আপোনাৰ নাম বাৰু কি আখৰৰে আৰম্ভ হৈছে ?

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰটোয়ে তেওঁৰ ব্যক্তিত্বৰ বিষয়ে বহুখিনি প্ৰকাশ কৰে। নামৰ প্ৰথম আখৰৰ পৰা ব্যক্তিৰ প্ৰকৃতি, কেৰিয়াৰ তথা বিবাহৰ সৈতে সম্পৰ্কিত বহুতো কথাই জানিব পাৰি।

author-image
সংগীতা দাস
New Update
প্ৰিয়জন web

ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ অনুসৰি, এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰটোয়ে তেওঁৰ ব্যক্তিত্বৰ বিষয়ে বহুখিনি প্ৰকাশ কৰে। নামৰ প্ৰথম আখৰৰ পৰা ব্যক্তিৰ প্ৰকৃতি, কেৰিয়াৰ তথা বিবাহৰ সৈতে সম্পৰ্কিত বহুতো কথাই জানিব পাৰি। নামৰ পৰাই এগৰাকী যুৱতীৰ জীৱনসংগীৰ কেনে হ’ব সেয়া আগতীয়াকৈ জানিব পাৰি। হয়, বিয়াৰ পিছত কোন যুৱতীয়ে স্বামীৰ মৰম-যতন লাভ কৰি সুখৰে সংসাৰ গঢ়িব পাৰে, আজি জানো আহক-

Advertisment

যাৰ নাম আৰম্ভ হয় ‘প’ আখৰৰে 

জ্যোতিষ শাস্ত্ৰৰ মতে, যিসকল ছোৱালীৰ নাম ‘প’ আখৰৰে আৰম্ভ হয়, তেওঁলোকে নিজৰ পছন্দ অনুসৰিয়েই জীৱন সংগী লাভ কৰে।এই আখৰৰে নাম আৰম্ভ হোৱা যুৱতীসকলক তেওঁলোকৰ সংগীয়ে বহুত যত্ন লৈ সুখত ৰাখে। এইসকলৰ স্বামী বহুত বুদ্ধিমানো হয়।

যাৰ নাম আৰম্ভ হয় ‘ম’ আখৰৰে 

‘ম’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীসকল তেওঁলোকৰ সংগীৰ বাবে অতি ভাগ্যৱান। এইসকল ছোৱালীৰ সকলো কথাই স্বামীয়ে শুনে আৰু তেওঁলোকৰ পৰামৰ্শ অবিহনে স্বামীয়ে একো সিদ্ধান্ত নলয়। যাৰ বাবে একো খেলি-মেলি নোহোৱাকৈ তেওঁলোকে সুখৰে সংসাৰ চলাই নিব পাৰে।

যাৰ নাম আৰম্ভ হয় ‘অ’ আখৰৰে 

যিসকল ছোৱালীৰ নাম ‘অ’ আখৰৰে আৰম্ভ হয়, তেওঁলোকে সুদৰ্শন স্বামী লাভ কৰে। এনে ছোৱালীৰ স্বামীৰ সকলোকে আকৰ্ষিত কৰিব পৰা এক বিশেষ গুণ থাকে। বিয়াৰ পিছতে এই নামৰ ছোৱালীসকলক স্বামীয়ে খুব মৰমত ৰাখে।

‘স’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালী 

‘স’ আখৰৰে নাম আৰম্ভ ছোৱালীসকলকো স্বামীয়ে খুব মৰমত ৰাখে। তেওঁলোকৰ প্ৰতিটো প্ৰয়োজনৰ হিচাপ ৰাখি জীৱনটো উপভোগ কৰাৰ সুবিধা দিয়ে জীৱন সংগীয়ে। এই নামৰ ছোৱালীৰ বিয়াৰ পিছৰ সময়ছোৱা খুব উপভোগ্য হয়। ধন-জন সকলো ফালৰ পৰাই তেওঁলোক সুখী হয়।