বিধানসভাত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ সমস্যা উত্থাপন কৰিবলৈ বিধায়কক সাক্ষাৎ

বিধানসভাত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ সমস্যা উত্থাপন কৰিবলৈ বিধায়কক সাক্ষাৎ
বিধানসভাত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ সমস্যা উত্থাপন কৰিবলৈ বিধায়কক সাক্ষাৎ

ডিজিটেল সংবাদ বটদ্ৰৱাঃ সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ এটা সজাতী দলে গুৱাহাটীৰ দিছপুৰ বিধায়ক আৱাস ভৱনলৈ গৈ জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামক সাক্ষাৎ কৰে। অহা ২০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম বিধান সভাৰ বাজেট অধিবেশনত নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ ন্যায়ৰ বাবে প্ৰশ্ন উত্থাপন কৰিবলৈ হাফিজ ৰফিকুল ইছলামক আহ্বান জনাই।

উল্লেখ্য যে, নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল আৰু টিউটৰসকল একে আইনৰ আওতাত থকাৰ পাছতো, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু টিউটৰসকলক সমহাৰত দৰমহা দিয়া নাই। আনহাতে চলিত বৰ্ষৰ ১৪ ছেপ্টেম্বৰ পৰাহে দৰমহাৰ পাব বুলি চৰকাৰে ঘোষণা কৰা পাছত জাঙুৰ খাই উঠিছে সদৌ অসমৰ নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থা।

এই সমগ্ৰ সমস্যাখিনি অহা ২০ নৱেম্বৰত অসম বিধানসভা বাজেট অধিবেশনত লিখিত আৰু মৌখিক ভাৱে অসম বিধান সভাৰ অধ্যক্ষৰ সন্মুখত উপস্থান কৰি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি সমস্যাটো সমাধান কৰিবৰ বাবে জনীয়া সমষ্টিৰ বিধায়কগৰাকীক আজি সন্থাৰ তৰফৰ পৰা অনুৰোধ কৰি স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

আজিৰ কাৰ্য্যসূচীত সদৌ অসমৰ নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সম্পাদক মহিদুল কবিৰৰ লগতে কেইবাগৰাকী সদস্যই অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in