Assam's War Hero Lachit Borphukan: থোৰতে বীৰ লাচিত বৰফুকন

 Assam's War Hero Lachit Borphukan: থোৰতে বীৰ লাচিত বৰফুকন

ডিজিটেল ডেস্ক : Assam's War Hero Lachit Borphukan: অসমৰ ইতিহাসত জিলিকি থকা বীৰ যোদ্ধাসকলৰ ভিতৰত অন্যতম বীৰ লাচিত বৰফুকন।লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটোত ৰাজ্যজুৰি লাচিত দিৱস হিচাপে পালন কৰা হয়। 

বীৰ লাচিত বৰফুকনৰ জন্মসূত্ৰে নাম আছিল লা-চিত৷তেওঁৰ জন্ম বিষয়ে সঠিক তথ্য পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰত আহোম ৰাজধানী গড়গাঁৱত তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়।তেওঁৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা মাতৃৰ নাম আছিল নাগেশ্বৰী।

ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল।এইগৰাকী বীৰে দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰেই লাভ কৰিছিল।লাচিত আহোমসকলৰ বিখ্যাত ফৈদ লান ফিমা বংশৰ আছিল। তেওঁৰ দেউতাক আছিল ম'-ছাই চেং কালুক আৰু লাচিত আছিল ম'-ছাইৰ সপ্তম পুত্ৰ।তেওঁৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও,ভগ্নীৰ নাম লাইছেং।লান ফিমা ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।

অপাৰ কষ্টসাধনৰ শক্তি আৰু মনত থকা অদম্য সাহসৰ বাবে আহোম ৰাজ্যৰ সেনাপতি পদত অধিষ্ঠত হৈছিল লাচিত বৰফুকন।কিন্তু তেওঁ পোন প্ৰথমেই সেনাপতি হোৱা নাছিল।প্ৰথমতে তেওঁ সেইসময়ৰ ৰাজমন্ত্ৰীৰ ‘হাঁচতিধৰা তামুলী’ পদত নিযুক্তি হৈছিল।এই পদত নিযুক্ত হৈয়ে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকনে।ইয়াৰ পাছতে তেওঁ নিযুক্তি পাইছিল ‘ঘোঁৰাবৰুৱাৰ’ পদত।এই সময়ছোৱাতে তেওঁ বহু কেইটা দুৰ্দান্ত ঘোঁৰা বশ কৰি তেওঁৰ সাহসিকতাৰ প্ৰমাণ দিছিল।ইয়াৰ পাছত আহোম ৰজাই লাচিত বৰফুকনক ‘দুলীয়া বৰুৱা’ পদবীত নিযুক্তি দিছিল।ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰীয়া খেলৰ প্ৰধান বিষয়া ‘শিমলুগুৰীয়া ফুকন’ৰ পদবীত।এই পদবীৰ পাছত তেওঁ নিযুক্তি হৈছিল দোলাকাষৰীয়া বৰুৱা হিচাপে।সেই সময়তে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা,সাহসীকতা আৰু আত্মমৰ্যদাবোধৰ উমান পায় তেওঁক আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত নিযুক্তি দিয়ে।

লাচিত বৰফুকনে সেনাপতি দায়িত্ব লৈয়ে আলাবৈৰ ৰণৰ দায়িত্ব লবলগীয়া হৈছিল।আলাবৈৰ ৰণ আহোম আৰু মোগল সেনাৰ মাজত হোৱা এখন উল্লেখনীয় যুদ্ধ। ১৬৬৯ চনৰ ৫ আগষ্টত বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল।আলাবৈ ৰণৰ কিছুদিনৰ পিছতেই হৈছিল শৰাইঘাট যুদ্ধ। আলাবৈৰ ৰণক অসমৰ ইতিহাসৰ এক ক'লা অধ্যায় বুলি গণ্য কৰা হয়। এই যুদ্ধতেই আহোম সেনাই বৰ দুবিধাজনক পৰিস্থিতিৰ মাজেৰে যুঁজ দিব লগীয়া হৈছিল। সেনাপতি লাচিত বৰফুকনৰ বিৰোধিতাৰ পাছতো স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ আদেশ অমান্য কৰিব নোৱাৰি যুদ্ধত অৱতীৰ্ণ হৈ একেদিনাই ১০,০০০ অসমীয়া সেনাই মৃত্যুবৰণ কৰিব লগীয়া হৈছিল।আলাবৈৰ ৰণৰ পৰিণামে সেইসময়ৰ আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহক ইমানেই ব্যথিত কৰি তুলিছিল যে পৰাজয়ৰ মানসিক পীড়া সহ্য কৰিব নোৱাৰি যুদ্ধৰ কেইমাহমানৰ পাছতেই তেওঁ ইহলীলা সম্বৰণ কৰিছিল।

১৬৭১ চনত সংঘটিত হৈছিল ইতিহাসৰ অন্যতম উল্লেখনীয় শৰাইঘাট যুদ্ধ।এই যুদ্ধ মোগল আৰু আহোমৰ মাজত সংঘটিত হৈছিল।এই যুদ্ধত মোগল সৈন্যক নেতৃত্ব দিছিল ৰামসিংহই আৰু আহোম সৈন্যক প্ৰতিনিধিত্ব কৰিছিল লাচিত বৰফুকনে।এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলঙৰ সমীপত হৈছিল। এই যুদ্ধৰ সময়ত মোগল সৈন্যৰ সন্মুখত আহোম সৈন্য দুৰ্বল আছিল যদিও  বহু কৌশলৰে আহোমে মোগলক পৰাস্ত কৰিছিল। মোগলৰ নৌ-সেনা দুৰ্বল আছিল আৰু আহোম সৈন্যই ইয়াৰেই উচিত সুবিধা গ্ৰহণ কৰিছিল।শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকন শাৰিৰীক ভাৱেও সুস্থ নাছিল।

এই যুদ্ধৰ দ্বাৰাই মোগলে অন্তিমবাৰৰ বাবে অসমলৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ প্ৰচেষ্টা কৰিছিল। পিছলৈ মোগলে গুৱাহাটী অধিকাৰ কৰিছিল যদিও ১৬৮২ চনত আহোমে গুৱাহাটীখন নিজৰ অধীনলৈ আনে। তাৰ পিছৰ পৰাই আহোমৰ ৰাজত্ব শেষ হোৱালৈকে অসমক নিজৰ অধীনত ৰাখে।

শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ অতিপাত জ্বৰ হৈছিল আৰু সেই জ্বৰেই তেওঁৰ প্ৰাণ কাঢ়িছিল।মহান বীৰ জনাৰ স্মৃতিত চাওফা উদয়াদিত্য সিঙে যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত "লাচিত মৈদাম" নিৰ্মাণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in