ছিংৰা, জেলেপী খোৱাৰ আগতে আপুনি কৰিব লাগিব এই কাম

যদি আপুনিও চাহৰ সৈতে বিস্কুট, ছিংৰা বা জেলেবী খাবলৈ ভাল পায়, তেন্তে এই খবৰ আপোনাৰ বাবে। এতিয়াৰে পৰা এইসমূহ খাদ্য খোৱাৰ পূৰ্বে আপুনি পঢ়িব লাগিব স্বাস্থ্য সতৰ্কবাণী। যিদৰে চিগাৰেট, সুৰা আদিসমূহত 'স্বাস্থ্যৰ পক্ষে হানিকাৰক' বুলি লেখা থাকে, ঠেক তেনেদৰেই।

author-image
সংগীতা দাস
New Update
ছিংৰা, জেলেপী

ডিজিটেল ডেস্ক: যদি আপুনিও চাহৰ সৈতে ছিংৰা বা জেলেবী খাবলৈ ভাল পায়, তেন্তে এই খবৰ আপোনাৰ বাবে। এতিয়াৰে পৰা এইসমূহ খাদ্য খোৱাৰ আগতে আপুনি পঢ়িব লাগিব স্বাস্থ্য সতৰ্কবাণী। যিদৰে চিগাৰেট, সুৰা আদিত 'স্বাস্থ্যৰ পক্ষে হানিকাৰক' বুলি লেখা থাকে, ঠেক তেনেদৰেই। স্বাস্থ্য মন্ত্ৰণালয়ে এইমছ নাগপুৰকে ধৰি সকলো কেন্দ্ৰীয় প্ৰতিষ্ঠানকে 'oil and sugar boards' লগাবলৈ নিৰ্দেশ দিছে। য'ত এই খাদ্যত কিমান চৰ্বি আৰু চেনি থাকে, সেই কথা স্পষ্টকৈ উল্লেখ থাকিব। 

Advertisment

আন বহু খাদ্যতো থাকিব সতৰ্কবাণী

স্বাস্থ্য মন্ত্ৰণালয়ৰ উদ্দেশ্য হৈছে সকলোৰে পছন্দৰ এই অস্বাস্থ্যকৰ খাদ্যত থকা চেনি আৰু তেলৰ পৰিমাণৰ বিষয়ে নাগৰিকসকলক সতৰ্ক কৰি দিয়া। আনহাতে, ছিংৰা আৰু জেলেপীৰ উপৰিও পিজ্জা, পকোৰা, কলৰ চিপচ, বাৰ্গাৰ, শীতল পানীয়, লাডু, বড়া পাউ, চকলেট, পেষ্ট্ৰি আদিৰ সন্দৰ্ভতো তদন্ত চলি আছে। এই সতৰ্কবাণীসমূহ অতি সোনকালে কেফেটেৰিয়া আৰু ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰা হ’ব।

 অত্যন্ত মেদবহুল হৈছে ভাৰতীয়

এই সম্পূৰ্ণ বিষয়টোৰ সন্দৰ্ভত ভাৰতীয় কাৰ্ডিঅ’লজিকেল ছ’চাইটি, নাগপুৰ অধ্যায়ৰ সভাপতি অমৰ আমলেই কয়, 'চেনি আৰু ট্ৰেন্স ফেট হৈছে নতুন ধঁপাত। মানুহে কি খাইছে সেই কথা জনাৰ অধিকাৰ আছে। গৱেষণাত পোহৰলৈ আহিছে যে,  ২০৫০লৈ ৪৪.৯ কোটিতকৈ অধিক ভাৰতীয়ৰ অভাৱনীয় হাৰত ওজন বৃদ্ধি বা মেদবহুলতাৰ চিকাৰ হ’ব। এই ক্ষেত্ৰত দেশখন আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত থাকিব। ইতিমধ্যে প্ৰতি পাঁচজন চহৰীয়া প্ৰাপ্তবয়স্কৰ ভিতৰত এজন মেদবহুল লোক। বেয়া খাদ্যাভ্যাস আৰু শাৰীৰিক ক্ৰিয়া-কলাপ একেবাৰে কম হোৱাৰ বাবে শিশুৰ মাজতো মেদবহুলতাৰ সমস্যাই ভয়াৱহ ৰূপ লৈছে।

ইফালে, চিকিৎসকৰ মতে, যদি মানুহে জানে যে এটা গুলাব জামুনত পাঁচ চামুচ চেনি থাকে, তেন্তে গুলাব জামুন খোৱাৰ আগতে তেওঁলোকে দুবাৰ ভাবিব।'  আনহাতে, এই কাম পোন প্ৰথমে নাগপুৰে আৰম্ভ হ'ব। নাগপুৰৰ মুখৰ পানী ওলোৱা প্ৰতিটো এনে খাদ্যৰ  কাষত এখন ৰঙীন ব'ৰ্ড থাকিব য'ত লিখা থাকিব, 'স্মাৰ্ট হৈ খাওঁক। আপোনাৰ ভৱিষ্যতে আপোনাক ধন্যবাদ দিব।'