দুৰ হ'ব জীৱনৰ সকলো দুখ, উপভোগ কৰিব পাৰিব জীৱন

হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনো কোনো দেৱতাৰ প্ৰতি সমৰ্পিত। সেই অনুসৰি মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ। এই দিনটোত ভগৱান হনুমানক পূজা কৰিলে জীৱনৰ দুখ-দুৰ্দশা দূৰ হয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
মঙলবাৰ

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনো কোনো দেৱতাৰ প্ৰতি সমৰ্পিত। সেই অনুসৰি মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ। এই দিনটোত ভগৱান হনুমানক পূজা কৰিলে জীৱনৰ দুখ-দুৰ্দশা দূৰ হয়। বিশ্বাস কৰা হয় যে, কলিযুগত হনুমানেই একমাত্ৰ দেৱতা, যি জাগ্ৰত হৈ ভক্তৰ আহ্বান শুনে। হনুমান জীয়ে অমৰ হোৱাৰ বৰ লাভ কৰিছে আৰু আজিও তেওঁ নিজৰ ৰূপ সলনি কৰি নিজৰ ভক্তৰ মাজলৈ আহে বুলি বিশ্বাস কৰা হয়। সেইবাবেই মঙলবাৰে হনুমান জীক ধ্যান কৰি সুখময় জীৱনৰ বাবে প্ৰাৰ্থনা কৰে। মঙলবাৰে সন্ধিয়া কেইটামান বিশেষ কাম কৰি আপুনিও হনুমান জীক সন্তুষ্ট কৰি জীৱনটো সুখৰে উপভোগ কৰিব পাৰে।

Advertisment

মঙলবাৰে সন্ধিয়া কি কৰিব ?

দৰ্শন কৰিব হনুমান মন্দিৰ 

মঙলবাৰে হনুমান জীৰ মন্দিৰত বিশেষ পূজা আৰু আৰতি কৰা হয়। সন্ধিয়া মন্দিৰৰ পৰিৱেশ অতি ভক্তিময়। এই সময়ত বজৰংবলীৰ আন আন ভক্তৰ সৈতে পূজা কৰিলে মানসিক শান্তি আৰু আধ্যাত্মিক শক্তি পোৱা যায়।

বজৰংবলীক আগবঢ়াব লাড়ু 

মঙলবাৰে সন্ধিয়া হনুমান জীক বুণ্ডীয়াৰ লাড়ু আগবঢ়োৱাটো পৰম্পৰা। বিশ্বাস মতে,  হনুমান জীৰ হালধীয়া বা কেশৰ ৰঙী বুণ্ডীয়া লাড়ু খুব প্ৰিয়। সেয়েহে, পূজাৰ সময়ত হনুমান জীক লাড়ু বা শুকান বুণ্ডীয়া আগবঢ়াব। তাৰ পিছত সেই প্ৰসাদ আনৰ মাজত বিতৰণ কৰিব। কোৱা হয় যে, হনুমান জীৰ প্ৰসাদ মানুহে যিমান খায়, সিমানেই বিপদ দূৰ হয়।

পঞ্চমুখী হনুমান জীৰ সন্মুখত পঞ্চমুখী চাকি জ্বলাব

মঙলবাৰে সন্ধিয়া পঞ্চমুখী হনুমান জীৰ সন্মুখত পঞ্চমুখী চাকি জ্বলোৱাৰ বিশেষ তাৎপৰ্য আছে। যদি আপোনাৰ ওচৰত পঞ্চমুখী হনুমান জীৰ মন্দিৰ আছে, তেন্তে মন্দিৰলৈ গৈ এটা চাকি জ্বলাব। যদি ওচৰত তেনে কোনো মন্দিৰ নাই, তেন্তে হনুমান জীৰ মূৰ্তি বা ফটোৰ সন্মুখতে পঞ্চমুখী চাকি জ্বলাই ঘৰতে পূজা কৰিব। এই চাকি জ্বলালে নেতিবাচক শক্তিৰ পৰা ৰক্ষা পৰাৰ লগতে মন শক্তিশালী হয়।

হনুমান চলিছা,হনুমান অষ্টক পাঠ

মঙলবাৰে হনুমান চলিছা পাঠ কৰি বজৰংবলীক প্ৰশংসা কৰিব লাগে। হনুমান চলিছা পঢ়িলে জীৱনৰ দূখ-কষ্ট দূৰ হয় আৰু আত্মবিশ্বাসী হয়। পূজাৰ সময়ত শান্ত মনৰে হনুমান চলিছা পঢ়িব। ইয়াৰ পিছত সম্ভৱ হ’লে হনুমান অষ্টকও পাঠ কৰিব। যিয়ে আপোনাৰ মনৰ পৰা সকলো ধৰণৰ যন্ত্ৰণা আৰু বাধা দূৰ কৰে।

দান কৰক

মঙলবাৰে কিছুমান বিশেষ বস্তু দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে মংগল আৰু শনিৰ বেয়া প্ৰভাৱ কমি যায় আৰু আপুনি হনুমান জীৰ বিশেষ আশীৰ্বাদৰ পাত্ৰ হ’ব পাৰে। মঙলবাৰে গৰু বা বান্দৰক বুট আৰু গুড় খাবলৈ দিব।, আৰ্তজনক তামৰ বাচন, তেল, চন্দন, লং, সেন্দুৰ দান কৰিব। এই দানে গ্ৰহবোৰৰ দোষ শান্ত কৰাই নহয়, আপোনাৰ ইচ্ছা পূৰণতো সহায় কৰিব।

যদি আপুনি এই পাঁচটা সহজ কাম নিয়মিতভাৱে কৰে, তেন্তে আপুনি বজৰংগবলীৰ আশীৰ্বাদ প্ৰাপ্ত হ'ব।