/asomiyapratidin/media/media_files/2025/03/01/Mf1iTr2paCrIhId8XLpB.jpeg)
ডিজিটেল ডেস্ক: ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহ ২ মাৰ্চ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব। এই মাহটোত ইছলাম ধৰ্মালম্বী লোকসকলে গোটেই দিনটো পানী এটুপিও নোখোৱাকৈ থাকে। প্ৰাক-পুৱা আহাৰ (চেহৰি) গ্ৰহণ আৰু নেদেখাজনক আৰাধনা কৰাৰ পাছত দিনটোৰ বাবে তেওঁলোকৰ উপবাস আৰম্ভ হয়। যাৰ বাবে এই মাহটোত উপবাস বা ৰোজা ৰখাসকলে স্বাস্থ্যৰ বিশেষ যত্ন ৰখাটো প্ৰয়োজন। গোটেই দিনটো পানী অবিহনে থাকিলে শক্তিৰ স্তৰ যথেষ্ট হ্ৰাস হ'ব পাৰে। এই দিনকেইটাত ৰোজা ৰখাসকলে কি কি দিশত মন কৰিব লাগে, জানি লওঁক-
ৰাতিপুৱা নাৰিকলৰ পানী খাব
গোটেই দিনটো শৰীৰত শক্তি বজাই ৰখা আৰু অত্যাধিক তৃষ্ণা পৰিহাৰ কৰিবলৈ হাইড্ৰেটেড হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। সেয়েহে, ৰাতিপুৱা আহাৰত তৰল সামগ্ৰী খোৱাৰ লগতে ৰসাল ফল খাব লাগে। তদুপৰি, শক্তিৰ স্তৰ বৃদ্ধি কৰিবলৈ আপোনাৰ ৰাতিপুৱাৰ আহাৰত নাৰিকল পানী অন্তৰ্ভুক্ত কৰিব।
প্ৰ'টিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব
ৰমজানৰ সময়ত গোটেই দিনটো শৰীৰত শক্তি বজাই ৰাখিবলৈ ৰাতিপুৱা প্ৰ'টিন আৰু আঁহ সমৃদ্ধ খাদ্য যেনে পাচলিৰ চুপ, সেউজীয়া পাচলি, দৈ, তিয়াই থোৱা বাদাম, কাঠবাদাম, আখৰোট, চীনাবাদাম, ওটছ আদি খাব।
এইসমূহ খাদ্য পৰিহাৰ কৰিব
ৰাতিপুৱা আহাৰত ভজা আৰু অত্যাধিক মচলাযুক্ত খাদ্য ভুলতো নাখাব। ৰাতিপুৱাই এনে খাদ্য খোৱাৰ বাবে এচিডিটি বা তৃষ্ণা বৃদ্ধি হ'ব পাৰে। যাৰ ফলত উপবাসৰ সময়ত আপোনাক যথেষ্ট অস্বস্তিকৰ কৰি তুলিব পাৰে। আনহাতে, নিমখ গ্ৰহণ সীমিত কৰিব। কিয়নো, অত্যাধিক নিমখ গ্ৰহণে উপবাস কৰাটো কঠিন কৰি তুলিব পাৰে।
মন দিব এইসমূহ কথাত
ৰমজানৰ সময়সূচী যথেষ্ট ব্যস্ত। এইকেইটা দিনত উপাসনাৰ লগতে পৰ্যাপ্ত টোপনি যাব। অন্যথা, আপুনি এলাহ আৰু চাপ অনুভৱ কৰিব পাৰে। ৰাতিপুৱাৰ আহাৰ গ্ৰহণৰ পিছত অলপ খোজ কাঢ়িব। উপবাসৰ সময়ত গধুৰ ব্যায়াম পৰিহাৰ কৰিব।
Also Read: আচৰিত ধৰণে উপকাৰী এই পানী, ক’ত ব্যৱহাৰ কৰিব পাৰি জানি লওঁক