নেতা গৈ বহুদূৰ পায়, সমস্যাহে ৰৈ যায়...

তেতিয়া তেওঁ ছাত্ৰ নেতা নাছিল। জাতীয় নেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ তেওঁৰ উত্তৰণ হৈছিল। লাহে লাহে জাতীয় নেতাৰ চৰিত্ৰ আৰু পোছাক তেওঁ সলাই পেলাইছিল। এদিন অসমৰ গাঁৱে-ভূঞেঁ

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA 1

মৃদুল কুমাৰ সন্দিকৈ

তেতিয়া তেওঁ ছাত্ৰ নেতা নাছিল। জাতীয় নেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ তেওঁৰ উত্তৰণ হৈছিল। লাহে লাহে জাতীয় নেতাৰ চৰিত্ৰ আৰু পোছাক তেওঁ সলাই পেলাইছিল। এদিন অসমৰ গাঁৱে-ভূঞেঁ ঘূৰি জনসাধাৰণৰ মাজে মাজে জাতীয় জীৱনক ঐক্যৱদ্ধ কৰি জাতীয় সমস্যাক তুলি ধৰা মানুহজন বিলাসী হৈ পৰিছিল।

Advertisment

আন কথাবোৰ বাদ। সেই সময়ত তেওঁ ব্যৱহাৰ কৰা গাড়ীৰ সংখ্যাক লৈয়ে চৰ্চা হৈছিল। ৯০দশকৰ কথা এয়া। হঠাত ক্ষমতাশালী হৈ পৰা মানুহজনে তেতিয়াৰ অন্যতম বিলাসী গাড়ী এম্বেছেডৰতহে ঘূৰিছিল। অসমৰ ৰাইজে দেখিছিল তেওঁ ব্যৱহাৰ কৰা সেই গাড়ীবোৰৰ নম্বৰ ১৪ আছিল।

বিলাসীকতা ঠিকেই ৰক্ষা কৰিছিল যদিও প্ৰতিশ্ৰুতি তেওঁ ৰক্ষা কৰা কৰিব পৰা নাছিল। সেই সময়ত গভীৰ আৰ্থিক সংকটত ভোগা অসমৰ দৰে ৰাজ্য এখনত কেৱল তেওঁৰ বাবেই আছিল ৯খন এম্বেছেডৰ। সেই এম্বেছেডৰ কেইখনৰ নম্বৰ আছিল ক্ৰমে, AMU14, AMY14, AXA14 ।

এই তিনিখন গাড়ী কেৱল তেওঁৰ বাবে। গাড়ীকেইখনৰ নম্বৰ ১৪ হোৱাৰ কাৰণ আছিল কোনোবা এজন জ্যোতিষীয়ে তেওঁক তেওঁৰ ৰাজনৈতিক আৰু ব্যক্তিগত জীৱনৰ বাবে ৫ নম্বৰটোক শুভ সংখ্যা বুলি কৈছিল। সেয়েহে তেওঁ এই ব্যৱস্থা কৰি লৈছিল দিছপুৰত।

জ্যোতিষীৰ পৰামৰ্শ মানিয়ে ১+৪=৫  নম্বৰ হোৱাকৈ তেওঁ নিজৰ গাড়ীকেইখনত সেই ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। বজাৰলৈ যোৱাৰ বাবেও তেওঁৰ ঘৰত আছিল এখন এম্বেছেডৰ। পত্নী আৰু ভাতৃৰ বাবেও পৃথকৈ আছিল এম্বেছেডৰ। AMU8778 আৰু AMK9152 এম্বেছেডৰ গাড়ী দুখন পত্নী, ভাতৃ আৰু ৰান্ধনীয়ে ব্যৱহাৰ কৰিছিল।

AXA2462 নম্বৰৰ গাড়ীখনত উঠিছিল তেওঁৰ ব্যক্তিগত সচিবগৰাকী। এনেকৈয়ে ক্ষমতা থাকোতে তেওঁ গাড়ীৰেও বিলাস কৰিছিল। তেওঁৰ ভাতৃয়ে তেনে এখন চৰকাৰী গাড়ী নিজেই চলাই নি ৰৈ থকা ট্ৰাকত এদিন খুন্দা মাৰিছিল। সেই খবৰ গোপনে ৰাখি দিছপুৰৰ এটা গেৰেজত গাড়ীখন লুকুৱাই থোৱা হৈছিল।

