ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফ-বি জি বিৰ মাজত প্ৰীতি ভলীবল প্ৰতিযোগিতা...

২-১ ৰ ব্যৱধানত জয়ী বাংলাদেশ বি জি বি
প্ৰীতি ভলীবল প্ৰতিযোগিতা
প্ৰীতি ভলীবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সাহাপাৰা বি এছ এফ কেম্প পাৰ্শ্বৱৰ্তী কাঁইটীয়া তাঁৰৰ সিপাৰে থকা বাংলাদেশৰ ভূমি চৰ নতুন বন্দৰত মঙলবাৰে বিয়লি উভয় দেশৰ বি এছ এফ আৰু বি জি বিৰ মাজত এক প্ৰীতি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন আন্তৰাষ্ট্ৰীয় সীমান্তত বি এছ এফে অন্য দেশৰ সুৰক্ষা বাহিনীৰ সৈতে বন্ধুতৰ সম্পৰ্ক গঢ়ি তুলি সীমান্তৰ অপৰাধ দমনৰ বাবে মৈত্ৰী কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। এই মৈত্ৰী কাৰ্যসূচীৰ অংশ হিচাপে আজি মানকাচৰৰ পাৰ্শ্বৱৰ্তী কাঁইটীয়া তাঁৰৰ সিপাৰে বাংলাদেশৰ ভূমিত দুই দেশৰ বি এছ এফ আৰু বি জি বিৰ মাজত প্ৰীতি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বি এছ এফ-বি জি বি
বি এছ এফ-বি জি বি

সীমান্তত অপৰাধ দমনৰ ক্ষেত্ৰত উভয় দেশৰ প্ৰহৰী হিচাপে কৰ্মৰত সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশ গাৰ্ড বৰ্ডাৰে আজি প্ৰীতি ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰে। মানকাচৰৰ সাহাপাৰা বি এছ এফ কেম্প এলেকাত থকা ২৩ নম্বৰ গেটেৰে ৪৫ নং বেটেলিয়ান বি এছ এফ বাহিনী বাংলাদেশত প্ৰবেশ কৰি কাঁইটীয়া তাঁৰৰ সিপাৰে থকা বাংলাদেশৰ ভূমিত অনুষ্ঠিত এই প্ৰীতি ভলীবল প্ৰতিযোগিতাত ৪৫ নং বেটেলিয়াৰ কমাণ্ডেণ্ট চি কে উপাধ্যায়, বাংলাদেশৰ সাংসদ জাকিৰ হুছেইন তথা বি জি বিৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

বি এছ এফ-বি জি বিৰ মাজত প্ৰীতি ভলীবল
বি এছ এফ-বি জি বিৰ মাজত প্ৰীতি ভলীবল

৪৫ নং বেটেলিয়ান বি এছ এফ আৰু ৩৫ নং বেটেলিয়ান বি জি বিৰ মাজত এই প্ৰীতি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুয়োখন দেশৰ প্ৰহৰীৰ মাজত মুঠ ৩ খন খেল অনুষ্ঠিত হয়। ইয়াৰে ভাৰতৰ বি এছ এফে মাত্ৰ এখন খেলত জয়ী হোৱাৰ লগতে বাংলাদেশৰ বি জি বিয়ে দুখন খেলত জয়ী হয়।

লক্ষণীয় যে সীমান্তত যাতে সকলো প্ৰকাৰৰ অপৰাধ দমনৰ ক্ষেত্ৰত উভয় দেশৰ প্ৰহৰী হিচাপে কাম কৰা বি এছ এফ আৰু বি জি বিয়ে আৰু অধিক উৎসাহেৰে কাম কৰিবলৈ বাংলাদেশৰ সাংসদ জাকিৰ হুছেইন আহ্বান জনোৱাৰ লগতে দেশ সুৰক্ষাত উভয় দেশৰ সুৰক্ষা বাহিনী অধিক গুৰুত্ব দিয়াৰ আহ্বান জনায় ভাৰতৰ ৪৫ নং বেটেলিয়ান বি এছ এফৰ কমাণ্ডেণ্ড চি কে উপাধ্যায়ে।

আৰু পঢ়কঃ হাতীৰ উপদ্ৰৱঃ ছাত্ৰ মুক্তিৰ অবিৰত গণ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in