অচিনাকি মানুহ প্ৰসংগ! মুখ্যমন্ত্ৰীক তীব্ৰ নিন্দা কেব চালকৰ সংগঠনৰ...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ জনগাঁথনি সলনিৰ প্ৰসংগ উল্লেখ কৰি অসমীয়াই আজি যদি নীৰৱে থাকে, তেন্তে দহ বছৰৰ ভিতৰত এই ঠাইত জাতীয় পতাকা উৰুওৱা

author-image
Asomiya Pratidin
New Update
eddd

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ জনগাঁথনি সলনিৰ প্ৰসংগ উল্লেখ কৰি অসমীয়াই আজি যদি নীৰৱে থাকে, তেন্তে দহ বছৰৰ ভিতৰত এই ঠাইত জাতীয় পতাকা উৰুওৱা ব্যক্তিজন হয়তো এজন অচিনাকি লোক হ’ব বুলি দাবী কৰিছিল। ধুবুৰী-বৰপেটাৰ পৰা সিহঁত গৈ মাৰ্ঘেৰিটা পাইছে।

Advertisment

আমি মাটি হেৰুৱাইছো, সমষ্টি হেৰুৱাইছো। মেডিকেলত আজি আমাৰ ঠাই নাই, গুৱাহাটীত উবেৰ চলোৱাসকল কোনে চলাইছে বুলি প্ৰশ্ন কৰিছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ স্বাধীনতা দিৱসত দিয়া ভাষণত কেব চালকসকলক ‘অচিনাকি ব্যক্তি’ বুলি আখ্যা দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ৰাজ্যৰ তিনিটা কেব সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

অল অসম কেব অপাৰেটৰ্ছ ইউনিয়ন, সদৌ অসম কেব মজদুৰ সংঘ আৰু অল গুৱাহাটী কেব ড্ৰাইভাৰ্ছ ইউনিয়নে আজি যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক সেই মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। অল অসম কেব অপাৰেটৰ্ছ ইউনিয়নৰ সভাপতি বিষ্ণু দাসৰ নেতৃত্বত দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আমাক সমাজত অপমানৰ পাত্ৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বুলি কয়৷ বিষ্ণু দাসে মুখ্যমন্ত্ৰীয়ে আমাক সমাজক কেব চালকক নগ্ন কৰি পেলাইছে বুলি অভিযোগ আনি কয় যেএতিয়াৰ পৰা প্ৰতিজন নাগৰিকে কেব চালকক সন্দেহৰ চকুৰে চাব।

এই মন্তব্যক অসমীয়াৰ স্বাভিমানৰ বিৰুদ্ধে এক গোপন আক্ৰমণ বুলি অভিহিত কৰে৷ চালকসকল স্থানীয় আৰু বহু বছৰ ধৰি এই ব্যৱসায়ৰ লগত জড়িত বুলি দাবী কৰি সংগঠনকেইটাই কয় যে মুখ্যমন্ত্ৰীয়ে যিদৰে ইংগিত দিলে যে কেব চালকসকল বাহিৰৰ বা বাংলাদেশী হ’ব পাৰে৷ সেই মন্তব্যই আমাৰ আত্মসন্মানত গভীৰ আঘাত হানিছে। এই মন্তব্য শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগিব৷ সংগঠনকেইটাই সকীয়নি প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰত্যাহাৰ নকৰিলে এই মাহতে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

আমাৰ দাবী অগ্ৰাহ্য কৰিলে আমি ৪৮ ঘণ্টা ৰাজ্যজুৰি কেব আৰু অন্য সকলো ব্যক্তিগত যান-বাহন সেৱা বন্ধ কৰি ধৰ্ণা প্ৰদৰ্শন কৰিম। কেৱল কেব চালকেই নহয়, সকলো পৰিবহণ শ্ৰমিকৰ প্ৰতিবাদ হ’ব। সংগঠনকেইটাই লগতে কয় যে সমস্যা সমাধান নোহোৱাকৈ থাকিলে দেশৰ ২৬ খন ৰাজ্যৰ পৰিবহণ সংগঠনৰ সৈতে মিলি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰা হ’ব। যদি কেব ব্যৱসায়ত অচিনাক্ত ব্যক্তিয়ে প্ৰৱেশ কৰিছে, তেন্তে তাৰ দায়ী পৰিবহণ বিভাগ।

পৰিবহণ বিভাগেই সকলো কেবৰ অনুজ্ঞাপত্ৰ,লাইচেন্স আৰু নথি জাৰি কৰে। যদি কোনোঅবৈধ বা চিনাকি ব্যক্তি কেব চালক হিচাপে আছে তেন্তে সেই ব্যৰ্থতাৰ বাবে দায়ী বিভাগটো। পৰিবহণ বিভাগ অসমৰ সৰ্বাধিক ৰাজহ আহৰণ কৰা বিভাগ৷ কিন্তু অস্থিৰ আৰু অনিয়মিত বিভাগ বুলি মন্তব্য কৰে। আজি একাংশ চালকসকলে অভিযোগ আনি কয় যে ইতিমধ্যে আমি ঋণৰ কিস্তি, ইন্ধনৰ মূল্যবৃদ্ধিত পৰিয়াল চলাবলৈ সংঘৰ্ষ কৰিবলগীয়া হৈছে৷

আমাক অবাঞ্ছিত, অপৰাধী বা বাহিৰা বুলি দৰ্শাই আমাৰ জীৱন আৰু ব্যৱসায় দুয়োটাতে প্ৰভাৱ পেলাইছে। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই সমাজত বিভ্ৰান্তি আৰু বৈষম্য সৃষ্টিৰ সম্ভাৱনা আছে বুলিও অভিযোগ উত্থাপন কৰে৷ তিনিওটা সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে যে তেওঁ ১৫ আগষ্টত দিয়া মন্তব্য প্ৰত্যাহাৰ কৰক আৰু কেব চালকসকলৰ আত্মসন্মান আৰু সামাজিক পৰিচয় পুনৰুদ্ধাৰ কৰক।

স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ জনসংখ্যাগত পৰিৱৰ্তনৰ কথা উল্লেখ কৰি কৈছিল যে কেব চালকসকল বেছিভাগেই অচিনাক্ত মানুহ। তেওঁলোক ক’ৰ পৰা আহিল? যদিও মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কাক উদ্দেশ্য কৰিছিল সেই কথা স্পষ্ট৷ ভাষিক সংখ্যালঘুক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে এই কথা কয় যদিও মন্তব্যক লৈ বিতৰ্ক সৃষ্টি হয়।