হাতীৰ উপদ্ৰৱঃ ছাত্ৰ মুক্তিৰ অবিৰত গণ প্ৰতিবাদ...

নুমলীগড় শোধনাগাৰক জগৰীয়া কৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
নুমলীগড় শোধনাগাৰক জগৰীয়া কৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
নুমলীগড় শোধনাগাৰক জগৰীয়া কৰি ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, নুমলীগড়ঃ মৰঙিত হাতীৰ উপদ্ৰৱ। নুমলীগড় শোধনাগাৰ স্থাপন হোৱাৰে পৰা গোলাঘাট জিলাৰ মৰঙি মৌজাত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ গুৰুতৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰঙি আঞ্চলিক সমিতিয়ে মঙলবাৰৰ পৰা ভুক্তভোগী ৰাইজৰ সহযোগত এন আৰ এলৰ মুখ্যদ্বাৰত ‘অবিৰত গণ অৱস্থান’ কাৰ্যসূচীৰ আৰম্ভ কৰিছে ৷ আজি পুৱা প্ৰায় ১১ বজাৰ পৰা নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত 'নুমলীগড় শোধনাগাৰৰ বাবে মৰঙিত হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে ; গতিকে নুমলীগড় শোধনাগাৰ দায়বব্ধ হ’ব লাগিবই’, ‘মৰঙি অঞ্চলৰ কৃষক ৰাইজক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিবই’, ‘ইনক্লাব জিন্দাবাদ’, ‘মৰঙি অঞ্চলৰ কৃষক ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ’কে ধৰি নুমলীগড় শোধনাগাৰ কতৃৰ্পক্ষ বিৰোধী অনেক শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

মৰঙিৰ ভিন্ন প্ৰান্তৰ পৰা আহি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই বিষয়টোৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰ কতৃৰ্পক্ষই আওকণীয়া মনোভাৱ গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপন কৰাৰ লগতে প্ৰতিবাদী জনতাক গুৰুত্ব প্ৰদান নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

জানিব পৰা মতে প্ৰতিবাদস্থলীত শোধনাগাৰৰ জ্যেষ্ঠ প্ৰবন্ধক জগদীশ শৰ্মা উপস্থিত হয় যদিও ৰাইজক পতিয়ন নিয়াব নোৱাৰিলে ৷ সেয়েহে, প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ সমস্যা তথা দাবীসমূহৰ ক্ষেত্ৰত সঠিক মিমাংসা নোহোৱা পৰ্যন্ত এই গণ অৱস্থান অবিৰতভাৱে চলাই নিয়া হ’ব বুলি সকীয়নি প্ৰদান কৰাৰ লগতে এই পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰি থকৰ কথা উল্লেখ কৰে ৷

উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে নুমলীগড় দেওপাহাৰৰ সমীপতে নুমলীগড় শোধনাগাৰ আৰু শোধনাগাৰৰ নগৰাঞ্চল নিমাৰ্ণ হোৱা ঠাই সমূহ পূৰ্বতে বন্যহস্তীৰ আশ্ৰয়স্থলী, বিচৰণস্থলী আৰু প্ৰজননস্থলী আছিল৷ সেই ঠাই সমূহত শোধনাগাৰ আৰু শোধনাগাৰৰ নগৰাঞ্চল নিমাৰ্ণ হোৱাৰে পৰা বন্যহস্তীৰ আশ্ৰয়স্থলী, বিচৰণস্থলী আৰু প্ৰজননস্থলী নোহোৱা হোৱাত নুমলীগড় শোধনাগাৰৰ সমীপৱৰ্তী বৃহত্তৰ মৰঙি অঞ্চলত হাতী-মানুহৰ সংঘাত আৰম্ভ হ’ল আৰু ইয়াৰ প্ৰভাৱস্বৰূপেই বৰ্তমান সময়ত সমগ্ৰ বৃহত্তৰ মৰঙি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে বুলি উল্লেখ কৰে ৷

