অভিষেকৰ মাতৃ-ভগ্নীৰ কাণ্ডত অতিষ্ঠ ঐশ্বৰ্য

অভিষেকৰ মাতৃ-ভগ্নীৰ কাণ্ডত অতিষ্ঠ ঐশ্বৰ্য

ডিজিটেল ডেস্ক: বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ ঘৰত হোৱা কন্দলে অৱশেষত সীমা চেৰালে।ঘৰুৱা কন্দল এতিয়া ৰাজহুৱা হ’ল।অমিতাভৰ পুত্ৰ আৰু বোৱাৰীৰ মাজত ঘটি থকা ঘটনাবোৰ ৰাজহুৱা হোৱাত সম্প্ৰতি চৌদিশে এই বিষয়টোয়ে তীব্ৰ চৰ্চা লাভ কৰিছে।হয়, বলীউডৰ অন্যতম সফল দম্পতী হিচাপে নাম থকা অমিতাভৰ পুত্ৰ-বোৱাৰী অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ অতি শীঘ্ৰেই হ’ব বিবাহ বিচ্ছেদ। ১৫ বছৰীয়া এই বৈবাহিক জীৱনৰ অন্ত পেলাবলৈ এতিয়া অভিষেক-ঐশ্বৰ্য দুয়োজনেই সাজু হৈছে।

উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ মুকলি অনুষ্ঠানত ঐশ্বৰ্য ৰায় বচ্চন তেওঁৰ কন্যা আৰাধ্যাৰ সৈতেহে উপস্থিত হৈছিল।য’ত দেশ তথা বিশ্বৰ নামী-দামী দম্পতীসকলে হাতত হাত ধৰি এই অনুষ্ঠানত অংশ ল’লে, তাত কিন্তু ঐশ্বৰ্য-আৰাধ্যাৰ লগত দেখা পোৱা নগ’ল অভিষেক বচ্চনক। বলীউডৰ এই দম্পতীহালক পূৰ্বে প্ৰায়ে একেলগে এনে দৰ্শনীয় অনুষ্ঠানত উপস্থিত থকা দেখা যায়।কিন্তু আম্বানী পৰিয়ালৰ এই অনুষ্ঠানত দুয়োকে একেলগে দেখা নোপোৱাক কেন্দ্ৰ কৰিয়েই বিভিন্ন মহলত বিভিন্ন খবৰে বেছ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

খবৰ অনুসৰি, ঐশ্বৰ্যই তেওঁৰ কন্যাৰ সৈতে পৃথকে বাস কৰি আছে।ইয়াৰ কাৰণ হৈছে তেওঁৰ শাহু জয়া বচ্চন আৰু অভিষেকৰ ভগ্নী শ্বেতা বচ্চন নন্দা।ঐশ্বৰ্যক লৈ হেনো তেওঁলোক দুয়ো একেবাৰে সুখী নহয়। অভিষেকৰ মাতৃ-ভগ্নীৰ কাণ্ডত অতিষ্ঠ হৈ ঐশ্বৰ্যই পৃথকে বাস কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে।এই সন্দৰ্ভত অৱশ্যে ঐশ্বৰ্য-অভিষেকে কোনো স্পষ্টতা প্ৰদান কৰা নাই।

আনহাতে, ঐশ্বৰ্যৰ শেহতীয়া এক ছ’ছিয়েল মেডিয়া প’ষ্টত অৱশ্যে অভিষেকে ‘কমেন্ট’ কৰাৰ পাছত এয়া মিছা খবৰ বুলিও একাংশৰ মাজত চৰ্চা চলিছে।প্ৰকৃততে, আম্বানীৰ অনুষ্ঠানটোত ঐশ্বৰ্য আৰু আৰাধ্যাই অংশগ্ৰহণ কৰা এখন ফটো 'মাই ফেভ পিপল' বুলি ‘কেপচন’ দি ঐশ্বৰ্যই টুইটাৰত ‘শ্বেয়াৰ’ কৰিছিল।এই ফটোখনতে অভিষেকে ‘মাইন টু’ বুলি ‘কমেন্ট’ কৰে।ঐশ্বৰ্যৰ ফটোত অভিষেকে ‘কমেন্ট’ কৰা বিষয়টোয়ে অনুৰাগীসকলক নি:সন্দেহে কিছু সকাহ দিছে।

অভিষেকৰ মাতৃ-ভগ্নীৰ কাণ্ডত অতিষ্ঠ ঐশ্বৰ্য
শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in