Advertisment

পাৰ্লাৰৰ নামত আৰু ধন ব্যয় কৰিব নালাগে

শীতকালত যদি আপুনি দীঘলীয়া সময়ৰ বাবে ছালৰ আৰ্দ্ৰতা বজাই ৰাখিব বিচাৰে, তেনেহ'লে বজাৰৰ নামী-দামী সামগ্ৰী বাদ দি ঘৰুৱা প্ৰতিকাৰৰ সহায় লওঁক। বজাৰত উপলব্ধ লচন আৰু ক্ৰীমে কিছু সময়ৰ বাবে সহায় কৰে ঠিকেই, কিন্তু সেইবোৰৰ আৰ্দ্ৰতা দ্ৰুততাৰে হ্ৰাস হয়।

author-image
Asomiya Pratidin
New Update
winter skincare

winter skincare

ডিজিটেল ডেস্ক: শীতকালত ঠাণ্ডা বতাহৰ বাবে আমাৰ ছাল প্ৰায়ে শুকান হৈ পৰে। এই সময়ছোৱাত ছালক সঠিক যত্নৰ প্ৰয়োজন। যদি আপুনি দীঘলীয়া সময়ৰ বাবে ছালৰ আৰ্দ্ৰতা বজাই ৰাখিব বিচাৰে, তেনেহ'লে বজাৰৰ নামী-দামী সামগ্ৰী বাদ দি ঘৰুৱা প্ৰতিকাৰৰ সহায় লওঁক। বজাৰত উপলব্ধ লোচন আৰু ক্ৰীমে ছালক কিছু সময়ৰ বাবে সহায় কৰে ঠিকেই, কিন্তু সেইবোৰৰ আৰ্দ্ৰতা দ্ৰুততাৰে হ্ৰাস হয়।শুকান ছাল মসৃণ কৰাৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে আজি জানো আহক-

Advertisment

কল-ভেচেলিনৰ ব্যৱহাৰ

শীতকালত শুকান ছালৰ সমস্যা সমাধানত কল আৰু ভেচেলিনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।কলত পুষ্টি থাকে, যিয়ে ছালক গভীৰভাৱে আৰ্দ্ৰ কৰাত সহায় কৰে। আনহাতে ভেচেলিনে ছালত এক সুৰক্ষা স্তৰ সৃষ্টি কৰি আৰ্দ্ৰতা বন্ধ কৰে। এই প্ৰতিকাৰটো গ্ৰহণ কৰিবলৈ আপুনি পকা কল এটাৰ আধা পিটিকি তাত ১ চাহ চামুচ মৌ আৰু ১ চাহ চামুচ গ্লিচাৰিন যোগ দিব। এই মিশ্ৰণটো ভালদৰে মিহলি কৰি ইয়াক ১০ মিনিটৰ বাবে মুখত লগাই ৰাখিব। ইয়াৰ পিছত, মুখখন কুহুমীয়া পানীৰে ধুই পেলাব। এই পেষ্টটোয়ে ছালক গভীৰভাৱে আৰ্দ্ৰতা প্ৰদান কৰে, যাৰ ফলত ছাল স্বাস্থ্যৱান হোৱাৰ লগতে অধিক কোমল আৰু উজ্জ্বল হয়।শুকান ছালৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি এইদৰে সপ্তাহত দুবাৰকৈ মুখত ব্যৱহাৰ কৰিব।

গ্লিচাৰিন-গোলাপ জল

গ্লিচাৰিন আৰু গোলাপ জলৰ সংমিশ্ৰণ শুকান ছালৰ সমস্যা দূৰ কৰিবলৈ যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণিত। গোলাপৰ পানীয়ে ছালক সতেজতা প্ৰদান কৰে, আনহাতে গ্লিচাৰিনে ছালত আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। এই পেষ্ট প্ৰস্তুত কৰিবলৈ স্প্ৰে বটল এটাত ২ চাহ চামুচ গ্লিচাৰিন আৰু ২ চাহ চামুচ গোলাপ পানী ভালদৰে মিহলি কৰিব যাতে ই ট'নাৰৰ দৰে কাম কৰে। দিনত ২ বাৰকৈ আপোনাৰ মুখত এই টনাৰটো স্প্ৰে কৰক। ই ছালখনক হাইড্ৰেটেড কৰি ৰখাৰ লগতে ঠাণ্ডা বতাহে ছালখনক প্ৰভাৱিত কৰিব নোৱাৰাকৈ সুৰক্ষা দিব। ৰাতি শোৱাৰ আগতে এই স্প্ৰেৰ নিয়মীয়া ব্যৱহাৰে আপোনাৰ ছাল কোমল আৰু উজ্জ্বল কৰি ৰাখিব। 

