কোনবোৰ ছোৱালীৰ প্ৰতি ল’ৰা আটাইতকৈ বেছি আকৰ্ষিত হয় জানেনে ?

কোনবোৰ ছোৱালীৰ প্ৰতি ল’ৰা আটাইতকৈ বেছি আকৰ্ষিত হয় জানেনে ?

ডিজিটেল ডেস্ক: জ্যোতিষশাস্ত্ৰ অনুসৰি এজন ব্যক্তিৰ জীৱনত তেওঁৰ নামটোয়ে খুব গুৰুতৰ প্ৰভাৱ পেলায়।এজন ব্যক্তিৰ নামটোৰ পৰাই তেওঁৰ ব্যক্তিত্ব তথা ভৱিষ্যতৰ বিষয়ে জানিব পাৰি।আজি আমি আপোনাক এনে কিছুমান ছোৱালীৰ প্ৰকৃতিৰ বিষয়ে জনাম, যাৰ ব্যক্তিত্বই খুব সহজতে সকলোকে আকৰ্ষিত কৰিব পাৰে।এইসকল ছোৱালীয়ে তেওঁলোকৰ মিঠা-মিঠা কথাৰে সকলোৰে হৃদয় জয় কৰি মনোযোগ আকৰ্ষণ কৰে। 

‘ক’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালী

জ্যোতিষ শাস্ত্ৰৰ মতে, ‘ক’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীবোৰ কথা কোৱাত অতি দক্ষ। আনহাতে, ল'ৰাবোৰো এই নামৰ ছোৱালীবোৰৰ প্ৰতি আটাইতকৈ বেছি আকৰ্ষিত হয়। তেওঁলোক হাস্যৰসিকো হয়। এই ছোৱালীবোৰৰ কথা কোৱাৰ পাৰদৰ্শীতাৰ বাবে যিকোনো মানুহৰ তেওঁলোক প্ৰিয়পাত্ৰ হৈ পৰে। তেওঁলোকে তেওঁলোকৰ সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ় দিয়ে। খুব যত্নশীল আৰু ৰোমান্টিক প্ৰকৃতিৰ এই ছোৱালীসকল প্ৰেমৰ ক্ষেত্ৰতো অতি সৎ।

‘ৰ’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালী

এই ছোৱালীবোৰ বৰ সুখী। তেওঁলোক নিজে সুখী হোৱাৰ লগতে তেওঁলোকৰ সৈতে জড়িত লোকসকলকো সুখী কৰি ৰাখে।তেওঁলোকে পৰিয়ালৰ সুখৰ বাবে যিকোনো কাম কৰিবলৈ সাজু থাকে।আনৰ সুখত সুখী আৰু দুখত দুখী হ’ব পৰা গুণৰ বাবেই এই ছোৱালীবোৰ সকলোৰে মাজত প্ৰিয়পাত্ৰ হৈ থাকে।

‘প’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালী

যিসকল ছোৱালীৰ নাম ‘প’ আখৰেৰে আৰম্ভ হয়, তেওঁলোক খুব নম্ৰ স্বভাৱৰ হোৱাৰ লগতে সকলোৰে সৈতে সহজতে মিলি যাব পৰা গুণৰ অধিকাৰী। তেওঁলোকে সদায়ে আনক সহায় কৰিবলৈ সাজু থাকে। এই ছোৱালীবোৰ অতি আৱেগিক। তেওঁলোকে যিকোনো ব্যক্তিক সহজে বিশ্বাস কৰে, যাৰ বাবে ভৱিষ্যতে তেওঁলোক প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকে। তেওঁলোকৰ অন্তৰ খোলা হোৱাৰ বাবেই ল'ৰাবোৰ এই ছোৱালীবোৰৰ সোনকালে আকৰ্ষিত হৈ পৰে।

কোনবোৰ ছোৱালীৰ প্ৰতি ল’ৰা আটাইতকৈ বেছি আকৰ্ষিত হয় জানেনে ?
বৰ্ণমালা ৰহস্য: দেউতাকৰ বাবে ভাগ্যৱান এই নামৰ ছোৱালী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in