সাধাৰণ মানুহে ভাৱিবও নোৱাৰে! অনন্ত আম্বানীয়ে পুৰণা গাড়ী ৰং কৰিবলৈকে খৰছ কৰিছে ১কোটি টকা...

ৰাজকীয় জীৱনশৈলীৰ বাবে সদায়েই চৰ্চাত থাকে আম্বানীৰ পৰিয়াল। সেয়া বিয়াই হওক, বাহনেই হওক নাইবা কোনো খাদ্য সামগ্ৰীয়েই হওক। এইবাৰ কিন্তু কিছু পৃথক এক বিষয়ক লৈহে চৰ্চালৈ আহিছে অনন্ত আম্বানী।

New Update
ronhgg

ডিজিটেল ডেস্কঃ ৰাজকীয় জীৱনশৈলীৰ বাবে সদায়েই চৰ্চাত থাকে আম্বানীৰ পৰিয়াল। সেয়া বিয়াই হওক, বাহনেই হওক নাইবা কোনো খাদ্য সামগ্ৰীয়েই হওক। এইবাৰ কিন্তু কিছু পৃথক এক বিষয়ক লৈহে চৰ্চালৈ আহিছে অনন্ত আম্বানী।  আপুনি নাইবা মই এখন বাহনৰ বাবে যিমান টকা খৰছ কৰিবলৈ কল্পনাও কৰিব নোৱাৰো, সিমানখিনি টকা কেৱল গাড়ীত নতুনকৈ ৰং কৰিবলৈকে শেহতীয়াকৈ খৰছ কৰিছে অনন্ত আম্বানীয়ে।

Advertisment

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, শেহতীয়াকৈ আম্বানীৰ পৰিয়ালৰ ৰলছ ৰয়েলছৰ এখন বাহন নতুনকৈ ৰং কৰিবলৈকে খৰছ কৰিছে ১কোটি টকা। উল্লেখ কৰা প্ৰয়োজন যে, বিশ্বৰ অতিকৈ দামী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ৰলছ ৰলেলছৰ প্ৰায় ১০গাড়ী আছে আম্বানীৰ পৰিয়ালক।

ৰলছ ৰয়েলছৰ কুলিনান মডেলৰ এই গাড়ীখনত আছে ৫খন গাড়ী বহিব পৰাৰ সুবিধা। ৬,৭৪৯চি চিৰ ইঞ্জিনযুক্ত এই বাহনখন মাইলেজ ৬.৬ কিলোমিটাৰ। উল্লেখ কৰা প্ৰয়োজন যে, ৰলছ ৰয়েলছে যিকোনো ব্যক্তিক বাহন বিক্ৰী নকৰে। উপযুক্ত ধন দিলেও এই গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানটোৱে যিকোনো গ্ৰাহকক গাড়ী নিদিয়ে। বহুকেইটা চৰ্ত সাপেক্ষেহে এই প্ৰতিষ্ঠানটোৱে কিছু নিৰ্দিষ্ট ব্যক্তিক বিক্ৰী কৰে বাহন। 

মুকেশ আম্বানী