এবাৰ সেই সময়ত ক্ষমতাত থকা এই তথাকথিত নেতাজনক দলীয় সভাত এই বিষয়ক লৈ প্ৰশ্ন কৰা হৈছিল। তেওঁ প্ৰয়োজন হ’লে জেপৰ টকাৰে গাড়ী ভাল কৰি দিব বুলি গেজেৰণি মাৰি বিষয়টো তল পেলাইছিল। আমাৰ জাতীয় নেতাসকলৰ ক্ষমতা আৰু স্বাৰ্থসিদ্ধি হোৱাৰ পাছত তেওঁলোকৰ স্বৰূপৰ এইটো এটা অতি সৰু উদাহৰণ।

সেই জাতীয় নেতাজন এতিয়া কোনো ৰাজনৈতিক বা সামাজিক জীৱনত সক্ৰিয় নহয়। তেওঁৰ পৰৱৰ্তী সময়ত আন বহুতো নেতাই এই পৰিচয় ঠিকেই লাভ কৰে। কোনো এক বিষয় বা ইচ্ছ্যুক লৈ তেওঁলোক ৰাইজৰ মধ্যমণি হয়। তাৰ পাছত তেওঁলোকৰ ব্যক্তিগত উত্তৰণ ঠিকেই হয়, সেই সমস্যাবোৰ সমস্যা হৈয়ে ৰয়। 

পূৰ্বতে গাড়ী বিলাস কৰা যিজন নেতাৰ কথা কোৱা হৈছে তেওঁ যি আন্দোলনৰ বাবে নেতৃত্ব লৈ দিল্লীৰ সৈতে চুক্তি কৰিছিল, তাৰ কোনো ফলাফল বা স্থায়ী সমাধান নোলাল। আজিও সেই অবৈধ বিদেশী সমস্যা অসমৰ ৰাইজৰ বাবে এক জলন্ত সমস্যা হৈ ৰৈ গ’ল। কিন্তু সংখ্যাতত্বক বিশ্বাস কৰি তেওঁ নিজকে আগুৱাই নিছিল বহু অংকৰ মাজেৰে।

প্ৰথম তেওঁৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ সংখ্যা তেওঁক ধৰি আছিল ১৪। তাতে ৫। তেওঁৰ জন্মদিনৰ সংখ্যাৰ যোগফলো আছিল ৫। কেবিনেট বৈঠক পাতোতেও তেওঁ এই ৫ সংখ্যাটোৰ প্ৰতি লক্ষ্য ৰাখিছিল। 

বৰঞ্চ ইয়াৰ প্ৰসাৰতা বৃদ্ধি পালে। খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিক সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজনৈতিক পাশাখেল আজিও অব্যাহত আছে। যি পথেৰে সমাধান আহে, সেই সমাধানৰ পথৰ পৰা আতৰি উচ্ছেদ আৰু ৰাজনৈতিক ঘৃণাৰে সাম্প্ৰাদায়িক অশান্তিৰ বাতাবৰণ সৃষ্টি কৰি অহা হৈছে।

জাতীয় নায়কৰ শাৰীলৈ সকলো উৰ্ত্তীণ হ’ব নোৱাৰিলেও বহুতে নিজকে সেই ৰূপত ভাৱি লৈ তাৰ পৰৱৰ্তী সময়তো বহু নেতাৰ আগমন ঘটিল। সেই তালিকাখন দীঘলীয়া। কিন্তু তেওঁলোকো যেন একে বাটেৰেই বাট লোৱা ছদ্মবেশী পথিক। 
অসম আন্দোলনৰ পাছৰ পৰা আজি লৈকে একে বহু জাতীয়তাবাদী পোছাক পিন্ধা নেতাই অগা-দেৱা কৰিলে আমাৰ সন্মুখত। কি পালে অসমীয়াই! কি দিলে অসমক? তাৰ হিচাপহে নহ’ল। সেই নেতাসকলৰ গৰিষ্ঠ সংখ্যকেই ৰাজনীতিত সংস্থাপিত কৰিলে নিজক। 

