ন্যায়াধীশে দিয়া ৰায় জানিলে আচৰিত হ'ব আপুনি

প্ৰতিজন ব্যক্তিৰ জীৱনৰ আটাইতকৈ বিশেষ তথা আৱেগিক মুহূৰ্তটোৱেই হৈছে বিবাহ। জীৱনৰ বিশেষ সপোনবোৰৰ অন্যতম এক সপোন বিবাহ। কিন্তু এই বিবাহত আজিকালি কেণা লাগিছে।

author-image
সংগীতা দাস
New Update
স্বামীয়ে বিচাৰিলে বিচ্ছেদ

ডিজিটেল ডেস্ক:প্ৰতিজন ব্যক্তিৰ জীৱনৰ আটাইতকৈ বিশেষ তথা আৱেগিক মুহূৰ্তটোৱেই হৈছে বিবাহ। জীৱনৰ বিশেষ সপোনবোৰৰ অন্যতম এক সপোন বিবাহ। কিন্তু এই বিবাহত আজিকালি কেণা লাগিছে। হয়, বিয়াৰ এঘণ্টাৰ পাছতেই    বিচ্ছেদ বিচাৰি আদালত পালেগৈ এহাল দম্পতী।

প্ৰকৃততে, চীনৰ দক্ষিণ-পশ্চিম ইউনান প্ৰদেশৰ এহাল দম্পতীয়ে বিয়াৰ মাত্ৰ এঘণ্টাৰ পিছতে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। এই দম্পতীৰ স্বামী এজন কলেজীয়া ছাত্ৰ আৰু পত্নী নাৰ্চ। পূৰ্বে দুয়োৰে সম্পৰ্ক আছিল যদিও কিছুদিনৰ আগতে দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল। কিন্তু গভীৰ প্ৰেমত মগন প্ৰেমিকাই প্ৰেমিকক পাহৰিব পৰা নাছিল আৰু তেওঁক বিয়া কৰাবলৈ হেঁচা দিছিল। শেষত প্ৰেমিকজনেও বিয়াত সন্মতি দিয়াত বিয়াখনৰ কাম-কাজ আৰম্ভ হৈছিল। 

কিন্তু, বিয়াৰ কিছু মিনিটৰ ভিতৰতে দম্পতীহালৰ মাজত কাজিয়াৰ সৃষ্টি হয় আৰু তেওঁলোক আদালত পায়গৈ। স্বামীয়ে দাবী কৰে যে তেওঁলোকৰ মাজত কোনো আৱেগিক সম্পৰ্ক নাই। আনহাতে, পত্নীয়ে অভিযোগ কৰে যে তেওঁ ইচ্ছাকৃতভাৱে বিবাহত সোমাই এতিয়া তেওঁক প্ৰতাৰণা কৰিছে। যাৰ বাবে তেওঁ স্বামীৰ পৰা ৩৪ লাখ টকা ক্ষতিপূৰণৰ দাবী জনায়।

ন্যায়াধীশে দিলে বিশেষ ৰায়

অৱশ্যে, দুয়োপক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰি আদালতে এনে এক সিদ্ধান্ত গ্ৰহণ কৰে, যিয়ে সকলোকে আচৰিত কৰি তুলিলে। ন্যায়াধীশগৰাকীয়ে বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰি কয় যে দুয়োৰে মাজত আৱেগিক সংযোগ সম্পূৰ্ণৰূপে শেষ হোৱাটো প্ৰমাণিত হোৱা নাই। বৰঞ্চ ন্যায়াধীশে দম্পতীহালক হানিমুনলৈ যাবলৈ নিৰ্দেশ দিয়ে, যাতে তেওঁলোকে নিজৰ সম্পৰ্কক আন এটা সুযোগ দিব পাৰে।

ছ'চিয়েল মেডিয়াত ব্যাপক চৰ্চা

ন্যায়াধীশগৰাকীৰ এই সিদ্ধান্ত এতিয়া ছ'চিয়েল মেডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। কোনোৱে ইয়াক ইতিবাচক আৰু বুদ্ধিমান পদক্ষেপ বুলি অভিহিত কৰিছে। আন কোনোৱে আকৌ এনে সম্পৰ্কৰ পাছতো বলপূৰ্বকভাৱে একেলগে থকাৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে।