/asomiyapratidin/media/media_files/2025/06/29/jjjj-2025-06-29-08-58-53.jpg)
ডিজিটেল ডেস্কঃ পুৰীৰ জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰাত পদপিষ্ট হৈ মৃত্যু হৈছে ৩গৰাকী লোকৰ। ৬২৫গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ থকাৰ কথা সদৰি কৰিছে প্ৰশাসনে। বিগত ২৪ঘন্টাত ৭০গৰাকীকৈ ভক্তক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰে ৯গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, এই ৰথ যাত্ৰা আৰম্ভ হোৱা প্ৰথম দিনটোতে প্ৰায় ১০লাখ লোকৰ সমাগম হৈছিল। অৱশ্যে ইয়াৰ পিছৰ দিনটোত ভক্তৰ উপস্থিতিৰ পৰিমাণ ১০-২০শতাংশ হ্ৰাস পোৱা বুলি সদৰি কৰিছে মন্দিৰ কৰ্তৃপক্ষই।