ঢকুৱাখনাত পঞ্চ শ্বহীদক সশ্ৰদ্ধ স্মৰণ...

ঢকুৱাখনাত পঞ্চ শ্বহীদক সশ্ৰদ্ধ স্মৰণ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পঞ্চ শ্বহীদক সশ্ৰদ্ধ স্মৰণ...

ঢকুৱাখনাত পঞ্চ শ্বহীদক সশ্ৰদ্ধ স্মৰণ...

ডিজিটেল সংবাদ ঢকুৱাখনা: নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰী স্তাৱক বাহিনীৰ নিৰ্মম গুলী চালনাত মৃত্যুবৰণ কৰা পঞ্চ শ্বহীদৰ সশ্ৰদ্ধ স্মৰণেৰে সোমবাৰে ঢকুৱাখনাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢকুৱাখনা নগৰৰ মাজ মজিয়াত পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত ধূপ, বন্তি প্ৰজ্বলন কৰি স্বদেশ আৰু স্বজাতিৰ অস্তিত্ব ৰক্ষাৰ হেতু 'কা' বিৰোধী সংগ্ৰামত প্ৰাণাহুতি দিয়া শ্বহীদৰ আত্মাৰ চিৰ শান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনাই ।

Advertisment

ঢকুৱাখনা আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা তথা ঢকুৱাখনা মহকুমা ছাত্র সন্থাৰ সহকাৰী সম্পাদক মৃগাংক দত্ত, ঢকুৱাখনা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি দত্ত ,উপ-সভাপতি ৰাজ বৰা, লক্ষ্য দাস, কৌশিক দাস, বিত্ত সম্পাদক নৱ জ্যোতি গগৈৰ লগতে ঢকুৱাখনা আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে শ্বহীদ ভৱনৰ শ্বহীদ বেদীতো বন্তি প্ৰজ্বলন কৰা হয়।

ক্লিক কৰি পঢ়কঃ ব্ৰাজিললৈ কোনে নিছিল ফুটবল? ছাম্বাই দিছিল সমস্যাৰ সমাধান...

ঢকুৱাখনা পঞ্চ শ্বহীদ