুক মালিচ কৰাৰ বাবে নাৰিকল তেলও উপকাৰী বুলি গণ্য কৰা হয়। এই তেল কুহুমীয়া গৰম কৰি মালিচ কৰিলে শিশুৰ শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰা, ছাল শুকান হোৱাৰ পৰা সুৰক্ষিত কৰা আৰু সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে।  

সৰিয়হৰ তেল

এই ঋতুত সৰিয়হৰ তেলৰেও আপুনি শিশুক মালিচ কৰিব পাৰে।সৰিয়হ তেলত অমেগা-৩ আৰু অমেগা-৬ ফেটি এচিড, পলিআনচেচুৰেটেড ফেটি এচিড, সংপৃক্ত চৰ্বি আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট থাকে। এই তেলৰ দ্বাৰা মালিচ কৰিলে গাঁঠিৰ বিষ, ৰক্ত সঞ্চালন সংশোধন কৰাত আৰু শৰীৰক উষ্ণতা প্ৰদান কৰাত সহায় কৰে।সৰিয়হ তেলৰে শিশুক নিয়মীয়াকৈ মালিচ কৰিলে তেওঁলোকৰ ছালৰ আৰ্দ্ৰতাও বৰ্তি থাকে। 

তিল তেল

তিল তেলত সন্তুলিত ফেটি এচিড, এণ্টিঅক্সিডেণ্টৰ উপৰিও ভিটামিন-ই ভাল পৰিমাণত থাকে।  এই তেলৰ দ্বাৰা শিশুক মালিচ কৰিলে তেওঁলোকৰ শৰীৰত উষ্ণতা প্ৰদান কৰে। ইয়াৰ উপৰিও, এই তেলত পোৱা পুষ্টিবোৰে হাড় শক্তিশালী কৰাত আৰু পেশীৰ বিষ নিৰাময় কৰাত সহায় কৰে। 

Also Read: এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে দূৰ কৰক শিশুৰ শুকান কাহৰ সমস্যা