
ডিজিটেল সংবাদ, নামৰূপঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় প্ৰেছ ক্লাৱ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সহযোগত ডিব্ৰুগড় গ্ৰাম্য উন্নয়ন প্ৰাধিকৰণৰ জাগৃতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধা দাসে আঁত ধৰা অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰে অতিৰিক্ত উপায়ুক্ত ড০ মনিকা বৰাই।
'ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা' শীর্ষক আলোচনা চক্রত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰ্মযোগী ড০ শশীকান্ত শইকীয়া, সাংবাদিক,লেখক, সমাজকৰ্মী সুমন দত্ত। অনুষ্ঠানত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়া উপস্থিত থকাৰ লগতে বহুমূলীয়া বক্তব্য আগবঢ়ায়।
অনুষ্ঠানত সমল ব্যক্তি হিচাপে ড০ শশীকান্ত শইকীয়াই কয়, বৰ্তমান বিশ্ব সাংবাদিকতা বহু উচ্চ মানৰ। বিশ্ব সাংবাদিকতাৰ লগত সমানে আগবাঢ়িবলৈ হ'লে আমি গতি সলনি কৰি দৌৰিব লাগিব। লগতে কয়, বৰ্তমান পৰ্টেল সমূহত অসম্পাদিত ৰূপত বা বাতৰি সমূহ প্ৰচাৰ কৰাটো অতি অশুভ লক্ষণ। মানুহ কায়িক, মানসিকভাৱে সদা সম্পাদিত ৰূপতহে নিজক উপস্থাপন কৰে তেনেস্থলত বাতৰি সমূহ অসম্পাদিত ৰূপত প্ৰচাৰ কৰাটো অযুক্তিকৰ বুলি প্ৰসংগত উল্লেখ কৰে। ঋণাত্মক খবৰ প্ৰচাৰ কৰি টি আৰ পি গোটোৱাতকৈ ভাল খবৰ প্ৰচাৰ কৰিহে টি আৰ পি ল'বলৈ চেষ্টা কৰা উচিত। আনহাতে সাংবাদিকতাৰ ব্যাকৰণ জনাটো বাধ্যতামূলক বুলি বক্তব্যত উল্লেখ কৰে ড০ শইকীয়াই।
উপায়ুক্ত বিশ্বজিৎ পেগুৱে বক্তব্যত সাংবাদিকৰ স্বাধীনতা আৰু অধিকাৰ সঠিক ৰূপত ব্যৱহাৰৰ আহ্বান জনোৱাৰ লগতে কেৱল ৰাজনৈতিক, অৰ্থনৈতিক বাতৰিতে লাগি নাথাকি সমানে খেল-ধেমালি, সাংস্কৃতিক আদি বিষয়বোৰো সাঙুৰি ল'বলৈ পৰামৰ্শ দিয়ে।
সভাত অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰাই কয়, " সাংবাদিকৰ মুখ বন্ধ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ সপোন দেখাটো অযুক্তিকৰ । ৰাষ্ট্ৰ নিৰ্মাণত সহায়ক হোৱাৰ কামনাৰে সাংবাদিকে চৰকাৰ অথবা সমাজৰ ভুল ক্ৰুটি সমূহ আঙুলিয়াই দিয়ে। অৰ্থাৎ সাংবাদিকে সদায় দায়বদ্ধতাৰ ভূমিকা পালন কৰি আহিছে আৰু অনাগত দিনটো কৰো যাব বুলি মন্তব্য কৰে।
জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই বক্তব্যত কয় যে, জিলা প্ৰশাসনে অইল ইণ্ডিয়া আদি প্ৰতিষ্ঠানৰ সহযোগত যোগ্য সাংবাদিকক সময়ে সময়ে ফেলশ্বিপ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। উক্ত অনুষ্ঠানতে জিলাখনৰ কেইবাজনো সাংবাদিকক জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰসহ ফুলাম গামোচাৰে সন্মান জনায়। লগতে সভাত উপস্থিত থকা জিলা খনৰ তিনিগৰাকী মহিলা সাংবাদিকক গামোচা পিন্ধাই সন্মানিত কৰে জিলা উপায়ুক্ত গৰাকীয়ে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুকুৰি সংবাদিক উপস্থিত থাকি অনুষ্ঠানটি সফল কৰি তোলে।
আৰু পঢ়কঃ বিধানসভাত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ সমস্যা উত্থাপন কৰিবলৈ বিধায়কক সাক্ষাৎ