/asomiyapratidin/media/media_files/2025/03/01/1N1MAF64Jdj2j6aQVk0n.jpeg)
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত এটা ভিডিঅ'ই বিশেষ চৰ্চা লাভ কৰিছে। এই ভিডিঅ’টোত এগৰাকী কন্যাই তেওঁৰ মাতৃক নিৰ্মমভাৱে প্ৰহাৰ কৰি থকা দেখা গৈছে। খুব কম সময়তে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে চৌদশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এই ভিডিঅ'টোত দেখা গৈছে যে মহিলাগৰাকীয়ে নিজকে ৰক্ষা কৰিবৰ বাবে বিচনাৰ পৰা নামিবলৈ চেষ্টা কৰি আছে যদিও কিন্তু তেওঁৰ কন্যাই নিৰন্তৰ ভাৱে তেওঁক প্ৰহাৰ কৰি আছে। মহিলাগৰাকীয়ে কান্দি কান্দি কন্যাক বাধা দিছে যদিও কন্যাৰ হাত কোনো প্ৰকাৰে ৰোৱা নাছিল। সঁচাই, প্ৰতিজন ব্যক্তিকে বাকৰূদ্ধ কৰিছে এই ভিডিঅ’য়ে। আচলতে, সভ্য সমাজত এই দৃশ্য অত্যন্ত বেদনাদায়ক আৰু লজ্জাজনক।
যিকোনো ব্যক্তিৰ বাবেই তেওঁৰ মাতৃ আটাইতকৈ ধুনীয়া আৰু প্ৰিয়। আনহাতে, যিকোনো সম্পৰ্কতকৈ আটাইতকৈ বিশেষ মাতৃ আৰু কন্যাৰ মাজৰ সম্পৰ্ক। এগৰাকী মাতৃয়ে নিজৰ সুখ আৰু শান্তি ত্যাগ কৰি নিজৰ গোটেই জীৱন নিজৰ সন্তানৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ পাছতো নিজৰ সন্তানৰ পৰা এনে ব্যৱহাৰ লাভ কৰাটো সঁচাকৈয়ে দুখজনক।
মহিলাগৰাকীয়ে কন্যাৰ পৰা পলাই সাৰিবলৈ সকলো সম্ভৱ উপায় অৱলম্বন কৰাৰ পাছতো কন্যাই তেওঁক আক্ৰমণ কৰি থকা দৃশ্য যিয়ে দেখিছে, প্ৰত্যেকেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে এইগৰাকী কন্যাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। উল্লেখ্য যে, এই ঘটনাটো হাৰিয়ানাত সংঘটিত হৈছে।
Also Read: কাইলৈৰ পৰা আৰম্ভ ৰমজান মাহ : কি খাব, কি পৰিহাৰ কৰিব জানি লওঁক