Advertisment

পথচাৰীক দুৰ্ঘটনাৰ পৰা বচোৱাৰ আজৱ উপায়

ৰাস্তা-ঘাটৰ দুৰৱস্থতাত এতিয়া সকলোয়েই যাতনা ভূগিবলগীয়া হৈছে। দীৰ্ঘদিন ধৰি এনে বাট-পথবোৰ পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত বিভিন্ন প্ৰান্তত বহু লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়াও হৈছে।

author-image
Asomiya Pratidin
New Update
11

ডিজিটেল ডেস্ক: ৰাস্তা-ঘাটৰ দুৰৱস্থতাত এতিয়া সকলোয়েই যাতনা ভূগিবলগীয়া হৈছে। দীৰ্ঘদিন ধৰি এনে বাট-পথবোৰ পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত বিভিন্ন প্ৰান্তত বহু লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়াও হৈছে। ইয়াৰ পাছতো গা নলৰে সংশ্লিষ্ট কৰ্তৃপক্ষৰ। যাব বাবে সচেতন মহলে এতিয়া নিজাকৈ পদক্ষেপ ল’বলৈ বাধ্য হৈছে।

Advertisment

হয়, ৰাস্তাৰ দ গাঁতবোৰ দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ থকাৰ আঠমাহৰ পাছতো কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাত এজন ব্যক্তিয়ে নিজাববীয়াকৈ গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ। পথচাৰী যাতে দুৰ্ঘটনাত পতিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সচেতন লোকজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ লোৱা এই পদক্ষেপ এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে।

এই লোকজনে নিজৰ গাঁৱৰ ৰাস্তাত হোৱা গাতত দুটা কৃত্ৰিম ভৰি তৈয়াৰ কৰে। দেখিলে এনে লাগে যেন এজন মানুহ ওলোটাকৈ গাতত সোমাই আছে। এই দৃশ্য যিয়েই দেখিছে সকলো আচৰিত হৈছে। উল্লেখ্য যে, এই দৃশ্য ইংলেণ্ডৰ আৰু এই বিশেষ কাম কৰা ব্যক্তিজনৰ নাম জেমছ কক্সল।

Also Read: এই আজৱ কাণ্ডত আচৰিত নেটিজেন, তীব্ৰ চৰ্চা