তদুপৰি, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পিন্টু গগৈয়ে কয় যে, আমি শোধনাগাৰ বিৰোধী নহয় ৷ নমলীগড় শোধনাগাৰ আমাৰ গৌৰৱ, আমাৰ স্বাভিমান কিন্তু এই সমস্যাৰ সৃষ্টিত যেতিয়া নুমলীগড় শোধনাগাৰ; তেতিয়া নুমলীগড় শোধনাগাৰ এই ক্ষেত্ৰত সমীপৱৰ্তী ৰাইজৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব ৷ এইবাৰ মৰঙি মৌজাত ২০ হাজাৰৰো অধিক বিঘা কৃষিভূমি কৃষকে বাধ্যত পৰি খেতি এৰিব লগা হৈছে আৰু খেতি কৰা সকলৰো খেতি ইতিমধ্যে বন্যহস্তীয়ে খাই তহিলং কৰিছে৷ হাতী-মানুহৰ সংঘাতত কেতিয়াবা মানুহৰো মৃত্যু হৈছে ৷ কেতিয়াবা হাতীৰো মৃত্যু হৈছে ৷ বহু পৰিয়াল গৃহহীন হ’ব লগা হৈছে ৷ বহুলোকৰ খেতি নোহোৱা হোৱাত মূল জীৱিকা হেৰুৱাই জীৱিকাহীন হৈ পৰিছে ৷ সমগ্ৰ মৰঙি অঞ্চলতেই দৈনিক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ গতিকে, এই ক্ষেত্ৰত নুমলীগড় শোধনাগাৰ কতৃৰ্পক্ষই নুমলীগড় শোধনাগাৰৰ সমীপৱৰ্তী বৃহত্তৰ মৰঙি অঞ্চলৰ প্ৰতি দায়বদ্ধতা উপলব্ধি কৰি ৰাইজৰ প্ৰাপ্যৰ দাবীসমূহ ১০ দিনৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ দাবী জনায় ৷

লগতে উল্লেখ কৰে যে, যদি নিৰ্ধাৰিত ১০ দিনৰ ভিতৰত ৰাইজৰ দাবীসমূহ কাৰ্যকৰী নকৰে নুমলীগড় শোধনাগৰৰ সমীপৱৰ্তী বৃহত্তৰ মৰঙি অঞ্চলৰ কৃষক ৰাইজে ওলাই আহি নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰ বন্ধ কৰিবলৈ বাধ্য হ’ব ৷ তেতিয়া যিকোনো পৰিস্থিতিৰ বাবে নুমলীগড় শোধনাগাৰ কতৃৰ্পক্ষ জগৰীয়া হ’ব বুলিও পিন্টু গগৈয়ে সকীয়াই দিয়ে ৷

আনহাতে ৰাইজৰ দাবীসমূহ হৈছে ক্ৰমে নুমলীগড় শোধনাগাৰৰ সমীপত বৃহত্তৰ মৰঙি মৌজাত বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত বাধ্যত পৰি খেতি এৰিব লগা হোৱা প্ৰতিটো পৰিয়ালক নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ জৰিয়তে প্ৰতিবিঘা মাটিৰ বিনিময়ত ১৫ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা ৷

ৰাইজৰ দাবীসমূহ
ৰাইজৰ দাবীসমূহ

হাতী-মানুহৰ সংঘাতৰ স্পৰ্শকাতৰ প্ৰতিখন গাঁৱত অতি কমেও ৩০টা উচ্চ ক্ষমতা সম্পন্ন সৌৰচালিত ষ্ট্ৰীট লাইট আৰু প্ৰতিখন গাঁৱত ৩০ টাকৈ উচ্চ ক্ষমতা সম্পন্ন লাইট দিয়াৰ ব্যৱস্থা কৰা ৷ নামবৰ বনাঞ্চল, দেওপাহাৰ, বিজুলী বনাঞ্চল আৰু বৃহত্তৰ মৰঙি মৌজাৰ অন্তৰ্গত বনবিভাগৰ সংৰক্ষিত অঞ্চল সমূহত হাতীৰ খাদ্য আৰু আশ্ৰয়স্থলৰ উপযোগী হোৱাকৈ বাঁহ, কলগছ, ঔটেঙা, ডিমৰু, নল- খাগৰি আদি ৰোপন কৰাৰ ব্যৱস্থা কৰি বনানিকৰণৰ ব্যৱস্থা কৰা ৷ বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত যিসকল দুৰ্ভগীয়া পৰিয়ালৰ ঘৰৰ আচবাব আৰু ঘৰ ভাঙিছে প্ৰতিটো পৰিয়ালক সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য শীঘ্ৰেই প্ৰদান কৰা ৷

প্ৰতিবাদকাৰীৰ একাংশ
প্ৰতিবাদকাৰীৰ একাংশ

নুমলীগড় শোধনাগাৰৰ সমীপৱৰ্তী বৃহত্তৰ মৰঙি মৌজাত বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত যিসমূহ পৰিয়ালে জীৱিকা হেৰুৱাইছে বিশেষকৈ সেই পৰিয়াল সমূহৰ বাবে নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে পশু-পক্ষী পালন, বয়নশিল্প আদিৰ জৰিয়তে স্বাৱলম্বী কৰাৰ ব্যৱস্থা কৰা তথা মৰঙি মৌজাৰ কৃষকসকলৰ খেতিপথাৰ বিজ্ঞানসন্মতভাৱে সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ৷

আৰু পঢ়কঃ নিবনুৱা যুৱকক ৰেলৱে কেন্টিন লিজত দিয়াৰ নামত টকা সংগ্ৰহ, প্ৰৱঞ্চকক আটক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in