আওকান নকৰিব, এয়া বেমাৰৰ লক্ষণ

সাধাৰণতে সময়মতে ব্ৰাছ নকৰিলে বা প্ৰবল গোন্ধ থকা খাদ্য খালে মুখ গোন্ধায়। কিন্তু যদি কাৰোবাৰ মুখৰ দুৰ্গন্ধ বেছি হয়, তেন্তে ইয়াক আওকাণ নকৰিব।

author-image
সংগীতা দাস
New Update
web ap new

ডিজিটেল ডেস্ক: সাধাৰণতে সময়মতে ব্ৰাছ নকৰিলে বা প্ৰবল গোন্ধ থকা খাদ্য খালে মুখ গোন্ধায়। কিন্তু যদি কাৰোবাৰ মুখৰ দুৰ্গন্ধ বেছি হয়, তেন্তে ইয়াক আওকাণ নকৰিব। ই আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক। প্ৰকৃততে ই এবিধ ৰোগ। এই ৰোগবিধৰ নাম হালিট’ছিছ halitosis। মুখৰ দুৰ্গন্ধৰ কাৰণ আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক-

মুখৰ দুৰ্গন্ধৰ মূল কাৰণ

মুখৰ পৰিষ্কাৰৰ অভাৱ

Advertisment

মুখৰ দুৰ্গন্ধৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ। ভালদৰে ব্ৰাছ নকৰা বা দাঁতৰ লগতে জিভা পৰিষ্কাৰ নকৰাৰ ফলত মুখৰ পৰা দুৰ্গন্ধ ওলায়। 

প্ৰবল গোন্ধযুক্ত খাদ্য

যদি আমি বেছিকৈ প্ৰবল গোন্ধ থকা বস্তু যেনে পিঁয়াজ, নহৰু বা মাংস খাওঁ, তেন্তে মুখ গোন্ধাব পাৰে।

শুকান মুখ

লেলাৱতিৰ অভাৱ হলে মুখ শুকান হয়। ইয়াৰ ফলত মুখৰ পৰা দুৰ্গন্ধ ওলায়।

দাঁতৰ আলু ফুলা

যদি কাৰোবাৰ দাঁতৰ আলু ফুলিছে বা আলুৰ লগত জড়িত সংক্ৰমণ হৈছে, তেন্তে মুখৰ পৰাও গোন্ধ ওলাব পাৰে।

টনচিল

টনচিলৰ সমস্যা থকা লোকৰো মুখৰ পৰা দুৰ্গন্ধ ওলায়।

এচিড ৰিফ্লাক্স

বেছিকৈ এচিডিটি হ’লেও মুখৰ দুৰ্গন্ধৰ সমস্যা হয়।

ডিঙিৰ সংক্ৰমণ

যদি কাৰোবাৰ ডিঙি, নাক আৰু হাওঁফাওঁৰ সংক্ৰমণ হয়, তেন্তে তেওঁৰ মুখৰ দুৰ্গন্ধৰ সমস্যাও হ’ব পাৰে। তদুপৰি, চিগাৰেট, ধঁপাত আৰু মদ খোৱাৰ বাবেও মুখৰ পৰা দুৰ্গন্ধ ওলায়।

কেনেকৈ সকাহ পাব ?

দিনটোত দুবাৰকৈ ব্ৰাছ কৰি দাঁতখিনি ভালকৈ ধুব।

দৈনিক জিভা পৰিষ্কাৰ কৰিব।

এলকহলমুক্ত মাউথৱাছ ব্যৱহাৰ কৰিব।

প্ৰচুৰ পৰিমাণে পানী খাব।

সীমিত পৰিমাণত চ্যুইংগাম খাব।

সময়ে সময়ে দাঁত পৰীক্ষা কৰাব।

এই ক্ষেত্ৰত মন দিব

চিকিৎসকৰ মতে, এইসমূহ কৰাৰ পাছতো যদি আপোনাৰ সমস্যাৰ সমাধান লাভ নকৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব। কাৰণ কেতিয়াবা যকৃত আৰু বৃক্কৰ ৰোগৰ বাবে বা ডায়েবেটিছৰ প্ৰাৰম্ভিক পৰ্যায়তো মুখৰ পৰা দুৰ্গন্ধ ওলায়।