/asomiyapratidin/media/media_files/2025/07/09/web-ap-atm-2025-07-09-13-51-01.jpg)
ডিজিটেল ডেস্ক: আজিকালি বৃদ্ধ হৈ মৃত্যু হোৱাৰ ধাৰণাটো লোপ পাবলৈ ধৰিছে। খুব কম বয়সতে অতি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ বহুজনৰ প্ৰাণ গৈছে। ইফালে, অধিকাংশ ৰোগৰে প্ৰকৃত কাৰণ জনাটোও একেবাৰে টান হৈ পৰিছে। অৱশ্যে এই কথাও নিশ্চিত যে, জীৱনশৈলীৰ অৱণতিয়ে আমাক অধিক ৰোগীয়া কৰিছে। কেতিয়াবা আমাৰ বাবে উপযোগী বস্তুবোৰেও আমাক ৰোগীয়া কৰে। বিশেষজ্ঞৰ মতে, আমি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এ টি এম মেচিনো ভয়াৱহ ৰোগৰ কাৰক। আচলতে এটিএমৰ পৰা নগদ ধন লাভৰ পাছত অথবা কিছুমান দোকানত বিল দিয়াৰ পাছত মেচিনৰ পৰা যি ৰচিদ ওলায়, সেই ৰচিদবোৰেও ৰোগ বিয়পায়।
কি কয় বিশেষজ্ঞই ?
আমেৰিকাৰ ব’ৰ্ডৰ অধীনত ডাঃ ৰবি গুপ্তাৰ তত্বাৱধানত কেইজনমান বিশিষ্ট চিকিৎসকে কৰা শেহতীয়া এক অধ্যয়নত পোহৰলৈ আহিছে যে, এটিএম বা দোকানত বিল দিয়াৰ পাছত ওলোৱা ৰছিদত যি চিয়াঁহী থাকে, সেয়া প্লাষ্টিকৰ। এই প্লাষ্টিক আৰু শীতল পানীয়ৰ বটল তৈয়াৰ কৰা প্লাষ্টিক একেই। সেয়েহে, আমি ভবাৰ দৰে এই কাগজখন এখন সাধাৰণ কাগজ নহয়। ইয়াত বহু অদৃশ্য বীজাণু থাকে, যিয়ে আমাৰ শৰীৰৰ হৰম’নবোৰ নষ্ট কৰে। ইয়াৰ বাবে পুৰুষৰ বন্ধ্যাত্বৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে।
কি ৰোগৰ আশংকা বৃদ্ধি কৰে এই চিয়াঁহীয়ে ?
এই প্লাষ্টিকৰ কণিকাই কেন্সাৰ ৰোগৰ সম্ভাৱনা এশ শতাংশ বৃদ্ধি কৰে। এই কাগজ স্পৰ্শ কৰি কোনো লোকেই হাত নোধোয়ে। এনে পৰিস্থিতিত কাগজত থকা চিয়াঁহীয়ে আমাৰ শৰীৰৰ যিকোনো অংশত প্ৰভাৱ পেলাব পাৰে। লগতে অংগ ক্ষতিৰো ই এক প্ৰধান কাৰণ।
এই চিয়াঁহী কেনেকৈ তৈয়াৰ কৰা হয় ?
এটিএমৰ ৰচিদত ছপা হোৱা চিয়াঁহী সাধাৰণ চিয়াঁহী নহয়। ই হৈছে তাপীয় চিয়াঁহী, যিটো এটা ৰাসায়নিক পদাৰ্থৰে তৈয়াৰ কৰা হয়। ইয়াক ৰাসায়নিক আৱৰণযুক্ত কাগজ বুলিও ক’ব পাৰি, য’ত লিউকো ডাই আৰু ডেভেলপাৰৰ দৰে ৰাসায়নিক পদাৰ্থ থাকে। এই চিয়াঁহীয়ে কাগজত তাপৰ সৈতে কাম কৰে, তাৰ পিছত ইয়াৰ ৰং ক’লা বা নীলা হয়, তাৰ পিছত কাগজত ছপা কৰা হয়। এই ৰাসায়নিক পদাৰ্থবোৰত বিপিএ আৰু বিপিএছ থকা বুলি ধৰা হয়।
কেনেকৈ এৰাই চলিব পাৰি ?
কাগজ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ডিজিটেল ৰচিদ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত মেচিনৰ কাগজো ৰাহি হয় আৰু অনলাইন ৰচিদখন আপোনাৰ ওচৰত দীৰ্ঘদিন ধৰি সুৰক্ষিত হৈ থাকে।
শিশুৰ পৰা দূৰত ৰাখিব
এই কাগজ যাতে শিশুৰ হাতত নালাগে, তাৰ প্ৰতি সতৰ্ক হ'ব। যদি আপুনি এই কাগজ স্পৰ্শ কৰে, তেন্তে পঢ়ি বা পৰীক্ষা কৰাৰ পিছত লগে লগে হাত ধুব। খাদ্য খোৱাৰ আগতে ভুলতো এই ৰচিদ নুচুব। তদুপৰি, কাগজখন বেছি সময় লগত নাৰাখিব, কাগজখন পৰীক্ষা কৰা হ’লে লগে লগে পেলাই দিব।