ছালৰ যত্নত কিদৰে পনীৰ ব্যৱহাৰ কৰিব, জানি লওক

আপুনি যদি উজ্জ্বল ছালৰ গৰাকী হ’বলৈ বিচাৰে, পনীৰৰ ‘ফেচপেক’ ব্যৱহাৰ কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
ছালৰ যত্নত কিদৰে পনীৰ ব্যৱহাৰ কৰিব, জানি লওক

ডিজিটেল ডেস্ক: পনীৰ আমাৰ বহুতৰে প্ৰিয়।পনীৰ সোৱাদৰে পৰিপূৰ্ণ হোৱাৰ লগতে পুষ্টিৰেও সমৃদ্ধ।পনীৰক প্ৰ'টিনৰ অতি ভাল উৎস বুলি গণ্য কৰা হয়।সেয়েহে বহুলোকে ইয়াক দৈনিক আহাৰত গ্ৰহণ কৰে।পনীৰ ছালৰ বাবেও অতি উপকাৰী।ইয়াক অতি উৎকৃষ্ট ‘ময়েশ্চাৰাইজিং এজেণ্ট’ বুলি গণ্য কৰা হয়। আপুনি যদি উজ্জ্বল ছালৰ গৰাকী হ’বলৈ বিচাৰে, পনীৰৰ ‘ফেচপেক’ ব্যৱহাৰ কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

পনীৰৰ ‘ফেচপেক’ৰ বাবে দৰকাৰী সামগ্ৰীসমূহ

পনীৰৰ টুকুৰা -২টা

নেমুৰ ৰস - ১ চামুচ 

মৌ - ১ চামুচ 

ভিটামিন-ই কেপচুল -২টা 

কিদৰে প্ৰস্তুত কৰিব ?

. প্ৰথমে এটা বাটিত পনীৰৰ টুকুৰা দুটা গুৰি কৰি ল’ব। 

. ইয়াৰ পাছত তাত নেমুৰ ৰস আৰু ভিটামিন-ই কেপচুল মিহলাই এটা পেষ্ট প্ৰস্তুত কৰক।

. আপোনাৰ ঘৰত বনোৱা উপকাৰী ‘ফেচপেক’ সাজু। 

কেনেদৰে ব্যৱহাৰ কৰিব ?

. মুখখন ভালদৰে পানীৰে ধুই ল’ব।

. তাৰ পিছত মুখ আৰু ডিঙিত ‘ফেচপেক’টো প্ৰয়োগ কৰক। 

. ২০ মিনিটৰ পাছত মুখখন ধুই পেলাব। 

.  আপুনি এই ‘ফেচপেক’টো সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰে। 

এই ‘ফেচপেক’ প্ৰয়োগ কৰাৰ লাভালাভ

. পনীৰৰ ‘ফেচপেক’ প্ৰয়োগ কৰিলে ছালৰ ‘টেনিং’ আঁতৰ হয়। এই ‘ফেচপেক’য়ে ছালত বয়স বৃদ্ধিৰ লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰে। 

.এই ‘ফেচপেক’টো প্ৰয়োগ কৰিলে ছালখনৰ কোঁচ আৰু সূক্ষ্ম ৰেখাৰ সমস্যাও দূৰ হয়। 

. পনীৰৰ ‘ফেচপেক’ ব্যৱহাৰে ছাল অতি উজ্জ্বল আৰু নিখুঁত কৰি তোলে। এই ‘ফেচপেক’য়ে ছালক পুষ্টি প্ৰদান কৰাত সহায় কৰে।সেয়েহে ছালৰ সৌন্দৰ্য বঢ়াবলৈ আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ ছালৰ কোনো ক্ষতি নকৰে।

বি.দ্ৰ: কিন্তু যদি আপোনাৰ ছালৰ এলাৰ্জি আছে, এই ‘ফেচপেক’ ব্যৱহাৰৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Also Read: ঘৰুৱা প্ৰতিকাৰৰে এই সমস্যাৰ সমাধান পাওঁক