চুলিৰ এই গুৰুতৰ সমস্যা সমাধানৰ সহজ উপায়কেইটা জানি লওঁক

যেতিয়া চুলিৰ সঠিক যত্ন লোৱা নহয়, তেতিয়া চুলি দুৰ্বল হৈ ফাটিবলৈ আৰম্ভ কৰে।ফটা চুলিয়ে আমাৰ সৌন্দৰ্য বহু পৰিমাণে হ্ৰাস কৰে।

author-image
Asomiya Pratidin
New Update
চুলিৰ এই গুৰুতৰ সমস্যা সমাধানৰ সহজ উপায়কেইটা জানি লওঁক

get rid of split ends with these easy methods

ডিজিটেল ডেস্ক: যেতিয়া চুলিৰ সঠিক যত্ন লোৱা নহয়, তেতিয়া চুলি দুৰ্বল হৈ ইয়াৰ আগবোৰ ফাটিবলৈ আৰম্ভ কৰে।ফটা চুলিয়ে আমাৰ সৌন্দৰ্য বহু পৰিমাণে হ্ৰাস কৰে।সেয়েহে, চুলিখিনি যাতে নাফাটে, তাৰ বাবে উচিত যত্ন লোৱাটো খুবেই প্ৰয়োজন।আজি চুলিৰ আগ ফটাৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়সমূহৰ বিষয়ে জানো আহক- 

Advertisment

চুলি ফটাৰ মূল কাৰণ 

হেয়াৰ ড্ৰায়াৰ, ষ্ট্ৰেটনাৰ আৰু কাৰ্লিং ইস্ত্ৰীৰ অত্যাধিক ব্যৱহাৰে চুলি দুৰ্বল আৰু শুকান কৰে। যাৰ ফলত চুলি ফাটে। চুলি ৰং কৰা, পাৰ্মিং কৰা বা অন্যান্য ৰাসায়নিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰিলে চুলিৰ ক্ষতিগ্ৰস্ত হয়।সেয়েহে, এইসমূহৰ পৰা চুলিক পাৰিলে বচাই ৰাখিব।

আৰ্দ্ৰতাৰ অভাৱ

আৰ্দ্ৰতাৰ অভাৱৰ বাবেও চুলি শুকান হৈ পৰে। যাৰ ফলত চুলিৰ আগ ফাটিবলৈ আৰম্ভ কৰে। তদুপৰি, সূৰ্যৰ অতিবেঙুনীয়া (ইউভি) ৰশ্মিয়ে চুলিৰ ক্ষতি কৰে।বহুদিন ধৰি চুলি নকটা তথা চুলিৰ স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয় পুষ্টিৰ অভাৱৰ ফলতো চুলি দুৰ্বল আৰু ফাটিব পাৰে।

চুলি ফটা সমস্যাৰ পৰা সমাধান লাভৰ উপায়

নিয়মীয়া ট্ৰিমিং

প্ৰতি ৬-৮ সপ্তাহৰ মূৰে মূৰে চুলি কটাটো খুবেই বেছি জৰুৰী। ই চুলি ফটা সমস্যা ৰোধৰ আটাইতকৈ কাৰ্যকৰী উপায়।নিয়মীয়াকৈ চুলি কটাৰ ফলত চুলি স্বাস্থ্যৱান আৰু শক্তিশালীও হয়।

হেয়াৰ মাস্ক, কণ্ডিচনাৰ

চুলি ফটাৰ সমস্যাৰ পৰা মুক্তি পাবলৈ সদায় হেয়াৰ মাস্ক আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব। ই চুলিত আৰ্দ্ৰতা বৰ্তাই ৰাখে আৰু শক্তিশালী কৰে।

তাপ সুৰক্ষা

চুলিৰ ষ্টাইলিং সঁজুলি ব্যৱহাৰ কৰোতে সদায় তাপ সুৰক্ষা স্প্ৰে ব্যৱহাৰ কৰিব। ই চুলিক তাপৰ পৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে।

প্ৰাকৃতিক তেলৰ ব্যৱহাৰ

নাৰিকল তেল, বাদাম তেল বা আৰ্গান তেলৰ সৈতে চুলি মালিচ কৰক। ই চুলিক পুষ্টি প্ৰদান কৰাৰ লগতে শক্তিশালী কৰি ৰখাত সহায় কৰে।

ৰাসায়নিক চিকিৎসা পৰিহাৰ কৰিব

চুলিৰ ৰং বা অন্যান্য ৰাসায়নিক চিকিৎসা অত্যাধিক ব্যৱহাৰ নকৰিব। যদি খুব প্ৰয়োজন হয়, তেতিয়া কৰিব আৰু চুলিৰ সঠিক যত্ন ল'ব।

আৰ্দ্ৰতা 

হাইড্ৰেটিং ছেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব, ই চুলিৰ আৰ্দ্ৰতা বজাই ৰাখে। সঘনাই চুলি ধোৱা পৰিহাৰ কৰিব, কিয়নো ইয়াৰ ফলত চুলিৰ প্ৰাকৃতিক তেল হেৰুৱাব পাৰে।

স্বাস্থ্যকৰ আহাৰ

ভিটামিন, খনিজ আৰু প্ৰ'টিনসমৃদ্ধ আহাৰ খাব। ই চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি ফটা প্ৰতিহত কৰে।

কিদৰে ল'ব চুলিৰ যত্ন ?

- চুলি গামোচা-টাৱেলেৰে ঘঁহি দিয়াৰ সলনি পাতলকৈ মচিব।তিতা হৈ থাকিলে চুলিত সাৱধানে ফনী ব্যৱহাৰ কৰিব, কিয়নো তিতা চুলি দুৰ্বল।

- অতি গৰম পানীৰে চুলি ভুলতো নুধুব। গৰম পানীয়ে চুলি শুকান কৰে, যাৰ ফলত চুলি ফাটে।

- চুলি সদায় ওপৰৰ পৰা তলতৈ ফনীয়াব।

- শোৱাৰ আগতে চুলি সদায় বান্ধি শুব। ই চুলিৰ ঘৰ্ষণ হ্ৰাস কৰে।যাৰ বাবে চুলি ভালে থাকে। 

Also Read: ছাল-চুলি নষ্ট হৈ ম্লান হৈ পৰিব আপোনাৰ সৌন্দৰ্য