আপোনাৰ নাম বাৰু কি আখৰৰে আৰম্ভ হৈছে ?

জ্যোতিষশাস্ত্ৰৰ মতে, জন্মৰ তাৰিখ বা নামৰ প্ৰথম আখৰটোতে আমাৰ জীৱনৰ গোটেই কাহিনী লুকাই থাকে। এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰে তেওঁৰ ব্যক্তিত্ব, প্ৰকৃতি, আনকি ভৱিষ্যতৰ ঘটনাবোৰৰ বিষয়ে প্ৰকাশ কৰিব পাৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
৫৫৫৫৫৫৫

ডিজিটেল ডেস্ক: জ্যোতিষশাস্ত্ৰৰ মতে, জন্মৰ তাৰিখ বা নামৰ প্ৰথম আখৰটোতে আমাৰ জীৱনৰ গোটেই কাহিনী লুকাই থাকে। এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰে তেওঁৰ ব্যক্তিত্ব, প্ৰকৃতি, আনকি ভৱিষ্যতৰ ঘটনাবোৰৰ বিষয়ে প্ৰকাশ কৰিব পাৰে। হয়, আজি 'হ' আখৰৰে আৰম্ভ হোৱা নামৰ গৰাকীৰ কেতবোৰ বিশেষত্বৰ বিষয়ে জানো আহক- 

সহজাত স্বভাৱ

এই নামৰ লোকসকলে তেওঁলোকৰ পৰিয়ালক বহুত সন্মান কৰে। স্বভাৱত অতি বন্ধুত্বপূৰ্ণ হোৱাৰ বাবে তেওঁলোকে সকলোকে কেনেদৰে লগত লৈ আগবাঢ়ি যাব লাগে, সেয়া জানে। এই নামৰ লোকসকলৰ বেছিভাগেই সৰু-সৰু কথাত খং কৰে আৰু এই খং নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পৰে। কিন্তু জ্যোতিষশাস্ত্ৰৰ মতে, এই লোকসকলে নিজকে কিদৰে চাপমুক্ত কৰি ৰাখিব লাগে ভালদৰে জানে। এই লোকসকলৰ মনটো অতি প্ৰফুল্ল আৰু তেওঁলোক খুবেই সামাজিক। আপুনি তেওঁলোকক যি কোনো ক্ষেত্ৰত অন্ধভাৱে বিশ্বাস কৰিব পাৰে।বন্ধুত্ব ৰক্ষাৰ ক্ষেত্ৰটো তেওঁলোক খুবেই আগ্ৰহী। তেওঁলোক নিজেও  ভুল পথৰ পৰা আঁতৰি থাকে আৰু মানুহক কিদৰে আঁতৰাই ৰাখিব লাগে সেয়াও ভালদৰে জানে।

প্ৰেম জীৱন

এই লোকসকলৰ বিবাহিত জীৱনো খুব সুখী। যদি এই লোকসকলে কাৰোবাক ভাল পায়, তেওঁলোকে গোটেই জীৱন তেওঁৰ প্ৰতি সমৰ্পিত। এই লোকসকলে তেওঁলোকৰ প্ৰেম সোনকালে প্ৰকাশ নকৰে। কাৰণ তেওঁলোক প্ৰেমৰ ক্ষেত্ৰত খুব আৱেগিক।ইফালে আকৌ প্ৰেমত পৰোতে তেওঁলোকৰ প্ৰকৃতি অলপ ৰহস্যজনক হয়। যাৰ বাবে তেওঁলোকক বুজি পোৱাটো কঠিন হৈ পৰে।কিন্তু যেতিয়া আপুনি তেওঁলোকক বুজি পাব, আপোনাৰ জীৱনৰ পথ মসৃণ হৈ পৰিব।

Also Read: বৰ্ণমালা ৰহস্য: দেউতাকৰ বাবে ভাগ্যৱান এই নামৰ ছোৱালী