বৰ্ণমালা ৰহস্য: দেউতাকৰ বাবে ভাগ্যৱান এই নামৰ ছোৱালী

আজি আমি আপোনাক এনে কিছুমান কন্যাৰ বিষয়ে জনাম, যাৰ ভাগ্যৰ দ্বাৰা আনৰ ভাগ্য উদয় হয় বুলি গণ্য কৰা হয়।

author-image
asomiyapratidin
New Update
বৰ্ণমালা ৰহস্য: দেউতাকৰ বাবে ভাগ্যৱান এই নামৰ ছোৱালী

ডিজিটেল ডেস্ক: বহুতৰ বিশ্বাস অনুসৰি জ্যোতিষশাস্ত্ৰই এজন ব্যক্তিৰ জীৱনৰ সৈতে সম্পৰ্কিত বহুতো কথা কয়। সেই অনুসৰি এজন ব্যক্তিৰ জন্মৰ লগে লগে বিশেষ এটা আখৰৰে তেওঁৰ নাম ৰখা হয়। এজন ব্যক্তিৰ নামৰ প্ৰভাৱ তেওঁৰ স্বভাৱৰ ওপৰতো পৰে।নাম অনুসৰি ব্যক্তি এজনৰ  বিভিন্ন বৈশিষ্ট্য থাকে, যিয়ে তেওঁক বাকী ব্যক্তিসকলৰ পৰা পৃথক পৰিচয় দিয়ে। আজি আমি আপোনাক এনে কিছুমান কন্যাৰ বিষয়ে জনাম, যাৰ ভাগ্যৰ দ্বাৰা আনৰ ভাগ্য উদয় হয় বুলি গণ্য কৰা হয়।

Advertisment

‘ড’ আখৰৰে নাম আৰম্ভ হোৱা কন্যা

যিসকল ছোৱালীৰ নাম ‘ড’ আখৰেৰে আৰম্ভ হয় তেওঁলোকৰ ভাগ্য অতি শক্তিশালী।এনে ছোৱালী পৰিয়ালৰ বাবেও ভাগ্যৱান হয়।এই নামৰ ছোৱালীয়ে তেওঁৰ পৰিয়ালক অত্যন্ত ভাল পায় আৰু পৰিয়ালৰ সুখৰ বাবে যিকোনো কাম কৰিবলৈ সকলো সময়তে সাজু হৈ থাকে। তদুপৰি, এই ছোৱালীবোৰ তেওঁলোকৰ দেউতাকৰ বাবেও বহুত ভাগ্যৱান। 

‘ভ’ আখৰৰে নাম আৰম্ভ হোৱা কন্যা

যিসকল ছোৱালীৰ নাম ‘ভ’ আখৰেৰে আৰম্ভ হয় তেওঁলোক বহুত ভাগ্যৱান। তেওঁলোক বহুত সংস্কাৰী। তেওঁলোকে জ্যেষ্ঠসকলক কিদৰে সন্মান কৰিব লাগে, সেয়া জানে। তেওঁলোক স্বভাৱত বন্ধুত্বপূৰ্ণ। এই ছোৱালীবোৰে যিকোনো লোকৰ হৃদয় অতি সহজে জিকিব পাৰে। এই ছোৱালীবোৰো তেওঁলোকৰ দেউতাকৰ বাবে  বহুত ভাগ্যৱান। 

‘ল’ আখৰৰে নাম আৰম্ভ হোৱা কন্যা

‘ল’ আখৰেৰে নাম আৰম্ভ হোৱা ছোৱালীবোৰো বৰ ভাগ্যৱতী। তেওঁলোকৰ জীৱনত একোৰে অভাৱ নাথাকে আৰু সকলো ধৰণৰ আৰাম লাভ কৰে। তেওঁলোক নিজৰ লগতে শহুৰেকৰো ভাগ্য উজ্জ্বল কৰে।এই নামৰ ছোৱালীসকল যথেষ্ট পৰিশ্ৰমী হোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ অতি প্ৰিয় পাত্ৰ হয়। 

‘চ’ আখৰৰে নাম আৰম্ভ হোৱা কন্যা 

যিসকল ছোৱালীৰ নাম ‘চ’ আখৰেৰে আৰম্ভ হয়, তেওঁলোক অত্যন্ত জীৱন্ত আৰু প্ৰফুল্ল প্ৰকৃতিৰ। এইসকল ছোৱালীয়ে কঠোৰ পৰিশ্ৰমৰে প্ৰতিটো স্থান প্ৰাপ্ত কৰে।তেওঁলোক বিয়া হোৱা ঘৰখনতো ধনৰ কোনো অভাৱ নাথাকে। তদুপৰি, এইসকল ছোৱালী শহুৰেকৰ বাবেও অতি ভাগ্যৱান।

Also Read: পৰিৱৰ্তনশীল বতৰৰ বাবে শিশুটিৰ কাহ হৈছে নেকি ?

বৰ্ণমালা