আপুনিও চুলিত ৰং কৰে যদি এই বিষয়ে জানি লওঁক

চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ আজিকালি অধিকাংশ লোকেই চুলিত ৰং কৰে। বিশেষকৈ মহিলাসকলে তেওঁলোকৰ চুলিত বিভিন্ন প্ৰকাৰৰ ৰং কৰে।কিন্তু চুলিত ৰং কৰাৰ আগতে কিছুমান কথা জনাটো অতি গুৰুত্বপূৰ্ণ।কিয়নো ইয়াৰ পিছত যদি চুলিৰ সঠিক যত্ন লোৱা নহয়, তেন্তে ৰংটো ম্লান বা পাতল হ'ব পাৰে। তদুপৰি, কিছুমান মহিলাই চুলি ৰং কৰাৰ পাছত ছেম্পু কৰিব নে নাই, তাক লৈ চিন্তাত পৰে।

author-image
Asomiya Pratidin
New Update
আপুনিও চুলিত ৰং কৰে যদি এই বিষয়ে জানি লওঁক

ডিজিটেল ডেস্ক: চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ আজিকালি অধিকাংশ লোকেই চুলিত ৰং কৰে।  বিশেষকৈ মহিলাসকলে তেওঁলোকৰ চুলিত বিভিন্ন প্ৰকাৰৰ ৰং কৰে।কিন্তু চুলিত ৰং কৰাৰ আগতে কিছুমান কথা জনাটো অতি গুৰুত্বপূৰ্ণ।কিয়নো ইয়াৰ পিছত যদি চুলিৰ সঠিক যত্ন লোৱা নহয়, তেন্তে ৰংটো ম্লান বা পাতল হ'ব পাৰে। তদুপৰি, কিছুমান মহিলাই চুলি ৰং কৰাৰ পাছত ছেম্পু কৰিব নে নাই, তাক লৈ চিন্তাত পৰে।চুলিত ৰং কৰাৰ পিছত কি কৰিব লাগে, কি নালাগে, আজি জানো আহক-

Advertisment

এই ভুল কেতিয়াও নকৰিব 

কিছুমান মহিলাই সময়ৰ অভাৱত ঘৰতে চুলিৰ ৰং কৰে।কিন্তু কেতিয়াবা ঘৰত চুলি ৰং কৰোতে কিছুমান ভুল হয়, যাৰ বাবে কিছু সময়ৰ ভিতৰতে চুলিৰ পৰা ৰং এৰাবলৈ আৰম্ভ কৰে। 

ছেম্পু ব্যৱহাৰ নকৰিব 

কিছুমান মহিলাই চুলিত ৰং কৰাৰ পিছত ছেম্পুৰে ধুই পেলায়।আচলতে, চুলিত ৰং কৰাৰ পাছত কেতিয়াও ছেম্পু কৰিব নালাগে।ছেম্পু কৰাৰ ফলত চুলিৰ ৰং খুব সোনকালে ম্লান হয়।চুলি ৰং কৰাৰ ৩ দিনৰ পাছতহে ছেম্পু কৰিব। 

গৰম পানী ব্যৱহাৰ নকৰিব 

যদি আপুনি চুলিৰ ৰং দীঘলীয়া সময়ৰ বাবে থকাটো বিচাৰে, তেন্তে ৰং কৰাৰ পাছত গৰম পানীৰে কেতিয়াও নুধুব। এনে কৰাৰ ফলত চুলিৰ আৰ্দ্ৰতা নাইকিয়া হোৱাৰ লগতে ৰঙো সোনকালে গুচি যায়।

চুলি কেনেদৰে ধুব ? 

চুলি ৰং কৰাৰ পিছত সদায় ছালফেট-মুক্ত ছেম্পু ব্যৱহাৰ কৰিব। যদি আপুনি পানীত পোৱা ৰাসায়নিক পদাৰ্থ আৰু ক্লোৰিনৰ পৰা চুলি সুৰক্ষিত কৰিবলৈ বিচাৰে, তেতিয়া ফিল্টাৰ কৰা পানীহে ব্যৱহাৰ কৰিব। 

গৰম নলগাব

ৰং লগোৱাৰ পিছত কেতিয়াও 'ষ্ট্ৰেইট' বা 'কাৰ্লি' কৰিবলৈ চুলিত গৰম নলগাব।আনহাতে, সূৰ্যৰ ৰশ্মিৰ পৰা চুলিক সুৰক্ষিত কৰিবলৈ বাহিৰলৈ যোৱাৰ আগতে টুপী আৰু স্কার্ফ ব্যৱহাৰ কৰিব।

কণ্ডিচনাৰ ব্যৱহাৰ কৰক 

ৰং কৰাই হওঁক বা ৰং নকৰাই হওঁক, চুলিত ছেম্পু কৰাৰ পাছত কণ্ডিচনাৰ প্ৰয়োগ কৰাটো খুবেই দৰকাৰ। ই চুলি আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে।

Also Read:
পাৰ্লাৰ নালাগে, ঘৰতেই গুৰিৰ পৰা শক্তিশালী কৰক আপোনাৰ চুলি