নামী-দামী ক্ৰীম নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা প্ৰতিকাৰ

সৌন্দৰ্য ম্লান কৰাত মুখত থকা ক'লা দাগে কি ভূমিকা গ্ৰহণ কৰে, তাক হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।সকলোয়ে, বিশেষকৈ মহিলাসকলে এনে দাগৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ বজাৰত উপলব্ধ বহু নামী-দামী সামগ্ৰী ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে।

author-image
Asomiya Pratidin
New Update
নামী-দামী ক্ৰীম নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা প্ৰতিকাৰ

ডিজিটেল ডেস্ক: সৌন্দৰ্য ম্লান কৰাত মুখত থকা ক'লা দাগে কি ভূমিকা গ্ৰহণ কৰে, তাক হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।সকলোয়ে, বিশেষকৈ মহিলাসকলে এনে দাগৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ বজাৰত উপলব্ধ বহু নামী-দামী সামগ্ৰী ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে। কিন্তু কেতবোৰ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে।হয়, তলত উল্লেখ কৰা প্ৰতিকাৰৰ সহায়ত আপুনি যিমানেই পুৰণা দাগ নহওঁক কিয়, সেয়া আঁতৰাব পাৰিব।

Advertisment

নেমুৰ ৰস

নেমুৰ ৰসত ভিটামিন চি থাকে, যিয়ে ছালৰ দাগ হ্ৰাস কৰাত সহায় কৰিব পাৰে।সেয়েহে, প্ৰতি নিশা আপোনাৰ মুখত নেমুৰ ৰস লগাব আৰু ৰাতিপুৱা ধুই পেলাব।

হালধি-দৈ

হালধিৰ বেক্টেৰিয়া-ৰোধী গুণাগুণ আছে, যি ছালৰ দাগ হ্ৰাস কৰাত সহায়ক। এক চাহ চামুচ গৰুৰ গাখীৰৰে তৈয়াৰ কৰা দৈত এক চাহ চামুচ হালধি মিহলি কৰক আৰু ইয়াক ১৫-২০ মিনিটৰ বাবে আপোনাৰ মুখত লগাব।নিৰ্দিষ্ট সময়ৰ পিছত পৰিস্কাৰ পানীৰে মুখখন ধুই পেলাব।

এল'ভেৰা- মৌ

এল'ভেৰাৰ ৰসত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছাল পৰিস্কাৰ কৰাত সহায় কৰিব পাৰে। এল'ভেৰাৰ সৰু টুকুৰা এটাত অকনমান মৌ লৈ মুখত লাহে লাহে সানিব। ১০-১৫ মিনিটৰ পিছত মুখখন ভালদৰে ধুই পেলাব।

গোলাপ জল

গোলাপ জল যথেষ্ট গুণ সম্পন্ন। যিয়ে ছালক শীতলতা প্ৰদান কৰে। আপুনি গোলাপ জল প্ৰতি নিশা কপাহত তিয়াই মুখত লগাই থৈ ৰাতিপুৱা ধুই পেলাব। 

নাৰিকল তেল 

নাৰিকল তেলত থকা ভিটামিন ইয়ে ছালৰ ৰং উন্নত কৰে। ৰাতি টোপনি যোৱাৰ আগতে ইয়াক আপোনাৰ মুখত প্ৰয়োগ কৰিব আৰু ৰাতিপুৱা ধুই পেলাব।

Also Read: প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ এইদৰে লওঁক ছালৰ যতন