যদি আপোনাৰ সন্তানো মিছলীয়া, তেন্তে এই বিষয়ে জানি লওঁক

যদি আপোনাৰ সন্তানো মিছলীয়া, তেন্তে এই বিষয়ে জানি লওঁক
Published on
Updated on

ডিজিটেল ডেস্ক: শিশু এটা ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ অভ্যাস সলনি হৈ পৰে। এই সময়ছোৱাত তেওঁলোকৰ অভ্যাসবোৰে জীৱনটোক প্ৰভাৱিত কৰে।এই অভ্যাসৰ অন্যতম মিছা কথা কোৱাটোও এনে অভ্যাসৰ অন্যতম।কিন্তু বহু অভিভাৱকে সন্তানৰ এই ভুল লুকুৱাবলৈ চেষ্টা কৰে। যিটো শিশুটিৰ সঠিক বিকাশত হেঙাৰ হ'ব পাৰে।হয়, সময় থাকোতেই সন্তানৰ এই বদ অভ্যাস  এৰুৱাবলৈ অভিভাৱকে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে।এইসমূহ হৈছে-  

আদৰ্শ হওঁক

শিশুৱে তেওঁলোকৰ পিতৃ-মাতৃৰ পৰাই ভাল-বেয়া অভ্যাসবোৰ আয়ত্ব কৰে। এইক্ষেত্ৰত আপুনি আপোনাৰ সন্তানৰ বাবে আদৰ্শ হ'ব পাৰে। কেতিয়াও সন্তানৰ সন্মুখত মিছা কথা নক'ব।সদায় তেওঁলোকক সঁচা কথা ক'বলৈ শিকাব। 

ভুলৰ বাবে শাস্তি নিদিব 

বহু অভিভাৱক এনে আছে, যিসকলে তেওঁলোকৰ সন্তানৰ সৰু সৰু ভুলতে বহু বেছিকৈ গালি গালাজ কৰি শাস্তি দিয়ে।কিন্তু তেওঁলোকক এনে কৰাৰ সলনি কিয় সেই ভুল কৰাটো অনুচিত, সেই সন্দৰ্ভত বুজাব লাগে।মাক-দেউতাকৰ এনে স্বভাৱৰ বাবে সন্তানে ভুল বোৰ লুকুৱাবলৈ আৰম্ভ কৰে। যিয়ে তেওঁলোকৰ সঠিক বিকাশত বাধা দিয়ে। সেয়েহে, তেওঁলোকক শাস্তি দিয়াৰ পৰিৱৰ্তে ভুলটোৰ আঁৰৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। 

সত্য কোৱাৰ বাবে প্ৰশংসা

যদি শিশুটোৱে ভুল কৰি আহি সেই বিষয়ে আপোনাক ক'বলৈ সাহস কৰিছে, তেনেহ'লে আপুনি গালি দিয়াৰ সলনি প্ৰশংসা কৰিব।আপুনি এনে কৰিলে শিশুটোক ভৱিষ্যতে সঁচা কথা ক'বলৈ উৎসাহিত কৰা হ'ব আৰু লাহে লাহে শিশুটোৱে মিছা কথা ক’বলৈ এৰিব। 

সমস্যা সমাধানত সমৰ্থন 

যদি আপোনাৰ সন্তানে ভুল কৰি আপোনাক সমস্যাটোৰ বিষয়ে ক'বলৈ আহে, তেন্তে গালি দিয়াৰ সলনি তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব। এনে কৰাৰ দ্বাৰা, শিশুটোৰ মনোবল আৰু অধিক সবল হ'ব আৰু তেওঁ ভৱিষ্যতে আপোনাৰ সৈতে কথা পাতিবলৈ কুণ্ঠাবোধ নকৰিব। এনে কৰিলে আপোনাৰ সন্তানে কেতিয়াও আপোনাক মিছা নক'ব। 

যদি আপোনাৰ সন্তানো মিছলীয়া, তেন্তে এই বিষয়ে জানি লওঁক
আপোনাৰ সন্তানেও নিৰন্তনভাৱে কান্দি থাকে যদি এই কাম কৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in