সোণৰ তাঁৰৰে বনোৱা হৈছিল ঐশ্বৰ্যয়ে বিয়াত পিন্ধা শাৰীখন, সোণৰ ফুলৰে কৰিছিল কেশসজ্জা

সোণৰ তাঁৰৰে বনোৱা হৈছিল ঐশ্বৰ্যয়ে বিয়াত পিন্ধা শাৰীখন, সোণৰ ফুলৰে কৰিছিল কেশসজ্জা

ডিজিটেল ডেস্ক: ঐশ্বৰ্য ৰায়, পৰিচয়ৰ বাবেই যেন নামেই যথেষ্ট।অভিনয় তথা বিতৰ্কৰ পৰা দূৰত থাকিলেও কিন্তু চৰ্চাৰ শীৰ্ষত থাকে এইগৰাকী বিশ্বসুন্দৰী।ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ যুটিটোও বি-টাউনৰ এক অন্যতম বিখ্যাত যুটি।অনুৰাগীৰ অতিকৈ প্ৰিয় এই যুটিক বলীউডৰ এক অন্যতম শক্তিশালী দম্পতী বুলিও গণ্য কৰা হয়।কিন্তু এই যুটিটো বৰ্তমান তেওঁলোকৰ সম্পৰ্কৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

বিগত কেইমাহমানৰ পৰা হেনো এই দম্পতীহালৰ মাজত একো সঠিকভাৱে চলি থকা নাই।ঐশ্বৰ্যয়ে বচ্চন পৰিয়ালৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ এতিয়া কন্যাৰ সৈতে বেলেগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই বিষয়টোয়ে চৰ্চা লাভ কৰাৰ পাছতে কিন্তু সকলো অনুৰাগীয়ে তেওঁলোকক একেলগে থকাটোহে বিচাৰিছে।প্ৰায় ১৭ বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ঐশ্বৰ্য আৰু অভিষেকৰ এগৰাকী কন্যা সন্তানো আছে। তেওঁলোক দুয়োৰে বিয়াও যথেষ্ট চৰ্চাত আছিল।বিশেষকৈ ঐশ্বৰ্যই বিয়াত পিন্ধা শাৰীখনে সকলোকে হতবাক কৰি তুলিছিল।কিয়নো  ঐশ্বৰ্যই বিয়াত পিন্ধা শাৰীখন স্বাভাৱিকতে কইনাই পিন্ধা শাৰী নাছিল।এই শাৰীখন সোণৰ তাঁৰেৰে নিৰ্মিত আছিল। যাৰ মূল্য সেই সময়তে আছিল ৭৫ লাখ টকা। ১৭ বছৰৰ আগতে ৭৫ লাখ মূল্যৰ সেই শাৰীখনৰ মূল্য এতিয়া কিমান হ'ব, সেয়া হয়তো আপুনি নিজেই অনুমান কৰিব পাৰিব।

ঐশ্বৰ্যই তেওঁৰ বিয়াৰ দিনা দক্ষিণ ভাৰতীয় কইনাৰ সাজৰে নিজকে সজাই তুলিছিল। অভিনেত্ৰীগৰাকীয়ে সোণৰ গহণাৰ সৈতে সোণালী ৰঙৰ কাঞ্জীভাৰাম শাৰী পিন্ধিছিল।এই শাৰীখন তেওঁৰ বন্ধু তথা বিখ্যাত ডিজাইনাৰ নীতা লুল্লাই ডিজাইন কৰিছিল। শাৰীখনত সোণৰ তাঁৰ আৰু বিশুদ্ধ ৰেচমেৰে তৈয়াৰ কৰা হৈছিল।ব্লাউজ আৰু শাৰীৰ স্ফটিকবোৰ বিশ্বৰ আটাইতকৈ ব্যয়বহুল স্ফটিক বিক্ৰী কৰা কোম্পানী স্বাৰোভস্কিৰ পৰা লোৱা হৈছিল।অভিনেত্ৰীগৰাকীয়ে সোণৰ ফুলৰে কেশসজ্জা কৰিছিল। ঐশ্বৰ্যৰ বাগদানৰ আঙুঠি আৰু মঙ্গলসূত্ৰও অতি বিশেষ আছিল। তেওঁৰ ৫৩ কেৰেটৰ হীৰাৰ আঙুঠিটোৰ মূল্য আছিল প্ৰায় ৫০ লাখ টকা আৰু হীৰাৰ মঙ্গলসূত্ৰৰ মূল্য ৪৫ লাখ টকা।

সোণৰ তাঁৰৰে বনোৱা হৈছিল ঐশ্বৰ্যয়ে বিয়াত পিন্ধা শাৰীখন, সোণৰ ফুলৰে কৰিছিল কেশসজ্জা
অভিষেকৰ মাতৃ-ভগ্নীৰ কাণ্ডত অতিষ্ঠ ঐশ্বৰ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in