/asomiyapratidin/media/media_files/2025/06/29/knhknh-2025-06-29-15-34-04.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ শক্তিপীঠ মা মহামায়া মন্দিৰত উপস্থিত হয় আধ্যাত্মিক গুৰু শংকৰ আচাৰ্য্য। গুৱাহাটীৰ নীলাচলত অৱস্থিত শক্তিপীঠ মা কামাখ্যাৰ মন্দিৰৰ অম্বুবাচী মেলাৰ পৰা পোনে পোনে মা মহামায়া মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনা কৰে আধ্যাত্মিক গুৰুগৰাকীয়ে।
মা মহামায়াৰ ওচৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ লগতে বিটিআৰবাসীৰ বাবে মংগল কামনা কৰে। আধ্যাত্মিক গুৰুগৰাকী মা মন্দিৰৰ উপস্থিত হোৱাত বিটিআৰ পৰিষদীয় চৰকাৰৰ হৈ উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ ইএম ড° নিলোৎ স্বৰ্গিয়াৰী।