স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুসকলক সম্বৰ্ধনা...

ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিভাগৰ পদক্ষেপ

author-image
Asomiya Pratidin
New Update
স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুসকলক সম্বৰ্ধনা...

স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুসকলক সম্বৰ্ধনা

ডিজিটেল সংবাদ, নামৰূপঃ ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিভাগৰ পদক্ষেপ। স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুসকলক সম্বৰ্ধনা। ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ  উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত "আজাদী কা অমৃত মহোৎসৱ,২০২২"উদযাপন কৰা হয়।

Advertisment

ডিব্ৰুগড় জিলা অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসে সভাপতিত্ব কৰা সভাত  স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত ক্ষণত জিলাখনৰ কেইবাগৰাকীও মুক্তি যুঁজাৰুক সম্বৰ্ধনা জনোৱা হয়। তেওঁলোকৰ অবৰ্তমানত পৰিয়ালৰ লোকক এই সম্বৰ্ধনা  প্ৰদান কৰা হয়।

জিলাখনৰ তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধা ৰাণী দাসে আঁত ধৰা অনুষ্ঠানটিত অতিৰিক্ত উপায়ুক্তই মুক্তি যুঁজাৰু পৰিয়ালসহ অসম মুক্তি যুঁজাৰু সন্মিলন,ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি, সম্পাদক, সহকাৰী সম্পাদকসকলক ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত স্বাধীনতা আন্দোলনৰ প্ৰয়াত মুক্তি যুঁজাৰু নুৰুল হুদাৰ পুত্ৰ আলফাৰিড মইনুল হুদা ,অসম মুক্তি যুঁজাৰু সন্মিলন,ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জ্যোতি শংকৰ চলিহা, সম্পাদক  লোকেশ্বৰ বৰা, আৰু মুক্তি যুঁজাৰু প্ৰয়াত নিৰ্মল বৰা পুত্ৰ দেৱজিৎ বৰা  উপস্থিত থাকে।

সভাত আলোচনা চক্ৰৰ‌ মূল বিষয়বস্তু স্বাধীনতা আন্দোলনৰ অখ্যাত নায়কসকল  যিসকলে  স্বাধীনতা আন্দোলনত নিজৰ জীৱন আহুতি দিবলৈ কুণ্ঠাবোধ নকৰা বহুতো অখ্যাত দেশ প্ৰেমিকৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত মুক্তি যুঁজাৰু সন্মিলনৰ  গৃহ নিৰ্মাণৰ বাবে ভূমি   যোগাৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

আৰু পঢ়কঃ ঢকুৱাখনাত পঞ্চ শ্বহীদক সশ্ৰদ্ধ স্মৰণ...

dibrugarh District Information and Public Relations Department