সুস্থ জীৱনৰ মূল ছাবি-কাঠি : তিয়াই থোৱা বাদাম-বীজ

আজিকালি সকলোয়ে এক স্বাস্থ্যৱান জীৱন যাপন কৰাৰ আকাংক্ষাত বহুতো ব্যৱস্থা গ্ৰহণ কৰে।অধিকাংশ লোকে ৰাতি পানীত তিয়াই থোৱা বাদাম বা বীজ ৰাতিপুৱা গ্ৰহণ কৰে। ই খুব ভাল অভ্যাস।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
hbhntgnj

ডিজিটেল ডেস্ক: আজিকালি সকলোয়ে এক স্বাস্থ্যৱান জীৱন যাপন কৰাৰ আকাংক্ষাত বহুতো ব্যৱস্থা গ্ৰহণ কৰে।অধিকাংশ লোকে ৰাতি পানীত তিয়াই থোৱা বাদাম বা বীজ ৰাতিপুৱা গ্ৰহণ কৰে।প্ৰকৃততে, ই এটা খুব ভাল অভ্যাস।তিয়াই থোৱা শুকান ফল বা বীজ খালে আমাৰ স্বাস্থ্যৰ বহু উপকাৰ হয়। বিশেষকৈ, ৫ বিধ এনে ফল-বীজ আছে, যিবোৰ খালে আমাৰ জীৱনকাল দুগুণ বৃদ্ধি হ'ব পাৰে। সেইসমূহ হৈছে-

কাঠবাদাম

কাঠবাদাম আমাৰ স্বাস্থ্যৰ বাবে ঔষধ সদৃশ।ইয়াত ভাল চৰ্বি থাকে, যিয়ে কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তিয়াই থোৱাৰ পাছত বাদামৰ পুষ্টিকৰ উপাদানবোৰ আৰু অধিক সক্ৰিয় হয়। ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উৎকৃষ্ট।কাঠবাদামত থকা ভিটামিন-ইয়ে আমাৰ ছাল আৰু মগজু স্বাস্থ্যৱান ৰখাত সহায় কৰে।

মেথি গুটি

মেথি গুটিয়ে ডায়েবেটিছৰ স্তৰ হ্ৰাস কৰে। তিয়াই থোৱা মেথি গুটি খালে হজমৰ সমস্যা দূৰ হোৱাৰ লগতে ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে হাড় আৰু পেশীৰ বিষ হ্ৰাস কৰাত সহায় কৰে।

ছিয়া ছীডছ

ছিয়া ছীডছ বা ছিয়া বীজক অমেগা-৩ ফেটি এচিডৰ এক উৎকৃষ্ট উৎস বুলি গণ্য কৰা হয়। ছিয়া ছীডছে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। ছিয়া ছীডছৰ আকাৰ তিয়াই থ'লে ডাঙৰ হয়, যাৰ ফলত দীঘলীয়া সময়ৰ বাবে আমাৰ পেটটো ভৰ্তি অনুভৱ হয়।

কিচমিচ

কিচমিচ হৈছে আইৰণৰ এক উৎকৃষ্ট উৎস। যিয়ে শৰীৰত হিমোগ্লোবিনৰ অভাৱ দ্ৰুততাৰে পূৰণ কৰিব পাৰে। তিয়াই থোৱা কিচমিচে পাকস্থলী পৰিস্কাৰ কৰাত সহায় কৰে, যিয়ে হজম উন্নত কৰাৰ লগতে শক্তিৰ স্তৰো বৃদ্ধি কৰে।

সূৰ্যমুখী ফুলৰ বীজ

সূৰ্যমুখী ফুলৰ বীজ হৈছে ভিটামিন ই-ৰ এক খুব ভাল উৎস, যি ছাল আৰু চুলিৰ বাবে অতি উপকাৰী। ইয়াত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখে।

এইসমূহ খোৱাৰ সঠিক উপায়

এই পাঁচবিধ খাদ্যবস্তু একেলগে খোৱাটো খুবেই সহজ।ইয়াৰ বাবে আপুনি কাঠবাদাম এটা সৰু বাতিত আৰু বাকী সকলোবোৰ এটা ডাঙৰ বাটিত ৰাতি তিয়াই থ’ব। ৰাতিপুৱা আটাইখিনি পানীৰ পৰা ছেকি একেলগে মিক্সিত দি পিছি ল'ব। যদি বিচাৰে আপুনি সোৱাদৰ বাবে ইয়াত অলপ মৌ যোগ দিব পাৰে।অন্যথা সপ্তাহৰ এটা এটা দিনত বেলেগ বেলগকৈও এইসমূহ খাব পাৰে।

এই পাঁচবিধ বস্তু তিয়াই  খাই কেৱল আপোনাৰ স্বাস্থ্যই নহয়, জীৱনকালো বৃদ্ধি কৰিব পাৰিব। স্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে এইসমূহ  আপোনাৰ খাদ্য তালিকাত আজিয়েই অন্তৰ্ভূক্ত কৰক।

Also Read: ওজন কমাবলৈ মন যদি দৈনিক কণী খাওঁক