বিশ্বকাপৰ টিকট নোপোৱাসকলক ঘৰৰ পৰাই খেল উপভোগ কৰিবলৈ আহ্বান বিৰাট কোহলীৰ

বিশ্বকাপৰ টিকট নোপোৱাসকলক ঘৰৰ পৰাই খেল উপভোগ কৰিবলৈ আহ্বান বিৰাট কোহলীৰ

ডিজিটেল ডেস্ক: গৰ্ভধাৰণৰ খবৰে চৌদিশে চৰ্চা লাভ কৰি থকাৰ মাজতে ৰাজহুৱাকৈ হাতজোৰ কৰিলে বলীউডৰ তাৰকা অভিনেত্ৰী অনুষ্কা শৰ্মাই।হয়, শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মেডিয়াত হাতজোৰ কৰি এটা প'ষ্ট কৰিছে আৰু ইয়াৰ পাছতেই স্বাভাৱিকভাৱেই তেওঁ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

উল্লেখ্য যে, আইচিচি ক্ৰিকেট বিশ্বকাপ-২০২৩ৰ বাবে ভাৰত ইতিমধ্যে সাজু হৈছে। এই প্ৰতিযোগিতাত বিশ্বৰ ১০ খন দেশে অংশগ্ৰহণ কৰিছে।যাৰ বাবে অনুৰাগীসকলে খেল উপভোগ কৰিবলৈ টিকটৰ বাবে হাহাকাৰ কৰি আছে। এই লোকসকলৰ বাবে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এক অতি বিশেষ বাৰ্তা লেখি ইষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

এই বাৰ্তাত বিৰাট কোহলীয়ে এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে অনুৰাগী আৰু বন্ধুবৰ্গক টিকট বিচাৰি তেওঁৰ সৈতে যোগাযোগ নকৰিবলৈ অনুৰোধ কৰিছে।তেওঁ লেখিছে, ‘মই মোৰ সকলো বন্ধুবৰ্গক ক'বলৈ বিচাৰো যে বিশ্বকাপৰ টিকট বিচাৰি যেন তেওঁলোকে মোক যোগাযোগ নকৰে।টিকট নাপালে  অনুগ্ৰহ কৰি আপোনালোকে ঘৰতে খেলখন উপভোগ কৰিব।'

এই বাৰ্তাত বিৰাটৰ পত্নী অনুষ্কা শৰ্মাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।বিৰাটৰ এই প’ষ্টটো পুনৰ প’ষ্ট কৰি অনুষ্কাই লেখিছে,  ' যদি বিৰাটে আপোনালোকৰ মেছেজ উপেক্ষা কৰে বা উত্তৰ নিদিয়ে, অনুগ্ৰহ কৰি মোক সহায়ৰ বাবে অনুৰোধ নকৰিব।মই সকলোকে হাতজোৰ কৰিছো। আমাক বুজি পোৱাৰ বাবে ধন্যবাদ। '

এই প’ষ্টটোৰ পৰা এটা কথা স্পষ্ট হৈছে যে খেলৰ টিকটৰ বাবে এই তাৰকা যুটিটোক অনুৰাগীয়ে যোগাযোগ কৰি আছে আৰু ইয়াতে অতিষ্ঠ হৈ বিৰাটে এইটো প’ষ্টটো কৰিছে। ইফালে,খবৰ অনুসৰি দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে অনুষ্কা শৰ্মা।যাৰ বাবে বিগত কেইদিনমানৰ পৰা চৰ্চাৰ শীৰ্ষত আছে অভিনেত্ৰীগৰাকী।কিন্তু এই সন্দৰ্ভত এই তাৰকা যুটীটোয়ে বৰ্তমানলৈ কোনো স্পষ্টকৈ প্ৰকাশ কৰা নাই। অনুষ্কাই দ্বিতীয় সন্তানটো জন্ম দিয়াৰ পিছতে হেনো তেওঁৰ সফল অভিনয় কেৰিয়াৰ ত্যাগ কৰিব।হয়, এটা পুৰণি সাক্ষাৎকাৰত অনুষ্কাই কৈছিল,  ‘যেতিয়া মই বিয়া পাতো, মই আৰু অভিনয় নকৰো। '

বিশ্বকাপৰ টিকট নোপোৱাসকলক ঘৰৰ পৰাই খেল উপভোগ কৰিবলৈ আহ্বান বিৰাট কোহলীৰ
তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ অনুৰাগীৰ অসাধাৰণ কৰ্ম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in