
ডিজিটেল ডেস্ক: ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ এখন বিশেষ ছবি অংকন কৰি চৰ্চালৈ আহিছে এগৰাকী যুৱক।এই ছবিখন এইকাৰণেই বিশেষ যে অনুৰাগীজনে ক্ৰিকেটাৰজনৰ ছবিখন আঁকিবলৈ হাত ব্যৱহাৰ কৰা নাই।হয়, এই ছবিখন তেওঁ জিভাৰে অংকন কৰিছে।অনুৰাগীজনে এই ছবি আঁকি থকা এটা ভিডিঅ' সম্প্ৰতি ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে আৰু সকলো ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে তেওঁৰ এই প্ৰতিভাক একেমুখে শলাগ লৈছে।
প্ৰকৃততে, কেইদিনমান পূৰ্বে মুফাদ্দাল ভোহৰাই নামৰ যুৱকজনে টুইটাৰত এই ভিডিঅ'টো প'ষ্ট কৰিছিল।এই ভিডিঅ'টো ৩ নিযুতৰো অধিক লোকে উপভোগ কৰিছে।বহুতেই সেই বিশেষ অনুৰাগীজনৰ কলাৰ দ্বাৰা প্ৰভাৱিত হৈছে যদিও আন একাংশই ইয়াক সমালোচনাও কৰিছে।এই প'ষ্টটোত এজনে লেখিছে, 'এই শিল্পীক প্ৰনাম আৰু সন্মান !', আন এজনে লেখিছে, 'এয়া অসাধাৰণ।' আনহাতে, বহুতেই এই কৰ্মক আশ্চৰ্যজনক বুলিও আখ্যা দিছে।অৱশ্যে, প'ষ্টটো ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে যদিও বৰ্তমানেও অনুৰাগীজনৰ এই কৰ্মত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিৰাট কোহলীয়ে।
উল্লেখ্য যে, ভাৰতীয় দলৰ তাৰকা খেলুৱৈ হিচাপে পৰিচিত বিৰাট কোহলীৰ এজন অনুৰাগীয়ে ইয়াৰ পূৰ্বে কাঠত তেওঁৰ প্ৰতিকৃতি সৃষ্টি কৰিছিল, যি যথেষ্ট ভাইৰেল হৈছিল।