/asomiyapratidin/media/media_files/2025/02/16/7Deuj9loMn3PIoivV7sj.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ চিকিৎসাধীন অৱস্থাত কলকতাত মৃত্যু হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়ৰ তত্বাৱধায়ক ড° তাৰানাথ দুৱৰাৰ মৃতদেহ শনিবাৰে বিয়লি ৩.৩০ বজাত বিমানযোগে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ অনা হয়।
তেওঁৰ নশ্বৰ দেহ বিমান বন্দৰৰ পৰা পোনে পোনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনলৈ নি বিশ্ববিদ্যালয়ৰ পৰিয়ালবৰ্গ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলে তেখেতৰ কৰ্মময় জীৱনক সুঁৱৰি বিশ্ববিদ্যালয়ৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰমশেষ ভট্টাচাৰ্য,অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দন শৰ্মা,অধ্যাপক শৰৎ কাকতি,বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সম্পাদক পংকজ দত্ত, বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ নিয়ন্ত্ৰণক ড° প্ৰশান্ত কাকতি, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষা
নিয়ন্ত্ৰণক অৰিনজিৎ হাজৰিকা উপস্থিত থাকে।
ইয়াৰোপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ সম্পাদক গুণদ্বীপ চেতিয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ বিষয়ববীয়া সকল, ডিব্ৰুগড় এম ডি কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অনুপজ্যোতি ভৰালী, নন্দলাল বৰগোহাঁই,চিটি মহাবিদ্যালয় ডিব্ৰুগড়ৰ অধ্যক্ষ ড° সঞ্জীবানন্দ বৰগোহাঁই, অৱসৰপ্ৰাপ্ত উপ-পঞ্জীয়ক ৰোহিনী বুঢ়াগোঁহাই, ড° জিতু ৰঞ্জন চেতিয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ বিতুপন চাংমাই, স্মৃতিধাৰা অসমৰ সভাপতি দিপক বৰ্মন,বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সন্থাৰ সভাপতি ডিমন বৰাৰ লগতে বিশ্ববিদ্যালয়ৰ বিষয়াববীয়া আৰু কৰ্মচাৰী সকলে উপস্থিত থাকে ৷
ইয়াৰ পিছতেই সন্ধিয়া ৬ বজাত তেওঁৰ ডিব্ৰুগড়ৰ বৰপথাৰস্থিত ভূলি চুকৰ তেওঁৰ গৃহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে অঞ্চলবাসী ৰাইজে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা পিছতেই সন্ধিয়া ৭ বজাত ডিব্ৰুগড় চিৰিংচাপৰিত অৱস্থিত শ্মশানস্থলিত তেখেতক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ৷