/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/894f1092-d27c-4f6d-9bde-595905ae4f5b/mural_1.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে মঙলদৈত আন আন কাৰ্যসূচীৰ লগতে দেৱাল অংকন কৰা দেখা যায়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত চিত্ৰ শিল্পী হিতেশ হাজৰিকাৰ নেতৃত্বত মঙলদৈ চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুসৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দেৱালত লাচিত বৰফুকনৰ বিৰত্বমূলক চিত্ৰ অংকন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f89643c1-7677-40a1-a2c1-e6243f984a71/mural_2.jpg)
চিত্ৰশিল্পী হিতেশ হাজৰিকাই বৰ্তমানলৈকে বহু চিত্ৰ শিল্প,কংক্ৰিতৰ মূৰ্তি, দেৱাল লিখনৰ কাম কৰিছে যদিও জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে বীৰ গৰাকীৰ চিত্ৰ অংকন কৰি বহু সুখ অনুভৱ কৰিছে বুলি মন্তব্য কৰে। কিয়নো এই চিত্ৰ অংকন জৰিয়তে জাতীয় বীৰ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে জনসাধাৰণক বীৰ গৰাকীক চিনাকি কৰাই দিয়াৰ এক সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে চিত্ৰ শিল্পী হিতেশ হাজৰিকাই দৰং জিলা প্ৰশাসনক ধন্যবাদ জনায়। বীৰ গৰাকীৰ চিত্ৰৰে দেৱাল অংকন কাৰ্যসূচীত চিত্ৰ শিল্পী হিতেশ হাজৰিকাক সহায় কৰে চিত্ৰ শিল্পী গৌতম বৰুৱা, প্ৰল্লৱ চহৰীয়া, অসীম ৰয় আৰু দীপাঙ্কৰ বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/31916557-6ef5-49a5-8fd9-9eada040cc4b/mural_3.jpg)
মহাবীৰ লাচিত বৰফুকনৰ মহান ত্যাগ আৰু বীৰত্বৰ প্ৰতিফলিত হোৱা দেৱাল অংকন এই পদক্ষেপক জনসাধাৰনে প্ৰশংসা কৰে।
আৰু পঢ়ক : অসম আৰক্ষীৰ ৬০ গৰাকী বিষয়ালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ 'অতি উৎকৃষ্ট সেৱা পদক'...