মুলতানি মাটি -ঘৰুৱা মিশ্ৰণ

মুলতানি মাটিৰ নাম শুনিলে তেলেতীয়া ছালৰ যত্নৰ কথা মনলৈ আহে যদিও ই শুকান ছালৰ বাবেও এক উৎকৃষ্ট প্ৰতিকাৰ। মুলতানি মাটিয়ে ছালৰ পৰা অশুদ্ধিবোৰ পৰিস্কাৰ কৰাৰ লগতে ইয়াক সতেজ আৰু কোমল কৰি তোলে। ইয়াক অধিক কাৰ্যকৰী কৰিবলৈ আপুনি ইয়াত নেমু, মৌ বা দৈৰ দৰে প্ৰাকৃতিক বস্তু যোগ দিব পাৰে। এই পেষ্ট প্ৰস্তুত কৰিবলৈ ২ চাহ চামুচ মুলতানি মাটি লওঁক আৰু ইয়াত ১চাহ চামুচ মৌ আৰু ২ চাহ চামুচ দৈ যোগ দি এটা ডাঠ পেষ্ট বনাওক আৰু ইয়াক মুখত লগাই ১৫ মিনিটৰ বাবে শুকাবলৈ দিব। ইয়াৰ পিছত কুহুমীয়া পানীৰে মুখখন পৰিস্কাৰ কৰিব। এই মিশ্ৰণটোৱে ছালখন গভীৰভাৱে আৰ্দ্ৰ কৰে আৰু ছালৰ শুষ্কতা আঁতৰ কৰে।এইদৰে সপ্তাহত এবাৰ ব্যৱহাৰ কৰিলে শীতকালত আপোনাৰ ছাল স্বাস্থ্যৱান হৈ থাকিব।

এইসমূহ দিশত মন দিব

বিশেষজ্ঞৰ পৰামৰ্শ লওঁক 

ঘৰুৱা প্ৰতিকাৰ যিমানে অধিক কাৰ্যকৰী হয়, সেইবোৰ আপোনাৰ ছালৰ প্ৰকাৰ অনুসৰি ব্যৱহাৰ কৰাটো সিমানেই গুৰুত্বপূৰ্ণ। সংবেদনশীল ছাল থকা লোকসকলে যিকোনো ঘৰুৱা প্ৰতিকাৰৰ সহায় লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। সঠিক পৰামৰ্শৰ দ্বাৰা আপুনি উন্নত ফলাফল প্ৰাপ্ত কৰিব পাৰে আৰু ছালৰ ক্ষতি পৰিহাৰ কৰিব পাৰে।

সাৱধানতাৰে গ্লিচাৰিন ব্যৱহাৰ কৰক

গ্লিচাৰিনে ছালখন গভীৰভাৱে ময়শ্চাৰাইজ কৰাত সহায় কৰে, কিন্তু ইয়াক পোনপটীয়াকৈ ছালত প্ৰয়োগ কৰিলে জ্বলা-পোৰাৰ সমস্যা হব পাৰে। সেয়েহে, ইয়াক সদায়ে গোলাপ জল বা অন্যান্য উপাদানৰ সৈতে মিহলি কৰি ব্যৱহাৰ কৰিব।

ছালৰ পৰীক্ষাৰ প্ৰয়োজন

শীতকালত ছাল সংবেদনশীল হৈ পৰে, যাৰ ফলত যিকোনো নতুন সামগ্ৰী ব্যৱহাৰ কৰাৰ আগতে ছাল পৰীক্ষা কৰাটো প্ৰয়োজনীয়।এই পৰীক্ষাৰ পৰা আপুনি নিশ্চিত হ'ব পাৰে যে আপোনাৰ ছালে সেই সামগ্ৰীটো সহ্য কৰিব পাৰিবনে। ই ছালত দাগ বা জ্বলা-পোৰাৰ দৰে সমস্যা প্ৰতিহত কৰাত সহায় কৰে। শীতকালত ছালৰ যত্ন লোৱা কঠিন নহয়। মাত্ৰ অলপ সাৱধানতা আৰু ঘৰুৱা প্ৰতিকাৰৰ সঠিক ব্যৱহাৰে আপোনাৰ ছালখন ধুনীয়া আৰু কোমল কৰি ৰাখিব।

বি.দ্ৰ: মুখত যিকোনো প্ৰয়োগ কৰাৰ আগতে  ছাল পৰীক্ষা কৰক আৰু বিশেষজ্ঞ এজনৰ পৰামৰ্শ ল’ব।

Also Read: ছালৰ যত্নত কিদৰে পনীৰ ব্যৱহাৰ কৰিব, জানি লওক