অথচ অসম আৰু অসমীয়াৰ আৱেগেৰেই তেওঁলোক নেতা হয়। সেই আৱেগৰ চোক লাহে লাগে কমি যায়। সলনি হয় তেওঁলোকৰ কথা-সুৰ। জাতীয় সংগঠনক নেতৃত্ব দিয়াতো এনে এচাম নেতাৰ বাবে হৈ পৰে ৰাজনীতিত প্ৰৱেশৰ আধাৰ। 

এতিয়াও সেই প্ৰক্ৰিয়া অব্যাহত আছে। মানুহবোৰে তেওঁলোকৰ কথা শুনি আৱেগিক হৈ জপিয়াই পৰে। তেওঁলোকে ভালদৰে জানে সেই আৱেগৰ সৈতে খেলা কৰিব। কি অখিল, কি শৃংখল? ইমান নিখুঁতকৈ তেওঁলোকে কৰে অভিনয়। সেই অভিনয় দেখি আমি তেওঁলোকৰ জাতীয় প্ৰেমৰ এখন চাৰ্টিফিকেট দি দিও। তুলি লওঁ মূৰত, সজাই পেলাও আমাৰ নেতা, জাতীয় নেতা। 

এনেকৈয়ে হৈ পৰে আন কিছু লোক নায়ক। নেতা-নায়কে ভৰি আছে আমাৰ চৌপাশ। একেখন অসম, একেখিনি অসমীয়া মানুহ, একেবোৰ সমস্যা। দেখিছে জানো কেতিয়াবা এই একেখিনি মানুহ, একেখিনি সমস্যাৰ বাবে একত্ৰিত হোৱা? 

তেওঁলোকৰ বাবে অসম আৰু অসমীয়া শ্লোগানৰ ভাষা। তাৰ মাজতেই কিছু হৈ পৰে নীৰৱ। কোনোৱে লয় ৰহস্যজনক ভূমিকা। নিজৰ মাজতেই সৃষ্টি হয় সংঘাত। এজনে আনজনৰ কঠোৰ সমালোচক হয়। পাহৰি যায় ভদ্ৰ লোকৰ ভাষা। 

তাৰপাছত কেনেকৈ কৰিব পাৰে এইসকল লোকৰ পৰা আশা। চলি আছে এনেকৈয়ে, চলি থাকিব তেনেকৈয়ে। জাতীয় জীৱনক মূলধন কৰি গঢ়ি ল’ব তেওঁলোকে নিজৰ পৰিসৰ।  সংগ্ৰাম, আন্দোলনৰ অন্তত তেওঁলোকে বাচি ল’ব নিজৰ পথ। হৈ পৰিব একো একোজন ডাঙৰ মানুহ। 

ওপৰত উল্লেখ কৰা নেতাজনৰ দৰেই সংখ্যাতত্বক বিশ্বাস নকৰিলেও তথাকথিত এই নেতাসকলৰ বেছিভাগেই অংক কৰে। সেই অংকৰ উত্তৰেৰে তেওঁলোকক সমৃদ্ধ কৰে। অৱশ্যে তাৰ উত্তৰ কেৱল ৫ নহয়। ভিন্ন সময়ত ভিন্ন হয় সেই অংকৰ উত্তৰ। হিন্দুত্ববাদী শ্লোগান দিয়া নেতাও আছে, যিসকলে সনাতনী বুলি পৰিচয় দিয়ে, কিন্তু নিজৰ ব্যক্তিগত ৰাজনৈতিক উত্তৰোত্তৰ কামনাৰে বাংলাদেশত পীৰৰ আশীষ ধন্য হ'বলৈ যায়। 

সাধাৰণ মানুহবোৰ তেনেকৈয়ে থাকিব যাব, থাকি গৈছে। সমস্যাবোৰ সমস্যা হৈয়ে ৰৈছে। জাতীয় নেতাৰ তালিকা দীঘলীয়া হৈ গৈ আছে। আমি অবুজ হৈয়ে ৰৈ গৈছো। অভিজ্ঞতাই আমাক কোনো শিক্ষা দিব পৰা নাই। কাৰোবাৰ প্ৰলোভন আৰু মিছা প্ৰতিশ্ৰুতিত জুমুৰি খাই পৰিছো। বাস্তৱক উপলদ্ধি কৰিব নোৱাৰাতো এতিয়া এক ডাঙৰ সমস্যা। মানুহ চিনিব নোৱাৰাতো অসমীয়া মানুহৰ অন্যতম দুৰ্বলতা...

অসম