অসম আৰক্ষীৰ ৬০ গৰাকী বিষয়ালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ 'অতি উৎকৃষ্ট সেৱা পদক'...

অসম আৰক্ষীৰ ৬০ গৰাকী বিষয়ালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ 'অতি উৎকৃষ্ট সেৱা পদক'...

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিলে ২০২২ বৰ্ষৰ আৰক্ষীৰ 'অতি উৎকৃষ্ট সেৱা পদক' আৰু 'পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক' । ইয়াৰে ৬০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে অতি উৎকৃষ্ট সেৱা পদক, আন ৬০ গৰাকী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আৰু ৫০০ গৰাকী বিষয়ালৈ আগবঢ়োৱা হৈছে পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক ।     

অতি উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষী বিষয়া সকলৰ অন্যতম হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক-প্ৰধান ৱাই ভি কৃষ্ণ, মুন্না প্ৰসাদ গুপ্তা, হীৰেন চন্দ্ৰ নাথ, ডেপুটী ইন্সপেক্টৰ জেনেৰেল ইমদাদুল হুছেইন বৰা আদি ।

উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষীসকলৰ ভিতৰত আছে মুছলেহউদ্দিন আহমেদ, পি টি চিৰ অধ্যক্ষ দেৱাশিস শৰ্মা, এ আই জি লংনিট তেৰাং, এ আই জি জয়ন্ত সাৰথি বৰা, এ এছ পি মৃণাল ডেকা, এ এছ পি উজ্জ্বলপ্ৰতিম বৰা, এ এছ পি অমিতাভ বসুমতাৰী আদি ।

আনহাতে, 'পুলিচ আন্তৰিক সুৰক্ষা সেৱা পদক' লাভ কৰা আৰক্ষী বিষয়া সকলৰ অন্যতম হৈছে অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ সঞ্চালক-প্ৰধান এছ এন সিং, আই জি পি অনুৰাগ আগৰৱালা, এ আই জি ধনঞ্জয় পৰশুৰাম ঘনৱাট, এ আই জি অমনজিৎ কৌৰ  আদি ।   

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই পদকৰ প্ৰচলন কৰিছিল ২০১৮ বৰ্ষৰ পৰা । অসম আৰক্ষীত কৰ্মৰত বিষয়া সকলৰ একনিষ্ঠ সেৱাৰ বাবে তথা মনোবল বৃদ্ধি কৰি পৰৱৰ্তী সময়ত আৰু অধিক তৎপৰতাৰে সেৱা আগবঢ়াবলৈ প্ৰদান কৰি অহা হৈছে এই বঁটা ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in