অস্কাৰৰ দৌৰৰ পৰা বাহিৰ বলীউডৰ ‘হোমবাউণ্ড’

৯৮তম একাডেমী এৱাৰ্ডছৰ ঘোষণা কৰাৰ পাছতে ভাৰতৰ ছবি জগতৰ বাবে আহিল এক দুঃখবৰ। ‘বেষ্ট ইন্টাৰনেশ্যনেল ফীচৰ ফিল্ম’ শাখাত ভাৰতৰ চলচ্চিত্ৰ হোমবাউণ্ডে মনোনয়ন লাভ কৰিবলৈ সক্ষম নহ’ল।

author-image
Asomiya Pratidin
New Update
oskarmovieeee

ডিজিটেল ডেস্কঃ ৯৮তম একাডেমী এৱাৰ্ডছৰ ঘোষণা কৰাৰ পাছতে ভাৰতৰ ছবি জগতৰ বাবে আহিল এক দুঃখবৰ। ‘বেষ্ট ইন্টাৰনেশ্যনেল ফীচৰ ফিল্ম’ শাখাত ভাৰতৰ চলচ্চিত্ৰ হোমবাউণ্ডে মনোনয়ন লাভ কৰিবলৈ সক্ষম নহ’ল।

অস্কাৰৰ দৌৰৰ পৰা বাদ পৰি ৰ’ল ভাৰত। ইয়াৰ পাছতে ছবিখনৰ নিৰ্মাতা কৰণ জোহৰে সামাজিক মাধ্যমিকত এক পোষ্ট কৰি লিখিছে যে- ‘আমি বহুত গৌৰৱাম্বিত।’ লগতে ছবিখনৰ পৰিচালক নীৰজ ঘাইৱানক ধন্যবাদ জ্ঞাপন কৰি পোষ্টটোত কৰণে লিখে- ‘তোমালৈ বহুত মৰম। আমাক তোমাৰ সৃষ্টি আৰু কলাৰ পোহৰ দিয়াৰ বাবে অশেষ ধন্যবাদ।’

উল্লেখ্য যে, ২০০১চনত অস্কাৰৰ ‘বেষ্ট ইন্টাৰনেশ্যনেল ফীচৰ ফিল্ম’ শাখাত মনোনিত হৈছিল আশুতোষ গোৱাৰিকৰৰ ছবি ‘লাগান’। অৱশ্যে এই বৰ্ষত এই শাখাত স্থান লাভ কৰে ক্ৰমে- ছিৰাট, ছেণ্টিমেন্টেল ভেল্যু, দ্য ভইচ অৱ হিন্দ ৰজাবৰ দৰে ছবি। 

বলীউড